নিউয়ৰ্কৰ এটা ভাড়াঘৰত সংঘটিত অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হৈছিল এগৰাকী ভাৰতীয় ছাত্ৰী। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে ছাত্ৰীগৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, মৃত ভাৰতীয় ছাত্ৰীগৰাকীৰ নাম সাহাজা ৰেড্ডী উডুমালা। তেওঁ নিউয়ৰ্কৰ আলবানিত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি আছিল আৰু তাত এটা স্থানীয় ভাড়াঘৰত বাস কৰিছিল। ঘৰটোত আন কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে বাস কৰিছিল বুলি জানিব পৰা গৈছে।
যোৱা বৃহস্পতিবাৰে হঠাৎ ভাড়াঘৰটোত কিবা কাৰণত অগ্নিকাণ্ড সংঘটিত হয়। ছাত্ৰীগৰাকীয়ে পলাবলৈ চেষ্টা কৰিছিল যদিও বিফল হয়। এই খবৰ পোৱাৰ লগে লগে আলবানি অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ ঘৰটোত থকা আহত ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু ২৪ বছৰীয়া সাহাজা ৰেড্ডীৰ অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটে। তেওঁক আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় যদিও তেওঁক ৰক্ষা কৰিব পৰা নগল।
নিউয়ৰ্কস্থিত ভাৰতীয় দূতাবাসে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে আৰু সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি দিছে।
