প্ৰায় পাঁচ দিন ধৰি ইণ্ডিগ’ এয়াৰলাইন্সৰ বিমান সেৱাত দেখা দিয়া চৰম অযোগ্যতা আৰু যাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী ক্ষতিগ্ৰস্ত হোৱাৰ পিছত এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (ডিজিচিএ) অধিক কঠোৰ হৈ উঠিছে। কেন্দ্ৰৰ মতে, ইণ্ডিগ’ৰ শীৰ্ষ বিষয়াসকলৰ অৱহেলাৰ বাবেই এই সকলোবোৰ ঘটিছিল। সেয়েহে, ডিজিচিএই ইণ্ডিগ’ৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) পিটাৰ এলবাৰ্ছলৈ জাননী প্ৰেৰণ কৰিছে।
ডিজিচিএই চিইঅ‘ এলবাৰ্ছৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত সঁহাৰি বিচাৰিছে যে এই অযোগ্যতাৰ বাবে কোন জগৰীয়া।
ইতিমধ্যে, অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে ইণ্ডিগ’ৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক বৈঠকত মিলিত হৈছিল। সেই বৈঠকৰ পিছত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগ’ৰ শীৰ্ষত গাফিলতিৰ সম্ভাৱনা দেখিবলৈ পাইছে।
ডিজিচিএৰ প্ৰাথমিক বিশ্বাস এই যে, কেন্দ্ৰৰ নতুন নিয়মসমূহ আগতীয়াকৈ কোম্পানীটোক জনোৱা হৈছিল। সেই অনুসৰি ইণ্ডিগোৱে পূৰ্বেই এনে সমস্যাৰ মোকাবিলা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু কোম্পানীয়ে তেনে কৰা নাছিল। ফলস্বৰূপে এই অযোগ্যতা দেখা দিলে আৰু মানুহে কষ্ট পালে। ডিজিচিএই জাননীত এই প্ৰশ্ন উত্থাপন কৰিছে যে আগতীয়াকৈ কিয় পৰ্যাপ্ত ব্যৱস্থা কৰা নহ’ল। মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক ২৪ ঘণ্টাৰ ভিতৰত এই সন্দৰ্ভত উত্তৰ দিবলৈ কোৱা হৈছে।
অৱশ্যে, কেৱল জাননী দিয়াই শেষ নহ’ব বুলি ধাৰণা কৰা হৈছে। সূত্ৰ অনুসৰি, ইণ্ডিগ’ই একাধিক স্তৰত শাস্তিৰ সন্মুখীন হ’ব পাৰে। কোম্পানীটোৰ ওপৰত যথেষ্ট পৰিমাণৰ জৰিমনা বিহাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰিও, কেন্দ্ৰই বিমান চলাচল কৰিবলৈ দিয়া বিমানৰ সংখ্যাও অধিক হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে। অতি সোনকালে এই সকলোবোৰ ঘোষণা কৰা হ‘ব বুলি জনোৱা হৈছে।
আনহাতে, সংস্থাটোৱে দাবী কৰিছে যে তেওঁলোকৰ ৯৫ শতাংশ সেৱা স্বাভাৱিক হৈ পৰিছে।
