ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

মাতৃৰ গহনা বিক্ৰী, পিতৃৰ অনাহাৰ! অন্ধকাৰ দূৰ কৰি নিলামত ১৪ কোটি টকাৰ তাৰকা কাৰ্তিক শৰ্মা

আই পি এল ২০২৬ নিলামত ১৪ কোটি ২০ লাখ টকাৰ বিড উত্থাপন হোৱাৰ লগে লগে পোহৰত জিলিকি উঠিল এটা নাম— কাৰ্তিক শৰ্মা। তেওঁৰ বয়স মাত্ৰ ১৯ বছৰ। কিন্তু এই চকু কপালত তুলিব পৰা অংকৰ আঁৰত আছে ভোক, নীৰৱ ত্যাগ আৰু দীঘলীয়া অপেক্ষাৰ এক কঠিন যাত্ৰা।

চেন্নাই ছুপাৰ কিংছৰ নতুন তাৰকাগৰাকীৰ কাহিনী কেৱল এক ক্ৰিকেটীয় উত্থান নহয়,  এটা সমগ্ৰ পৰিয়ালৰ অকথিত সংগ্ৰামৰ কাহিনী।

কাৰ্তিকৰ ঘৰ ৰাজস্থানৰ ভৰতপুৰত। নিলামৰ পিছত মাক-দেউতাকৰ সৈতে তালৈ উভতি আহিছিল। খিৰণি ঘাটৰ আগৰৱাল ধৰ্মশালাত স্থানীয় ৰাইজৰ লগতে ভৰতপুৰ জিলা ক্ৰিকেট সন্থাৰ সদস্যসকলে তেওঁক আদৰণি জনায়। গৌৰৱৰ মুহূৰ্ত আছিল যদিও পিতৃ মনোজ শৰ্মাৰ চকুত চকুলো। কাৰণ, এই সফলতাৰ প্ৰতিটো খোজতে আছে ত্যাগৰ ছাপ।

মনোজৰ উপাৰ্জন কম আছিল। তথাপি পুত্ৰৰ সপোনত ভৰসা হেৰুৱা নাছিল। সংবাদ সংস্থা আইএনএছক তেওঁ কয়, ‘উপাৰ্জন সীমিত। কিন্তু মোৰ পত্নী ৰাধা আৰু মই সিদ্ধান্ত লৈছিলো – আমি কাৰ্তিকক ক্ৰিকেটাৰ কৰিম।’

সেই সিদ্ধান্তৰ মূল্য দিবলৈ বাহনেৰা গাঁৱৰ মাটি, খেতিৰ মাটি বিক্ৰী কৰিব লগা হৈছিল। ৰাধা দেৱীয়ে মনে মনে নিজৰ মৰমৰ গহনাবোৰ বিক্ৰী কৰি দিছে। পৰিয়ালৰ সঞ্চিত ধন উজাৰি দি পুত্ৰৰ ভৱিষ্যতৰ বাবে বিনিয়োগ কৰা – এয়াই তেওঁলোকৰ যুঁজ।

আটাইতকৈ কঠিন সময় আহিছিল গোৱালিয়ৰৰ এখন টুৰ্ণামেণ্টত। পিতৃ-পুত্ৰই ভাবিছিল যে চাৰি-পাঁচখন মেচতে দলটো বাহিৰ হৈ যাব। সেই সময়খিনি টিকি থাকিবলৈকেহে তেওঁলোকৰ হাতত পইচা আছিল। কিন্তু কাৰ্তিকৰ বেট ৰৈ নাথাকিল। দলটোৱে ফাইনেলত প্ৰৱেশ কৰে। টকা শেষ হোৱাৰ লগে লগে পিতৃ-পুত্ৰই নিশাৰ আশ্ৰয় শিবিৰত ৰাতিটো কটাবলগীয়া হ’ল। ‘এদিন নোখোৱাকৈয়ে শুব লগা হৈছিল!’ মনোজে মনত পেলাইছে, ‘ফাইনেলত জয়ী হৈ পুৰস্কাৰৰ ধন লাভ কৰাৰ পিছতহে ঘৰলৈ উভতি অহাৰ পথ মুকলি হৈছিল।’

কাৰ্তিকৰ প্ৰতিভা অৱশ্যে অতি কম বয়সতে আৱিষ্কাৰ হৈছিল। ডেৰ-দুবছৰ বয়সত তেওঁ বেটেৰে ইমান জোৰেৰে বলটো মাৰিছিল যে ঘৰৰ দুটা ফটো ফ্ৰেম ভাঙি গ’ল। তেতিয়াই দেউতাকে বুজি পালে – এই ল’ৰাটো বেলেগ৷ মনোজ নিজেই এসময়ত ক্ৰিকেটাৰ আছিল। আঘাতৰ বাবে তেওঁৰ সপোন বন্ধ হৈ পৰিল। ‘মই নোৱাৰিলোঁ, গতিকে মই মোৰ ল’ৰাৰ মাজেৰে সেইটো পূৰণ কৰাৰ সিদ্ধান্ত লৈছিলো!’ তেওঁ কয়।

অৱশ্যে তেওঁৰ প্ৰতিভা থকাৰ পিছতো পথটো ইমান মসৃণ নাছিল। ১৪ বছৰ অনুৰ্ধ আৰু ১৬ বছৰ অনুৰ্ধ দলৰ হৈ খেলাৰ পিছতো একেৰাহে চাৰি বছৰ ধৰি কোনো দলতে সুযোগ নাপালে কাৰ্তিক। সেই সময়ত বহুতে হাৰ মানিলেহেঁতেন। তেওঁ হাৰ নামানিলে। তেওঁ কয়, ‘মই খেলি গ’লোঁ। মোৰ দেউতাই মোক নিজেই প্ৰশিক্ষণ দিছিল!’ লাহে লাহে আহিল ১৯ বছৰ অনুৰ্ধ, তাৰ পিছত ৰঞ্জি ট্ৰফী। তাৰ পৰাই আই পি এলৰ দুৱাৰখন খোল খালে।

হঠাৎ বিপুল টকা, স্বীকৃতি – তথাপি কাৰ্তিকে মাটিতে ভৰি ৰাখিব বিচাৰে। তেওঁ এইবাৰ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছে। পঢ়া-শুনা আগবঢ়াই নিয়াৰ ইচ্ছাও স্পষ্ট। সৰু ভায়েকে ক্ৰিকেট খেলে, মাজু ভায়েকে পঢ়া-শুনাত মনোনিৱেশ কৰিছে—পৰিয়ালৰ মূল শিক্ষা হ’ল ভাৰসাম্য ৰক্ষা কৰা।

মাতৃয়ে গহনা বিক্ৰী কৰিছিল, দেউতাকে ৰাতি নোখোৱাকৈয়ে কটাইছিল—আজি সেই ত্যাগৰ মূল্য আহিছে ১৪.২ কোটি টকা। কাৰ্তিক শৰ্মাৰ কাহিনী সেয়ে কেৱল আই পি এলৰেই নহয়, হাজাৰ হাজাৰ সৰু চহৰৰ সপোন দেখাৰ সাহসৰ প্ৰতিফলন।