ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

আৰএছএছ-ৰ গীত গাবলৈ অমান্তি হোৱাত বাতিল বৰদিনৰ উদযাপন! কৰ্মচাৰীক ‘শাস্তি’ দিয়াৰ অভিযোগ, কিন্তু ক’ত?

দেশৰ ধৰ্মনিৰপেক্ষ গাঁথনিৰ ওপৰত আঘাত হানি কেৰালাৰ ডাক বিভাগত এক নজিৰবিহীন ঘটনা সংঘটিত হৈছে। চৰকাৰী কাৰ্যালয়ত ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ নামত এক নিৰ্দিষ্ট ৰাজনৈতিক আদৰ্শ জাপি দিবলৈ কৰা প্ৰচেষ্টাই এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। অভিযোগ উঠিছে যে, ডাক বিভাগৰ কৰ্মচাৰীসকলে বৰদিনৰ কাৰ্যসূচীত আৰ এছ এছৰ গীত (গণগীতম) গাবলৈ অস্বীকাৰ কৰাৰ বাবেই বিভাগীয় কৰ্তৃপক্ষই সমগ্ৰ অনুষ্ঠানটোৱেই বাতিল কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, কেৰালা সংমণ্ডলৰ ডাক বিভাগত ১৮ ডিচেম্বৰত আনুষ্ঠানিকভাৱে বৰদিন উদযাপনৰ আয়োজন কৰা হৈছিল। কিন্তু অভিযোগ উঠিছে যে, আৰ এছ এছৰ ভাতৃ সংগঠন ভাৰতীয় মজদুৰ সংঘৰ সৈতে জড়িত ডাক কৰ্মচাৰী ইউনিয়নে এই অনুষ্ঠানত আৰ এছ এছৰ গীত আৰু গণপতি স্তুতি অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছিল।

যেতিয়া একাংশ কৰ্মচাৰীয়ে চৰকাৰী কাৰ্যালয়ৰ দৰে ধৰ্মনিৰপেক্ষ স্থানত এনে আদৰ্শ জাপি দিয়াৰ বিৰোধিতা কৰে আৰু গান গাবলৈ অস্বীকাৰ কৰে, তেতিয়া প্ৰশাসনে কোনো বিকল্প সমাধান উলিওৱাৰ পৰিৱৰ্তে সমগ্ৰ বৰদিনৰ কাৰ্যসূচীয়েই বাতিল কৰাৰ সিদ্ধান্ত লয়।

ডাক বিভাগৰ এই হঠকাৰী সিদ্ধান্তক সচেতন মহলে একপ্ৰকাৰৰ মানসিক হাৰাশাস্তি হিচাপে অভিহিত কৰিছে। চিপিআই(এম)ৰ সাংসদ জন ব্ৰিটাছে এই সন্দৰ্ভত কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ অভিযোগ কৰিছে যে, চৰকাৰী কাৰ্যালয়সমূহ কোনো ৰাজনৈতিক বা আদৰ্শগত সংগঠনৰ মঞ্চ হব নোৱাৰে। কৰ্মচাৰীসকলৰ ধৰ্মীয় স্বতন্ত্ৰতাত হস্তক্ষেপ কৰি তেওঁলোকক এক বিশেষ আদৰ্শৰ গান গাবলৈ বাধ্য কৰাটো অসাংবিধানিক।

এজন কৰ্মচাৰীৰ দেশপ্ৰেম কোনো নিৰ্দিষ্ট সংগঠনৰ গান গোৱাৰ ওপৰত নিৰ্ভৰ নকৰে, বৰঞ্চ সংবিধানৰ প্ৰতি থকা আনুগত্যৰ ওপৰতহে নিৰ্ভৰ কৰে। উদযাপন বাতিল কৰি প্ৰশাসনে কেৱল কৰ্মচাৰীসকলক অপমান কৰাই নহয়, বৰঞ্চ এক বিশেষ সাম্প্ৰদায়িক শক্তিৰ ওচৰত আঠু লৈছে।

এই ঘটনাই কেৰালাৰ দৰে এখন ধৰ্মীয় সম্প্ৰীতি থকা ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সাধাৰণ কৰ্মচাৰীসকলৰ মাজত এতিয়া এক শংকা আৰু ক্ষোভৰ পৰিৱেশে বিৰাজ কৰিছে। বহুতে অভিযোগ কৰিছে যে চৰকাৰী বিভাগবোৰক এতিয়া গেৰুৱা কৰিবলৈ ষড়যন্ত্ৰ কৰা হৈছে নেকি, যাৰ জৰিয়তে ভিন্ন মত পোষণ কৰা বা নিজৰ ধৰ্মীয় স্বাধীনতা উপভোগ কৰা লোকক বঞ্চিত আৰু অপমানিত কৰিবলৈ চেষ্টা কৰা হৈছে।