পঞ্জাৱৰ মোহালীৰ সোহানা অঞ্চলত ব্যক্তিগত কাবাডী প্ৰতিযোগিতাৰ সময়ত ৰাজহুৱা স্থানত গুলীয়াই হত্যা কৰে কাবাডীৰ খেলুৱৈ তথা প্ৰমোটাৰ ৰানা বালাচৌৰিয়াক।
মৃত যুৱকজনৰ প্ৰকৃত নাম কানোৱাৰ দিগ্বিজয় সিং। বয়স প্ৰায় ৩০ বছৰ। সোমবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত সমগ্ৰ অঞ্চলটোত এই ঘটনাই আতংক বিয়পাই দিয়ে।
প্ৰত্যক্ষদৰ্শীৰ মতে, চেলফি লোৱাৰ অজুহাতত ২-৩জন অচিনাক্ত দুষ্কৃতিকাৰীয়ে ৰানাৰ কাষ চাপিছিল আৰু হঠাতে গুলীচালনা কৰিছিল। অভিযোগ অনুসৰি তেওঁৰ মুখ আৰু শৰীৰৰ ওপৰৰ অংশ লক্ষ্য কৰি ৩ৰ পৰা ৫ ৰাউণ্ড গুলীচালনা কৰা হৈছিল। এই আক্ৰমণৰ পিছতে দুৰ্বৃত্তই মটৰবাইকত উঠি ক্ষীপ্ৰতাৰে পলায়ন কৰে।
ঘটনাৰ সময়ত খেলপথাৰত উপস্থিত আছিল বৃহৎ সংখ্যক দৰ্শক। পঞ্জাবৰ জনপ্ৰিয় কণ্ঠশিল্পী মনকীৰ্ট আউলাখেও বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল।
বন্দুকৰ গুলীৰ শব্দ শুনি বহুতে ফটকাৰ শব্দ বুলি ভাবি দৌৰাদৌৰি কৰিব ধৰে। কিছু মুহূৰ্তৰ ভিতৰতে সমগ্ৰ খেলপথাৰখনতে বিশৃংখলতা বিয়পি পৰে। গুলীৰ আঘাতত আহত ৰাণা বালাচৌৰিয়াক ততাতৈয়াকৈ ফৰ্টিছ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। অৱশ্যে সন্ধিয়া ৬:০৫ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
মোহালী আৰক্ষীৰ এছ এছ পি হৰমনদীপ সিং হান্সেই জনোৱা মতে, ঘটনাৰ তদন্তত একাধিক চি চি টি ভি ফুটেজ পৰীক্ষা কৰি থকা হৈছে। পুৰণি শত্ৰুতাৰ দিশটোক গুৰুত্ব দিয়া হৈছে।
আৰক্ষীয়ে দাবী কৰিছে যে বাম্বিহা চক্ৰই ইতিমধ্যে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে। প্ৰয়াত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত ৰাণাই অভিযুক্তক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰিছে গেংটোৱে। এই ঘটনাত একাধিক আৰক্ষী দল গঠন কৰা হৈছে। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
