ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

গুজৰাটত ভোটাৰ তালিকাৰ সংশোধন: ২০০২ চনৰ তালিকাৰ সৈতে সংযোগ নাই ৪৪ লাখ ভোটাৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটত চলি থকা ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণ বা SIR (Summary Intensive Revision) প্ৰক্ৰিয়াই দেশজুৰি চৰ্চা লাভ কৰিছে। শেহতীয়া তথ্য অনুসৰি, ৰাজ্যখনৰ ৪৪ লাখৰো অধিক ভোটাৰে ২০০২ চনৰ ভোটাৰ তালিকাৰ সৈতে নিজৰ নামৰ কোনো সংযোগ বা প্ৰমাণ দেখুৱাব পৰা নাই। এতিয়া ভাৰতীয় নিৰ্বাচন আয়োগে এই ভোটাৰসকলৰ বৈধতা বিতংভাৱে পৰীক্ষা কৰিব বুলি জানিবলৈ দিছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, যোৱা নৱেম্বৰ মাহত এই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ত গুজৰাটৰ মুঠ ৫.৮ কোটি ভোটাৰক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছিল। প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত দেখা গৈছে যে মুঠ ৪.৩৪ কোটি প্ৰ-পত্ৰহে আয়োগক দাখিল কৰা হৈছে। অৰ্থাৎ, প্ৰায় ১.৪৬ কোটি ভোটাৰে বুথ পৰ্যায়ৰ বিষয়াৰ (BLO) পৰা প্ৰ-পত্ৰ লাভ কৰাৰ পিছতো সেয়া দাখিল কৰা নাই।

আয়োগে জানিবলৈ দিয়া মতে, প্ৰ-পত্ৰ দাখিল কৰা ৪.৩৪ কোটি ভোটাৰৰ ভিতৰত ৪৪.৪৫ লাখ ভোটাৰৰ নাম বৰ্তমানৰ তালিকাত অন্তৰ্ভুক্ত থাকিলেও ২০০২ চনৰ পুৰণি তালিকাৰ সৈতে কোনো সংযোগ পোৱা নগ’ল। সেয়ে পুৰণি নথিৰ সৈতে মিল নথকা এই ভোটাৰসকলক নিৰ্বাচন আয়োগে জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে মাতিবলৈ সিদ্ধান্ত লৈছে।

এছ আই আৰ (SIR) প্ৰক্ৰিয়াত কেইবাটাও উদ্বেগজনক তথ্য পোহৰলৈ আহিছে, বৰ্তমানৰ তালিকাত প্ৰায় ১৮ লাখ ভোটাৰৰ নাম আছে যিয়ে ইতিমধ্যে মৃত্যুবৰণ কৰিছে। প্ৰায় ৯.৫ লাখ ভোটাৰক বি এল অ’ই ঘৰলৈ গৈও বিচাৰি পোৱা নাই।৪০ লাখৰো অধিক ভোটাৰ অন্য স্থানলৈ স্থানান্তৰিত হৈছে। প্ৰায় ৩.৮১ লাখ ভোটাৰৰ নাম একাধিক স্থানত পোৱা গৈছে।

উল্লেখ্য যে গুজৰাটৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছতে নিৰ্বাচন আয়োগে দাবী আৰু আপত্তিৰ শুনানি গ্ৰহণ কৰিব।