ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

অভিনেত্ৰীৰ ধৰ্ষণৰ গোচৰত ৮ বছৰৰ পিছত দোষমুক্ত জনপ্ৰিয় প্ৰসিদ্ধ অভিনেতা, ষড়যন্ত্ৰৰ অভিযোগ

মালয়ালম চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা দিলীপ দোষমুক্ত হোৱাৰ ঘোষণাই সোমবাৰে কেৰালাৰ এৰ্নাকুলাম প্ৰধান সত্ৰ আদালতত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে।

২০১৭ চনৰ অভিনেত্ৰীৰ অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ গোচৰত অষ্টম অভিযুক্ত হিচাপে দিলীপৰ নাম উল্লেখ কৰা হৈছিল যদিও ন্যায়াধীশ হানি এম ভাৰ্গিছৰ নেতৃত্বত গঠিত আদালতে স্পষ্টভাৱে উল্লেখ কৰিছে যে অভিযোগকাৰীসকলে দিলীপৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ প্ৰমাণ কৰাত ব্যৰ্থ হৈছে।

এই ৰায়ৰ জৰিয়তে দিলীপৰ আঠ বছৰীয়া আইনী যুঁজৰ অন্ত পৰে। আনহাতে, পালছাৰ ছুনীকে ধৰি প্ৰথম ছয়জন অভিযুক্তক গুৰুতৰ অপৰাধৰ দোষী সাব্যস্ত কৰা হয়। শাস্তি ঘোষণা ১২ ডিচেম্বৰলৈ পিছুৱাই দিয়া হৈছে। আদালতৰ বাহিৰত সাংবাদিকৰ সন্মুখত থিয় হোৱা দিলীপৰ কণ্ঠত কৃতজ্ঞতা আৰু ক্ষোভ মিশ্ৰিত আছিল।

‘প্ৰথমে ভগৱানক ধন্যবাদ। সত্যৰ জয় হৈছে। এই গোচৰত এটা অপৰাধমূলক ষড়যন্ত্ৰ চলি আছে। মোৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ আৰম্ভ হৈছিল যেতিয়া মোৰ প্ৰাক্তন পত্নী মঞ্জু ৱাৰিয়েৰে ঘটনাটোৰ আঁৰৰ অপৰাধমূলক ষড়যন্ত্ৰৰ তদন্তৰ দাবী জনাইছিল।সেই সময়ৰ এজন জ্যেষ্ঠ বিষয়া আৰু তেওঁ বাছনি কৰা এটা অপৰাধী মনোভাৱৰ আৰক্ষীৰ দলে মোৰ বিৰুদ্ধে এই খেল আৰম্ভ কৰিছিল। তেওঁলোকে মূল অভিযুক্ত আৰু তেওঁৰ সহযোগীসকলৰ সহায়ত এটা ভুৱা কাহিনী সৃষ্টি কৰিছিল।

একাংশ মিডিয়া হাউচ আৰু সাংবাদিকৰ সহায়ত এই ভুৱা খবৰ ছচিয়েল মিডিয়াত বিয়পি পৰিল। আজি এই আৰক্ষী দলটোৱে সৃষ্টি কৰা ভুৱা কাহিনীটোক আদালতত নুই কৰা হৈছে। আচল ষড়যন্ত্ৰ আছিল মোক জালত পেলাই মোৰ কেৰিয়াৰ, ইমেজ আৰু জীৱন ধ্বংস কৰা।” দিলীপৰ এই কথাবোৰ ক্ষন্তেকতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, য’ত তেওঁৰ সমৰ্থকসকলে লাডু বিতৰণ কৰি উদযাপন কৰে।

২০১৭ চনৰ ১৭ ফেব্ৰুৱাৰীৰ নিশা মালয়ালম, তামিল আৰু তেলেগু ছবিত কাম কৰা এগৰাকী প্ৰখ্যাত অভিনেত্ৰীয়ে গাড়ীৰে কোচি অভিমুখে গৈ আছিল। হঠাৎ এদল লোকে গাড়ীত উঠি তেওঁক অপহৰণ কৰি গাড়ীৰ ভিতৰতে দলবদ্ধ ধৰ্ষণ কৰে। সমগ্ৰ ঘটনাটো ভিডিঅ’ত ৰেকৰ্ড কৰা হৈছিল, যিটো পিছত ধন দাবী আৰু প্ৰতিশোধৰ বাবে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছিল।পালছাৰ সুনীল নামেৰে পৰিচিত এন এছ সুনীলক প্ৰথম অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে।

তেওঁৰ লগতে আদালতে আন ছয়জনক দোষী সাব্যস্ত কৰিছে – মাৰ্টিন এণ্টনি, বি মণিকন্দন, ভিপি বিজেশ, এইচ চেলিম (উৰফে ভাদিভাল চেলিম) আৰু প্ৰদীপক। আইপিচিৰ বিভিন্ন ধাৰাত তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে, যেনে অপৰাধমূলক ষড়যন্ত্ৰ (১২০বি), অপহৰণ (৩৬৬),মহিলাৰ মৰ্যাদা লংঘন (৩৫৪), উন্মোচনৰ চেষ্টা (৩৫৪বি), দলবদ্ধ ধৰ্ষণ (৩৭৬ডি), প্ৰমাণ ধ্বংস (২০১), অপৰাধীক আশ্ৰয় দিয়া (২১২) আৰু সাধাৰণ উদ্দেশ্য (৩৪)।

ইয়াৰ উপৰিও তথ্য আইনৰ ৬৬ ই আৰু ৬৭এ ধাৰাতো অভিযোগ দাখিল কৰা হৈছে, কিয়নো এই কাণ্ডটো ৰেকৰ্ড কৰাৰ উদ্দেশ্যেৰে ৰেকৰ্ডিং কৰি বিতৰণ কৰা হৈছিল। অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰ ধ্বংস কৰাৰ বাবে এই গেংটোক নিয়োগ কৰি এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল দিলীপৰ বিৰুদ্ধে।

অভিনেত্ৰীগৰাকীৰ দিলীপৰ প্ৰাক্তন পত্নী মঞ্জু ৱাৰিয়ৰৰ সৈতে ঘনিষ্ঠতা আৰু দিলীপৰ ব্যক্তিগত জীৱন ফাদিলেই এই প্ৰতিশোধৰ কাৰণ বুলি দাবী কৰিছিল। কিন্তু আদালতে কয় যে এই অভিযোগৰ সমৰ্থনত কোনো আইনী প্ৰমাণ নাই। দিলীপৰ বিৰুদ্ধে অতিৰিক্ত ২০৪ ধাৰাত প্ৰমাণ ধ্বংস কৰাৰ অভিযোগো উত্থাপন কৰা হৈছে। সপ্তম, নৱম আৰু ১৫ নং অভিযুক্তকো দোষমুক্ত কৰা হৈছে।