ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

আদানিৰ কোম্পানীত ৪৮,০০০ কোটি টকা বিনিয়োগ এল আই চিৰ : সংসদত সৈ কাঢ়িলে চৰকাৰে

নৰেন্দ্ৰ মোদী চৰকাৰে আদানি গোষ্ঠীক আৰ্থিকভাৱে সহায় কৰাৰ ধাৰাবাহিক অভিযোগৰ মাজতে কেন্দ্ৰই সংসদত স্বীকাৰ কৰিছে যে ৰাষ্ট্ৰীয় বীমা সংস্থা লাইফ ইন্স্যুৰেন্স কৰ্পোৰেচন (LIC)-এ আজিলৈকে আদানি গোটৰ বিভিন্ন প্ৰতিষ্ঠানত মুঠ ৪৮,২৮৪.৬২ কোটি টকা বিনিয়োগ কৰিছে।

এই বিনিয়োগৰ ভিতৰত ৩৮,৬৫৮.৮৫ কোটি টকা শ্বেয়াৰ বজাৰত আৰু ৯,৬২৫.৭৭ কোটি টকা ঋণ হিচাপে দিয়া হৈছে। ইয়াৰ উপৰিও, এল আই চি-এ শেহতীয়াকৈ আদানি প’ৰ্টছ এণ্ড স্পেচিয়েল ইক’নমিক জ’ন (APSEZ)-ৰ নিৰাপদ NCD-ত অতিৰিক্ত ৫,০০০ কোটি টকা বিনিয়োগ কৰিছে।

এই তথ্য কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত এক লিখিত প্ৰশ্নৰ উত্তৰত দাখিল কৰে। অৱশ্যে, এল আ চি-এ কোন কোন ব্যক্তিগত কোম্পানীত বিনিয়োগ কৰিছে, তাৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰিবলৈ চৰকাৰে অস্বীকাৰ কৰিছে। কেন্দ্ৰই জনাইছে—এই তথ্য প্ৰকাশ কৰা “বাণিজ্যিকভাৱে যুক্তিসংগত নহয়” আৰু ই এল আই চি-ৰ বিত্তীয় স্বাৰ্থত আঘাত হানিব পাৰে।

কংগ্ৰেছ সাংসদ মহম্মদ জাৱেদ আৰু তৃণমূল সাংসদ মহুৱা মৈত্ৰাই এল আই চি-ৰ এই বিনিয়োগৰ নিয়ন্ত্ৰণ, স্বচ্ছতা, বিপদাশংকা মূল্যায়ন আৰু চৰকাৰৰ সম্ভাৱ্য হস্তক্ষেপ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁলোকৰ দাবী—আদানি গোটৰ বিৰুদ্ধে চলি থকা তদন্ত আৰু বজাৰৰ অস্থিৰতাৰ মাজত এল আই চি-ৰ এনে বৃহৎ বিনিয়োগে পলিচিধাৰীসকলৰ ধন বিপদত পেলাইছে।

চৰকাৰে অৱশ্যে দাবী কৰিছে যে এল আই চি-ৰ বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্তসমূহ স্বতন্ত্ৰ, আৰু বিত্ত মন্ত্ৰালয়ৰ পৰা কোনো নিৰ্দেশ বা পৰামৰ্শ দিয়া হোৱা নাছিল। কেন্দ্ৰই কয় যে LIC-এ Insurance Act, 1938, লগতে IRDAI, RBI আৰু SEBI-ৰ নিয়মাৱলী অনুসৰি নিজৰ বিনিয়োগসমূহ কৰে।

কিন্তু চৰকাৰে বিৰোধীৰ অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰিব পৰা নাই, কিয়নো মাত্ৰ দুমাহ পূৰ্বে ৱাশ্বিংটন পোষ্টৰ এক অনুসন্ধানমূলক প্ৰতিবেদনত দাবী কৰা হৈছিল যে বিত্ত মন্ত্ৰালয়, DFS, নীতি আয়োগ আৰু এল আই চি-এ মিলি আদানি গোটৰ বাবে এক বিত্তীয় “ৰহস্যময় পৰিকল্পনা” তৈয়াৰ কৰিছিল। এই পৰিকল্পনাৰ জৰিয়তে এল আই চি-এ এককভাৱে আদানি প’ৰ্টছৰ ৫৮৫ নিযুত ডলাৰৰ বণ্ড ইছ্যুৰ বাবে পুঁজি যোগান ধৰিছিল।

সংসদত দাখিল কৰা তথ্য অনুসৰি, এল আই চি-এ বৰ্তমান আদানিয়ে নিয়ন্ত্ৰণ কৰা সাতটা প্ৰতিষ্ঠান—আদানি এণ্টাৰপ্ৰাইজেছ, আদানি টোটাল গেছ, আদানি গ্ৰীণ এনাৰ্জি, আদানি এনাৰ্জি ছলিউচনছ, আদানি প’ৰ্টছ এণ্ড SEZ, অম্বুজা চিমেণ্ট আৰু ACC—ত বিনিয়োগ বৰ্তাই ৰাখিছে। চৰকাৰে জনাইছে যে এল আই চি-এ মূলতঃ NSE আৰু BSE-ৰ শীৰ্ষ ৫০০ কোম্পানীত বিনিয়োগ কৰে, আৰু Nifty-50 কোম্পানীত LIC-ৰ মুঠ বিনিয়োগ বৰ্তমান ৪,৩০,৭৭৬.৯৭ কোটি টকা, যি তেওঁলোকৰ মুঠ ইক্যুইটি বিনিয়োগৰ প্ৰায় ৪৬%।

চৰকাৰে দাবী কৰিছে যে এল আই চি-ৰ সকলো বিনিয়োগ নিয়মীয়াকৈ অডিট, নিৰীক্ষণ আৰু তদাৰকীৰ মাজেৰে হয়, আৰু ইয়াত চৰকাৰৰ পোনপটীয়া কোনো নিৰীক্ষণ বা নিৰ্দেশনা নাই।

অৱশ্যে, বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে যদি বিনিয়োগ স্বতন্ত্ৰ হয়, তেন্তে বিনিয়োগৰ সম্পূৰ্ণ তালিকা কিয় প্ৰকাশ কৰা হোৱা নাই? তদুপৰি, তদন্তৰ আওতাত থকা এটা বিতৰ্কিত কৰ্পোৰেট গোটত ৰাষ্ট্ৰীয় বীমা সংস্থাৰ ইমান বৃহৎ বিনিয়োগে জনসাধাৰণৰ সঞ্চয়ক বিপদত পেলাইছে নেকি?