অসমত ফ্লপ শ্ব’ত পৰিণত হৈ পৰিছে জল জীৱন মিছন। এই আঁচনিৰ অধীনত ঘৰে ঘৰে পানী যোগানৰ পৰিৱৰ্তে হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰৰ অৱস্থাহে তথৈবছ হৈ পৰিছে। জল জীৱন মিছনৰ ঠিকাদাৰ-কৰ্মচাৰীয়ে আজি পৰ্যন্ত পোৱা নাই কামৰ বাবদ পাব লগা ধন।
সংসদৰ চলিত শীতকালীন অধিৱেশনত অসমত জল জীৱন মিছনৰ ব্যৰ্থতা সন্দৰ্ভত আজি এইদৰে সৰৱ হৈ পৰে লোকসভাত বিৰোধীৰ উপ-দলপতি, যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। উদাত্ত কণ্ঠৰে সাংসদগৰাকীয়ে কয়, ”অসমত জল জীৱন মিছন প্ৰহসনত পৰিণত হৈছে। এই আঁচনিখনৰ সৈতে জড়িত লোকসকলৰ জীৱন দুৰ্বিসহ পৰিছে। ঠিকাদাৰ আৰু শ্ৰমিক-কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি পাবলগীয়া ধন পোৱা নাই।’’
ৰাজ্য চৰকাৰৰ নিষ্ক্ৰিয়তা উদঙাই দি সাংসদ গৌৰৱ গগৈয়ে আৰু কয়, ”জল জীৱন মিছনৰ ঠিকাদাৰসকলে সময়মতে বিল নোপোৱাত ৰাজপথলৈ আহি প্ৰতিবাদ কৰিবলগীয়া হৈছে। এই আঁচনিৰ অধীনত এতিয়াও ৩৫০০ কোটি টকাৰ বিল অনাদায় হৈ আছে। ইয়াৰ ফলত ঋণ লৈ এই আঁচনিখনৰ কাম কৰা যুৱ ঠিকাদাৰসকল আজি ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে।’’
একাংশ ঠিকাদাৰে বিল লাভ কৰিছে যদিও এইক্ষেত্ৰত চৰকাৰে স্বজন-তোষণ নীতিৰ আশ্ৰয় লৈছে বুলিও কয় সাংসদগৰাকীয়ে।
তেওঁ কয় যে যিসকল ঠিকাদাৰৰ বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে সেইসকলকহে বিলৰ কিছু অংশ মোকলাই দিয়া হৈছে। এয়া ডাবোল ইঞ্জিন চৰকাৰৰ চূড়ান্ত বিফলতা বুলিও উল্লেখ কৰে সাংসদ গগৈয়ে। আঁচনিখনৰ সৈতে জড়িত জলমিত্ৰ, ঠিকাদাৰক সকাহ দিয়াৰ বাবে অতি শীঘ্ৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আলোচনাৰ জড়িয়তে বিষয়টোৰ এক ফলপ্ৰসূ সমাধান সূত্ৰ উলিয়াবলৈকো আহ্বান জনাই গৌৰৱ গগৈয়ে।
