ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

পৃথক কামতাপুৰ ৰাজ্য আৰু কোচ–ৰাজবংশী জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ

পৃথক কামতাপুৰ ৰাজ্য গঠন, কোচ–ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, আৰু কেএলঅ নেতৃত্বৰ সৈতে শান্তি আলোচনাৰ দাবীত মঙলবাৰে গোসাইগাঁও আৰু কোকৰাঝাৰ জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কামতাপুৰ ৰাজ্য দাবী কমিটি আৰু সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা (AKRSU)-ৰ যৌথ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

গোসাইগাঁৱত অনিৰ্দিষ্টকালীন ৰে’ল পথ অৱৰোধৰ কাৰ্যসূচী ঘোষণা কৰা হৈছিল যদিও আৰক্ষীয়ে বাধা দিয়াৰ ফলত প্ৰতিবাদকাৰীসকলে ৰে’ল লাইনৰ কাষতে ধৰ্ণা সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰতিবাদস্থলীত আৰক্ষীৰ বৃহৎ বাহিনী মোতায়েন কৰা হয়।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে শান্তি আলোচনাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত কেএলঅ‘ প্ৰধান জীৱন সিংহে প্ৰেৰণ কৰা এটা অডিঅ’ বাৰ্তাৰ ভিত্তিত কেএছডিচিয়ে আগতে এই ৰে’ল অৱৰোধ কাৰ্যসূচীটো প্ৰত্যাহাৰ কৰিছিল। কিন্তু এই সিদ্ধান্তত একাংশ ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰি পুনৰ প্ৰতিবাদত অৱতীৰ্ণ হয়।

ইফালে, কোকৰাঝাৰৰ ছালাকাটিতো ৰাজবংশী জাতীয় দল-সংগঠনে ৰূপায়ণ কৰিবলগীয়া অনিৰ্দিষ্টকালীন ৰে’ল অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। পুঠীয়াগাঁওস্থিত পদ্মবিল লক্ষ্মী মন্দিৰৰ পৰা কেএছডিচি, আক্ৰাছু (AKRSU), কেপিপিইউ, জিচিপিএ আদি সংগঠনে ৰে’ল পথ অৱৰোধৰ প্ৰস্তুতি চলাইছিল।

কেএছডিচিৰ কোকৰাঝাৰ জিলা সভাপতি বাণীৰাম বৰ্মনে জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰে সাত দিনৰ ভিতৰত আলোচনালৈ আন্দোলনকাৰী নেতৃবৰ্গক আমন্ত্ৰণ জনোৱাৰ আশ্বাস দিয়াৰ পৰিপ্ৰেক্ষিততেই আন্দোলন সাময়িকভাৱে স্থগিত কৰা হৈছে। তেওঁ লগতে স্পষ্ট কৰে যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আলোচনা অনুষ্ঠিত নহ’লে আন্দোলনৰ তীব্ৰতৰ কৰা হ’ব।