ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ট্ৰাম্পৰ নীতিৰ বাবে সংকটত ভাৰতীয় আই টি কৰ্মী; এটা দশকৰ ভিতৰত সৰ্বনিম্ন H-1B ভিছা অনুমোদন

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছতে ভাৰতীয় তথ্য-প্ৰযুক্তি খণ্ডই কটকটীয়া অনুপ্ৰৱেশ নীতিত সংকটৰ ইংগিত লাভ কৰিছিল। বছৰৰ শেষত সেই সম্ভাৱনা এইচ-১বি ভিছা অনুমোদনৰ ক্ষেত্ৰত সঁচা হৈ পৰিল।

২০২৫ বিত্তীয় বৰ্ষত শীৰ্ষস্থানীয় ৭টা আই টি কোম্পানীৰ পৰা প্ৰাৰম্ভিক নিয়োগৰ বাবে মাত্ৰ ৪,৫৭৩ খন এইচ-১বি ভিছা আবেদনৰ অনুমোদন পাইছে। পৰিসংখ্যা অনুসৰি ২০২৫ চনত যোৱা দশকত ভাৰতীয় আই টি কোম্পানীসমূহে সৰ্বনিম্ন সংখ্যক এইচ-১বি ভিছা লাভ কৰিছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি ২০১৫ চনৰ তুলনাত ভিছা অনুমোদন প্ৰায় ৭০ শতাংশ আৰু ২০২৪ চনৰ তুলনাত প্ৰায় ৩৭ শতাংশ হ্ৰাস পাইছে। USCIS H-1B Employer Data Hub ৰ ৰেকৰ্ড বিশ্লেষণ কৰি National Foundation for American Policy (NFAP) এ ২০২৫ চনক ভিছা অনুমোদনৰ ক্ষেত্ৰত আটাইতকৈ বেয়া বছৰ হিচাপে চিনাক্ত কৰিছে।

টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ) হৈছে আমেৰিকাৰ একমাত্ৰ ভাৰতীয় নিয়োগকৰ্তা যিয়ে নতুন কৰ্মীৰ বাবে ভিছা লাভৰ ক্ষেত্ৰত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। আমেৰিকাৰ শীৰ্ষ পাঁচটা নিয়োগকৰ্তাৰ ভিতৰত টিচিএছ একমাত্ৰ ভাৰতীয় আইটি কোম্পানী। কিন্তু তথ্য অনুসৰি ইয়াৰ ভিছা বৃদ্ধিৰ আবেদনৰ প্ৰত্যাখ্যানৰ হাৰ ২০২৪ চনত ৪%ৰ পৰা ৭%লৈ বৃদ্ধি পাইছে। প্ৰাথমিক নিয়োগৰ বাবে ভাৰতৰ সৰ্ববৃহৎ আই টি সেৱা কোম্পানীটোৱে এই বছৰ মুঠ ৮৪৬খন ভিছা অনুমোদন লাভ কৰিছে, ২০২৪ চনত ১৪৫২খন আৰু ২০২৩ চনত ১১৭৪ খন ভিছা অনুমোদন লাভ কৰিছিল।

নেশ্যনেল ফাউণ্ডেশ্যন ফৰ আমেৰিকান পলিচি (এনএফএপি)ৰ নথি অনুসৰি এইচ-১বি ভিছা খণ্ডত বৃহৎ পৰিৱৰ্তন হৈছে। এই বছৰ আমাজন, মেটা, মাইক্ৰ’ছফ্ট আৰু গুগলৰ দৰে আমেৰিকাৰ টেক জায়েন্টে প্ৰথমবাৰৰ বাবে নতুন এইচ-১বি অনুমোদনৰ ক্ষেত্ৰত শীৰ্ষ চাৰিটা স্থান দখল কৰিছে। প্ৰাৰম্ভিক H-1B আবেদনৰ বাবে শীৰ্ষ ২৫ টা নিয়োগকৰ্তাৰ তালিকাত মাত্ৰ তিনিটা ভাৰতীয় কোম্পানীহে আছে।

বিশ্লেষকসকলে দাবী কৰে যে এইচ-১বি ভিছাৰ অনুমোদন হ্ৰাস পোৱাৰ কাৰণ আচলতে কঠোৰ অভিবাসন নীতি আৰু ভিছাৰ আবেদনৰ কঠোৰ পৰীক্ষা। মন কৰিবলগীয়া যে বহু ভাৰতীয় আউটচ’ৰ্চিং কোম্পানীয়ে এই সংকটৰ আভাস পাই আমেৰিকাৰ ৱৰ্কিং ভিছাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। ফলত আমেৰিকা ভিত্তিক প্ৰকল্পৰ বাবে নিযুক্তিৰ হাৰো হ্ৰাস পাইছে, যিটো ভাৰতীয় আই টি কৰ্মীৰ বাবে ভাল খৱৰ নহয়।