অনলাইন বেটিং আৰু জুৱা এপৰ জৰিয়তে বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰি বিলাসী জীৱন অতিবাহিত কৰা উত্তৰ প্ৰদেশৰ উন্নাওৰ এজন জনপ্ৰিয় ইউটিউবাৰ এতিয়া কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ জালত পৰিছে। অনুৰাগ দ্বিবেদী নামৰ এই ইউটিউবাৰজনৰ ঘৰত শেহতীয়াকৈ ইডিয়ে তালাচী চলাই তেওঁৰ অবৈধ সাম্ৰাজ্যৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ আনিছে।
উত্তৰ প্ৰদেশৰ উন্নাওৰ বাসিন্দা অনুৰাগ দ্বিবেদীৰ বাসগৃহত ইডিয়ে অভিযান চলাই চাৰিখন অতি দামী বিলাসী গাড়ী জব্দ কৰে। জব্দ কৰা গাড়ীসমূহৰ ভিতৰত আছে এখন লেমবৰগিনি উৰুছ, এখন বিএমডব্লিউ জেড৪, এখন মাৰ্চিডিজ বেঞ্জ আৰু আন এখন হাই-এণ্ড মডেলৰ গাড়ী। এই গাড়ীসমূহৰ গেৰেজ দেখিলে যিকোনো লোকৰে চকু কপালত উঠিব। তদন্তকাৰী সংস্থাটোৰ মতে, এই সকলোবোৰ সম্পত্তি অবৈধ অনলাইন জুৱা আৰু বেটিং এপৰ পৰা হোৱা উপাৰ্জনেৰে ক্ৰয় কৰা হৈছিল।
ইডিয়ে চলোৱা তদন্তত প্ৰকাশ পাইছে যে দ্বিবেদীয়ে স্কাই এক্সচেঞ্জৰ দৰে বিভিন্ন অনলাইন জুৱা এপৰ জৰিয়তে ধন উপাৰ্জন কৰিছিল। ভাৰতত যিহেতু অনলাইন বেটিং এক অবৈধ কাৰ্যকলাপ, গতিকে এই এপসমূহৰ পৰা অহা টকাৰ মূল উৎস লুকুৱাবলৈ তেওঁ বিভিন্ন পদ্ধতি অৱলম্বন কৰিছিল।
তদন্তৰ পৰা জানিব পৰা গৈছে যে:
তেওঁ নিজৰ ইউটিউব চেনেলৰ জৰিয়তে এই অবৈধ বেটিং এপসমূহৰ প্ৰচাৰ চলাইছিল।
এই প্ৰচাৰৰ ফলত বৃহৎ সংখ্যক যুৱক-যুৱতী এই এপসমূহৰ প্ৰতি আকৰ্ষিত হৈছিল।
হাৱালা অপাৰেটৰ আৰু বেআইনী বেংক একাউণ্টৰ (Mule Accounts) সহায়ত অবৈধ ধনৰ লেনদেন কৰা হৈছিল।
উপাৰ্জন কৰা ক’লা ধন বৈধ দেখুৱাবলৈ তেওঁ নিজৰ কোম্পানী আৰু পৰিয়ালৰ সদস্যৰ বেংক একাউণ্ট ব্যৱহাৰ কৰিছিল।
কেৱল ভাৰততে নহয়, অনুৰাগ দ্বিবেদীৰ এই অবৈধ কাৰ্যকলাপৰ শিপা ডুবাইলৈকে বিস্তৃত আছিল। ইডিৰ সূত্ৰই জনোৱা মতে, ডুবাইৰ পৰা পৰিচালিত অবৈধ বেটিং ৱেবছাইটসমূহৰ সুবিধা প্ৰদান কৰি তেওঁ যি ধন লাভ কৰিছিল, তাৰে ডুবাইত বহু স্থাৱৰ সম্পত্তি ক্ৰয় কৰিছিল। এই সকলোবোৰ লেনদেন হাৱালাৰ জৰিয়তে সম্পন্ন কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে।
এই সমগ্ৰ ঘটনাৰ সূত্রপাত হৈছিল পশ্চিমবংগ আৰক্ষীৰ এক তদন্তৰ পৰা। শিলিগুৰিত আৰক্ষীয়ে চলোৱা তালাচীত সোণু কুমাৰ ঠাকুৰ আৰু বিশাল ভৰদ্বাজ নামৰ দুজন অভিযুক্তক আটক কৰা হৈছিল। তেওঁলোকে টেলিগ্ৰাম চেনেল আৰু ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰি অনলাইন জুৱাৰ নেটৱৰ্ক চলাই আছিল, য’ত অনুৰাগ দ্বিবেদীয়ে সক্ৰিয় ভূমিকা পালন কৰিছিল।
ইডিয়ে এতিয়া ধন সৰবৰাহ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত গোচৰ ৰুজু কৰি এই নেটৱৰ্কৰ গভীৰলৈ যোৱাৰ চেষ্টা কৰিছে। অনাগত দিনত এই চক্ৰটোৰ সৈতে জড়িত আৰু অধিক ব্যক্তিৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা আছে। লগতে দ্বিবেদীৰ অধিক সম্পত্তি জব্দ কৰাৰ বাবেও ইডিয়ে প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
