ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ভাৰত-ৰাছিয়াৰ বৈঠক : দুয়োখন দেশে যৌথভাৱে প্ৰস্তুত কৰিব ভেকচিন আৰু কেন্সাৰ ঔষধ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহি শুকুৰবাৰে আনুষ্ঠানিক বৈঠকত অংশ লয়। নতুন দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি পুটিনে দ্বিপাক্ষিক আলোচনা কৰে। দুয়োগৰাকী শীৰ্ষ নেতাই স্বাস্থ্য, শিক্ষা, খাদ্য সুৰক্ষা, শ্বিপিং, আৰু ডাক সেৱাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।

আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে স্বাস্থ্য খণ্ডত এক বৃহৎ যৌথ প্ৰচেষ্টাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ভাৰত আৰু ৰাছিয়াই যৌথভাৱে ভেকচিন, কেন্সাৰ থেৰাপী, আৰু ৰেডিঅ’ফাৰ্মাচিউটিকেল প্ৰস্তুত কৰিব। ভাৰতক ‘বিশ্বৰ ফাৰ্মাচী’ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অংশীদাৰিত্বই স্বাস্থ্যসেৱাৰ সুৰক্ষা বৃদ্ধি কৰাৰ লগতে নতুন উদ্যোগৰ সৃষ্টি কৰিব।

ইফালে, ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত ৰাষ্ট্ৰপতি পুটিনে দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বাণিজ্যিক অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ সদৰী কৰে যে যোৱা তিনি বছৰত বাণিজ্যৰ পৰিমাণ ৮০% বৃদ্ধি পাইছে, আৰু যোৱা বছৰ ই ৬৪ বিলিয়ন ডলাৰত উপনীত হৈছে। তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ অৰ্থনৈতিক খণ্ডত লাভ কৰা সফলতাৰো শলাগ লয়।

প্ৰধানমন্ত্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে ২০৩০ চনৰ বাবে নিৰ্ধাৰণ কৰা ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্য নিৰ্ধাৰিত সময়ৰ বহু আগতেই পূৰণ হ’ব। তেওঁ ৰাছিয়াৰ ব্যৱসায়ীসকলক ‘মেক ইন ইণ্ডিয়া’ অভিযানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁ লগতে কয় যে পাৰস্পৰিক বিশ্বাসেই হৈছে ভাৰত-ৰাছিয়া সম্পৰ্কৰ সৰ্বোচ্চ শক্তি, যিয়ে তেওঁলোকৰ যৌথ প্ৰচেষ্টাক এক গতি প্ৰদান কৰিছে।