জল জীৱন মিছনত সংঘটিত দুৰ্নীতিৰ অভিযোগক কেন্দ্ৰ কৰি নলবাৰীত কংগ্ৰেছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দেওবাৰে নলবাৰী টাউন ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদত মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱাৰ পদত্যাগৰ দাবী উত্থাপন কৰা হয়। ‘নল আছে, জল নাই’ শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে নলবাৰী চহৰ উত্তাল কৰি তোলে।
কংগ্ৰেছৰ অভিযোগ অনুসৰি, দেশজুৰি জল জীৱন মিছনত সংঘটিত দুৰ্নীতিৰ ক্ষেত্ৰত অসমে দ্বিতীয় স্থান লাভ কৰাটো লজ্জাজনক। এই দুৰ্নীতিত সংশ্লিষ্ট মন্ত্ৰীৰ দায় আছে বুলি দাবী কৰি প্ৰতিবাদকাৰীসকলে ‘জয়ন্ত মল্লবৰুৱা হায় হায়’ আৰু ‘জয়ন্ত মল্লবৰুৱা মুৰ্দাবাদ’ ধ্বনিৰে ৰাজপথ কঁপাই তোলে।
প্ৰতিবাদী কংগ্ৰেছ নেতা-কৰ্মীসকলে ৰাজীৱ ভৱনৰ পৰা কলেজ পথ হৈ নলবাৰী থানা চ’কলৈ এক বৃহৎ সমদল উলিয়ায়। সমদলত ‘ঠিকাদাৰক অনাদায়ী বিল নিদি কেৱল দুৰ্নীতি’ আদি লেখা প্লে-কাৰ্ড বহন কৰা হয়। থানা চ’কত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পুত্তলিকা দাহ কৰে।
এই প্ৰতিবাদৰ ফলত প্ৰায় আধা ঘণ্টালৈ হাজো গুৱাহাটী পথত যান-বাহন চলাচল ব্যাহত হয়। পিছত আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু যাতায়ত স্বাভাৱিক কৰা হয়।
প্ৰতিবাদস্থলীত কংগ্ৰেছ নেতা অশোক শৰ্মাই জেজেএমৰ দুৰ্নীতিৰ লগতে বিধায়ক বিজয় মালাকাৰৰ নাগৰিকত্ব সন্দৰ্ভতো তদন্তৰ দাবী জনাই আৰক্ষীক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। এই প্ৰতিবাদত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অৰুণ তিৱাৰী, সম্পাদক দিব্যজ্যোতি হালৈ, যুৱ নেতা ৰাতুল কলিতাসহ কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে।
