ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

বাদ পৰিল শুভমন, ঘূৰি আহিল ঈশান কিষাণ! টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে দল ঘোষণা বিচিচিআইৰ

বিচিচিআইয়ে শনিবাৰে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰিলে। শুভমন গিলক বাদ দিয়া হৈছে, ঈশান কিষান ঘূৰি আহিছে।

দীৰ্ঘদিন ধৰি শুভমন গিল স্বাভাৱিক ফৰ্মত নাই। সেয়ে তেওঁৰ বাদ পৰাটো বহুতৰে বাবে স্বাভাৱিক যেনেই লাগিছে। অৱশ্যে ঈশান কিষান দললৈ ঘূৰি অহাৰ কথাটো বহুলভাৱে চৰ্চিত হৈছে।

শেহতীয়াকৈ ঘৰুৱা টি-২০ প্ৰতিযোগিতাত কিষানৰ ফৰ্ম দেখি বহুতে তেওঁক দলত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছিল। দেখা গ’ল যে বিচিচিআইয়ে সেই অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰিছে।

শুভমনৰ দৰে বিশ্বকাপৰ দলৰ নেতা সূৰ্যকুমাৰ যাদৱক লৈও বহু প্ৰশ্ন উত্থাপন হৈছে। কাৰণ একেটাই – তেওঁৰ শেহতীয়া ফৰ্ম। কিন্তু স্বাভাৱিক ফৰ্মত নথকা শুভমনে বিশ্বকাপ দলত সুযোগ নাপালেও সূৰ্যকুমাৰে সুযোগ পোৱাৰ লগতে অধিনায়কো হৈয়েই থাকিল। এই দলৰ উপ অধিনায়ক অক্ষৰ পেটেল।

টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলটো: সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অক্ষৰ পেটেল (উপ অধিনায়ক), অভিষেক শৰ্মা, তিলক ভাৰ্মা, সঞ্জু চেমচন, শিৱম ডুবে, ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰা, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদ্বীপ সিং, ঈশান কিষাণ আৰু হৰ্ষিত ৰানা।

ইয়াৰ পূৰ্বে সূৰ্যকুমাৰ যাদৱে টি-২০ বিশ্বকাপৰ ফাইনেল সন্দৰ্ভত বহু কথা কৈছিল। ফাইনেলত প্ৰৱেশ কৰিলে কোনখন খেলপথাৰ আৰু কোন প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে খেলিব বিচাৰিব বুলি সোধাত তেওঁ কৈছিল – মই নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ফাইনেল খেলিব বিচাৰো। আৰু মই নিশ্চিতভাৱে ফাইনেলত অষ্ট্ৰেলিয়াক প্ৰতিদ্বন্দ্বী হিচাপে বিচাৰো।

দৰাচলতে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ৰোহিত শৰ্মাৰ দলৰ পৰাজয় আজিও ভাৰতীয় ক্ৰিকেটাৰসকলৰ মনত খুন্দিয়াই আছে। আগন্তুক টি-২০ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি সেই দুখ পাহৰি যাব বিচাৰে সূৰ্যকুমাৰে।