ইণ্ডিগ’ই ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ বিমান চলাচলৰ ব্যাঘাতৰ বাবে ভয়াৱহ সমস্যাৰ সন্মুখীন হোৱা যাত্ৰীসকলৰ বাবে ১০ হাজাৰ টকাৰ অতিৰিক্ত ভাউচাৰ ঘোষণা কৰিছে। ইতিমধ্যে বাতিল কৰা বিমানৰ টিকটৰ মূল্য ঘূৰাই দিয়া হৈছে। এইবাৰ ইণ্ডিগ’ই বৃহৎ ক্ষতিপূৰণৰ পথত আগবাঢ়িছে।
ইণ্ডিগ’ৱে যোৱা সপ্তাহত ইখনৰ পিছত সিখন বিমান বাতিল কৰিছিল, যাৰ ফলত জনসাধাৰণে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। আঠ দিনৰ ভয়াৱহ সমস্যাৰ অন্তত অৱশেষত কেন্দ্ৰই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিদিনে ইণ্ডিগ’ৰ বিমান সেৱাৰ ১০ শতাংশ কৰ্তন কৰা হৈছে। এনে পৰিস্থিতিত ইণ্ডিগ’ কৰ্তৃপক্ষই যাত্ৰীসকলক ক্ষতিপূৰণ দিয়াৰ বাবে অধিক প্ৰচেষ্টা চলাইছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত যাত্ৰীসকলৰ বাবে ১০ হাজাৰ টকা পৰ্যন্ত ভাউচাৰ ঘোষণা কৰা হৈছে।
বৃহস্পতিবাৰে ইণ্ডিগ’ই এক বিবৃতি প্ৰকাশ কৰি কয় যে যিসকল যাত্ৰীৰ বিমান যাত্ৰাৰ ২৪ ঘণ্টা পূৰ্বে বাতিল কৰা হৈছিল তেওঁলোকক ক্ষতিপূৰণৰ ভাউচাৰ দিয়া হ’ব। ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকাৰ ৰেহাই দিয়া হ’ব। বিমানৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি ভাউচাৰৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ’ব। অহা ১২ মাহৰ ভিতৰত ইণ্ডিগ’ৰ বিমানৰ টিকট বুকিং কৰা যাত্ৰীসকলে এই ভাউচাৰৰ জৰিয়তে টিকটৰ মূল্যত ৰেহাই লাভ কৰিব। অৱশ্যে যিসকল যাত্ৰীৰ বিমান বাতিল হৈছে, তেওঁলোকক এই ভাউচাৰ দিয়া নহ’ব। যিসকলে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকেহে এই ভাউচাৰ লাভ কৰিব।
উল্লেখ্য যে ভাৰতৰ ঘৰুৱা বিমান সেৱাৰ কমেও ৬৫ শতাংশ ইণ্ডিগ’ই নিয়ন্ত্ৰণ কৰে। প্ৰতিদিনে ২৩০০ বিমানে উৰণ কৰে। সেই সেৱা যোৱা সপ্তাহত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। যাত্ৰীসকলে যি দুখ-কষ্ট ভোগ কৰিছে, সেয়া যাতে পুনৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব বিচাৰিছে কেন্দ্ৰই। বিমান কাঢ়ি নিয়াৰ উপৰিও ইণ্ডিগ’ৰ বিৰুদ্ধে বিপুল জৰিমনা বিহা হ’ব পাৰে। লগতে বিষয়াসকলকো শাস্তি দিয়া হ’ব পাৰে।
