নাগালেণ্ডৰ অন্যতম জাকজমকপূর্ণ আৰু চিনাকি সাংস্কৃতিক অনুষ্ঠান হৰ্ণবিল উৎসৱ প্রতি বছৰে ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰতে ব্যাপক আনন্দ-উৎসাহৰ মাজত উদযাপন কৰা হয়। এই সময়ছোৱাত নাগালেণ্ডৰ ৰাজধানী ক’হিমা সহ সম্পূৰ্ণ ৰাজ্যখন উৎসৱৰ ৰং-ৰঙালী, হৈ-চৈ আৰু কৃষ্টি-সংস্কৃতিৰ ধ্বনি মুখৰ হৈ উঠে। ৰাষ্ট্ৰীয় সংগীতেৰে শুভাৰম্ভণি হোৱা এই দহদিনীয়া উৎসৱ নাগালেণ্ডৰ জনজীৱন, সংহতি, পৰম্পৰা আৰু সাংস্কৃতিক বৈচিত্ৰ্যের এক উজ্জ্বল প্ৰতিচ্ছবি ৰূপে পৰিগণিত হয়। ক’হিমাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত থকা কিচামাত অৱস্থিত নগা ঐতিহ্য গাঁৱেই এই উৎসৱৰ মুখ্য আখড়া, য’ত হৰ্ণবিলক ‘Festival of Festivals’ বুলি অভিহিত কৰি বিভিন্ন অনুষ্ঠান একেৰাহে পৰিবেশন কৰা হয়।
হৰ্ণবিল উৎসৱৰ নামকৰণ হৈছে ধনেশ পক্ষীৰ নামত। ৰঙীণ আৰু মনোৰম ৰূপে সমৃদ্ধ এই চৰাই নগা সমাজৰ বাবে কেৱল এক প্ৰাণী নহয়—ই শৌৰ্য, গৌৰৱ আৰু বিশ্বাসৰ প্ৰতীক। শতাব্দীৰ পরিধিত নগা জনগোষ্ঠীয়ে এই চৰাইৰ প্ৰতি সন্মান, শ্রদ্ধা আৰু আদৰৰ অনুভৱ পোহৰাই ৰাখিছে। হৰ্ণবিল উৎসৱত পৰিবেশিত লোকগীত, নৃত্য আৰু প্ৰাচীন কাহিনীবোৰত এই চৰাইটোৰ গুৰুত্ব স্পষ্টভাৱে ফুটাই তোলা হয়। নাগালেণ্ড চৰকাৰে বিভিন্ন জনজাতিৰ মাজত সাদৃশ্য, ভাব-বিনিময় আৰু সাংস্কৃতিক ঐতিহ্যৰ উন্মোচন সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই দহদিনীয়া আন্তঃজনজাতীয় মিলনোৎসৱৰ আয়োজন আৰম্ভ কৰিছিল, যি আজিৰ দিনলৈ নাগালেণ্ডৰ পৰিচয়ক বিশ্ব মঞ্চত দীপ্তিময় কৰি তুলিছে।
হৰ্ণবিল উৎসৱ মূলত বিভিন্ন নগা জনজাতিৰ কৃষ্টি আৰু পৰম্পৰাৰ সমাহাৰ। এই উৎসৱত বিভিন্ন নৃত্য-গীত, খেল-ধেমালি, পৰম্পৰাগত খাদ্যৰ পৰিৱেশন, লোকবাদ্য আৰু লোকসাহিত্যৰ উন্মোচন আদি একেলগে অনুষ্ঠিত হয়। এনে অনুষ্ঠানসমূহৰ জৰিয়তে পৰ্যটকসকলক নগা জীৱনধাৰাৰ ওচৰত লৈ যোৱা হয়, য’ত তেওঁলোক নগা সমাজৰ আচাৰ-ব্যৱহাৰ, পৰিধান, ৰীতি-নীতি আৰু ভূমিপুত্ৰ মানুহৰ জীৱনচর্যা চাক্ষুষভাৱে উপলব্ধি কৰাৰ সুযোগ লাভ কৰে। তদুপৰি উৎসৱৰ সময়ত ফুলৰ প্ৰদৰ্শনী, সৌন্দৰ্য প্ৰতিযোগিতা, মিছ নাগালেণ্ড, পৰম্পৰাগত আৰ্চাৰী, নগা মল্লযুঁজ আৰু হস্তশিল্পৰ বৰ্ণিল প্রদর্শনী অনুষ্ঠিত হয়, যি স্থানীয় শিল্পী, উদ্যোক্তা আৰু শিল্পচৰ্চাৰ সৈতে জড়িত লোকসকলক মঞ্চ প্ৰদান কৰে।
হৰ্ণবিল উৎসৱক ভাৰতৰ অন্যতম বৃহৎ সাংস্কৃতিক-সংগীতানুষ্ঠান বুলি মান্য কৰা হয়। নাগালেণ্ড চৰকাৰে পৰ্যটন বৃদ্ধি, স্থানীয় অৰ্থনীতি মজবুত কৰা আৰু সু- পৰিচিত পৰম্পৰাৰ গৌৰৱ পুনৰুজ্জীবিত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই অনুষ্ঠান এতিয়া বিশ্ব পৰ্যটনৰ ক্যালেণ্ডাৰত এক গৌৰৱময় স্থান অধিকাৰ কৰিছে। প্রতি বছৰে দেশ-বিদেশৰ হাজাৰ হাজাৰ পৰ্যটকে নাগালেণ্ড ভ্ৰমণ কৰে, যাৰ ফলত হোটেল, বাহন, হস্তশিল্প, খাদ্য ব্যবসায়ী আৰু স্থানীয় উদ্যোগসমূহে ব্যাপক লাভ পায়। এই আগমন বৃদ্ধি নাগালেণ্ডৰ সামগ্ৰিক অৰ্থনীতিকো টনকীয়াল কৰি তোলে।
উৎসৱৰ গুৰুত্ব কেৱল পৰ্যটন বা আনন্দত সীমাবদ্ধ নহয়; ই নাগালেণ্ডৰ জনজাতীয় কৃষ্টি-সংস্কৃতি সংৰক্ষণ আৰু বিশ্বমঞ্চত প্ৰচাৰ কৰাৰ এক শক্তিশালী মাধ্যম। নগা জনজাতিৰ সাংস্কৃতিক ভাৰতীয়তা, ঐতিহ্য, কাহিনী, জীৱন-সংগ্রাম আৰু সমাজবোধ এই উৎসৱৰ জৰিয়তে নতুন প্ৰজন্মলৈকে সহজে প্ৰেৰণ কৰা হয়। ধনেশ পক্ষীৰ নামত উৎসৰ্গিত হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ গৌৰৱময় পৰিচয়ৰ অন্যতম স্তম্ভ, যি জনজাতীয় বৈচিত্ৰ্যক সমৃদ্ধ কৰি তুলিছে আৰু আধুনিক বিশ্বত সাংস্কৃতিক স্বাতন্ত্র্য ৰক্ষাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে।
আজিৰ পৰিৱেশত, য’ত বিশ্বায়নে বহু ঠাইতে থলুৱা সংস্কৃতি বিলুপ্ত হোৱাৰ বিপদ সৃষ্টি কৰিছে, তাত হৰ্ণবিল উৎসৱ যেনে অনুষ্ঠানসমূহ জনজাতীয় পৰম্পৰাৰ জীৱনধাৰাক নতুন উৎসাহেৰে আগবঢ়াই লৈছে। পৰ্যটন, অৰ্থনীতি, সংস্কৃতি আৰু সামাজিক সংহতি—এই সকলো ক্ষেত্ৰতে হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ এজন শক্তিশালী দূতৰূপে পৰিগণিত। নাগালেণ্ডৰ এই উৎসৱ কেৱল ৰাজহুৱা অনুষ্ঠান নহয়; ই জনগোষ্ঠীৰ গৌৰবৰ প্ৰতিমূর্তি, পরিচয়ৰ অভিভাবক আৰু অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক মানচিত্ৰৰ ওপৰত এক অম্লান চিহ্ন।
