গুজৰাটত এচআইআৰ প্ৰক্ৰিয়াৰ অন্তত শুকুৰবাৰে নিৰ্বাচন আয়োগে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। আয়োগৰ দাবী অনুসৰি, এই সংশোধন প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰা হৈছে।
খচৰা তালিকা প্ৰকাশৰ পিছত ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা উল্লেখনীয়ভাৱে হ্ৰাস পাই ৪ কোটি ৩৪ লাখ ৭০ হাজাৰ ১০৯ জন হৈছেগৈ। ইয়াৰ পূৰ্বে গুজৰাটত মুঠ পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা আছিল ৫ কোটি ৮ লাখ ৪৩ হাজাৰ ৪৩৬ জন। অৰ্থাৎ, খচৰা তালিকাৰ পৰা প্ৰায় ৭৩ লাখ ৭৩ হাজাৰ ৩২৭ জন ভোটাৰৰ নাম কৰ্তন কৰা হৈছে।
ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া হৰীত শুক্লাই জনায় যে, “এচআইআৰ অভিযানৰ সময়ত মুঠ ৭৩,৭৩,৩২৭ জন ভোটাৰৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে।” তেওঁ উল্লেখ কৰে যে ভোটাৰ তালিকাখন স্বচ্ছ কৰাৰ লক্ষ্যৰেই নিৰ্বাচন আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছিল।
মুখ্য নিৰ্বাচনী বিষয়াৰ বিবৃতি অনুসৰি, ভোটাৰ তালিকাৰ পৰা মুঠ ১৮ লাখ ৭ হাজাৰ ২৭৮ গৰাকী মৃত ভোটাৰৰ নাম বাদ পৰিছে। ৯ লাখ ৬৯ হাজাৰ ৬৬২ গৰাকী অনুপস্থিত ভোটাৰৰ নাম বাদ পৰিছে। স্থায়ীভাৱে আন ঠাইলৈ গুচি যোৱা ৪০ লাখ ২৫ হাজাৰ ৫৫৩ ভোটাৰৰ নাম বাদ পৰিছে। একাধিক স্থানত পঞ্জীয়ন ৩ লাখ ৮১ হাজাৰ ৪৭০ গৰাকী ভোটাৰৰ আৰু অন্যান্য কাৰণত ১ লাখ ৮৯ হাজাৰ ৩৬৪ গৰাকী ভোটাৰৰ নাম বাদ পৰিছে।
নিৰ্বাচন আয়োগে জনোৱা মতে, গুজৰাটত এই বিশেষ সংশোধন প্ৰক্ৰিয়া ৪ নৱেম্বৰৰ পৰা আৰম্ভ হৈ ১৪ ডিচেম্বৰত সমাপ্ত হৈছিল। ইয়াৰ পূৰ্বে, ২৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ৰাজ্যজুৰি পৰীক্ষণ পৰ্ব ৩৩ খন জিলা আৰু ১৮২ টা বিধানসভা সমষ্টিত সফলভাৱে সম্পন্ন হৈছে বুলিও আয়োগে জানিবলৈ দিয়ে।
খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছত নাগৰিকসকলৰ বাবে আপত্তি আৰু দাবী উত্থাপনৰ সুযোগ দিয়া হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি, অহা ১৮ জানুৱাৰীলৈকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আপত্তি বা সংশোধনৰ আবেদন জমা দিব পৰা যাব।
মুখ্য নিৰ্বাচনী বিষয়া হৰীত শুক্লাই সাংবাদিকৰ আগত এই খচৰা তালিকা সম্পৰ্কে বিৱৰণ দাঙি ধৰে আৰু এই বিশাল কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে সাধাৰণ নাগৰিকৰ লগতে বুথ লেভেল অফিচাৰ, সহকাৰী নিৰ্বাচনী বিষয়া, নিৰ্বাচনী বিষয়া আৰু জিলা নিৰ্বাচনী বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে।
