ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ৰে’ল যাত্ৰীৰ বাবে বেয়া খবৰ: ২৬ ডিচেম্বৰৰ পৰা বাঢ়িব দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ ভাড়া

ভাৰতীয় ৰে’লৱেই অহা ২৬ ডিচেম্বৰৰ পৰা দীৰ্ঘ দূৰত্বৰ যাত্ৰীৰ বাবে টিকটৰ ভাড়া সামান্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে’ল মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, এই ভাড়া বৃদ্ধি কেৱল ২১৫ কিলোমিটাৰৰ অধিক দূৰত্বৰ যাত্ৰাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।

ৰে’লৱেৰ ঘোষণা মৰ্মে, ২১৫ কিলোমিটাৰৰ ঊৰ্ধ্বৰ যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীৰ (Second Class Ordinary) ভাড়া প্ৰতি কিলোমিটাৰত ১ পইচাকৈ বৃদ্ধি কৰা হৈছে। আনহাতে, মেইল আৰু এক্সপ্ৰেছ ৰে’লৰ নন-এচি (Non-AC) তথা সকলো এচি (AC) শ্ৰেণীৰ ভাড়া প্ৰতি কিলোমিটাৰত ২ পইচাকৈ বৃদ্ধি পাব। হিচাপ অনুসৰি, এজন যাত্ৰীয়ে ৫০০ কিলোমিটাৰ দূৰত্বৰ নন-এচি যাত্ৰাত প্ৰায় ১০ টকা অতিৰিক্ত ভাড়া আদায় দিব লাগিব।

কাৰ বাবে ভাড়া অপৰিৱৰ্তিত থাকিব? ৰে’ল কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে এই নতুন নিৰ্দেশনাই চুটি দূৰত্বৰ যাত্ৰী আৰু দৈনিক যাতায়াতকাৰীসকলক স্পৰ্শ নকৰে। উপনগৰীয় ৰে’ল (Suburban trains), মাহেকীয়া ছিজন টিকট (MST) আৰু ২১৫ কিলোমিটাৰ পৰ্যন্ত সাধাৰণ শ্ৰেণীৰ যাত্ৰাৰ ভাড়া পূৰ্বৰ দৰেই বাহাল থাকিব।

ৰে’ল সেৱাৰ আধুনিকীকৰণ, নতুন ৰে’লৰ সংযোজন, যাত্ৰী সেৱাৰ মানদণ্ড উন্নত কৰা আৰু বৰ্ধিত পৰিচালন ব্যয় বহন কৰাৰ লক্ষ্যৰেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰিছে। এই ভাড়া বৃদ্ধিৰ জৰিয়তে চৰকাৰে বছৰি প্ৰায় ৬০০ কোটি টকাৰ অতিৰিক্ত ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।