গ্ৰেট নিকোবৰ মেগা আন্তঃগাঁথনি প্ৰকল্পই জনজাতীয় ভূমি, বন অধিকাৰ আৰু বিশেষভাৱে দুৰ্বল ‘শ্ব’ম্পেন‘ (Shompen) জনগোষ্ঠীৰ ওপৰত পেলাব পৰা সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত লিটিল এণ্ড গ্ৰেট নিকোবাৰ দ্বীপপুঞ্জৰ জনজাতি পৰিষদে পুনৰবাৰ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ (NCST) হস্তক্ষেপ বিচাৰিছে। পৰিষদে অভিযোগ কৰিছে যে পূৰ্বতে উত্থাপন কৰা আপত্তি আৰু অভিযোগসমূহৰ ওপৰত এতিয়ালৈকে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
প্ৰকাশিত বাতৰি অনুসৰি, জনজাতি পৰিষদৰ অধ্যক্ষই চলিত মাহৰ আৰম্ভণিতে এন.চি.এছ.টি. লৈ লিখা এখন পত্ৰত উল্লেখ কৰে যে গ্ৰেট নিকোবাৰ প্ৰকল্পৰ বাবে জনজাতীয় ভূমি আৰু বন অধিকাৰৰ যি ক্ষতি হ’ব, সেই সন্দৰ্ভত তেওঁলোকৰ আগৰ আবেদনসমূহৰ কোনো সঁহাৰি লাভ কৰা নাই। উল্লেখ্য যে এই সন্দৰ্ভত পৰিষদে যোৱা ৬ ডিচেম্বৰত পুনৰ আন এখন আবেদন দাখিল কৰিছে।
পৰিষদৰ সভাপতি বৰ্ণবাছ মঞ্জুৱে জনোৱা মতে, ২০০৬ চনৰ বন অধিকাৰ আইন অনুসৰি দ্বীপসমূহৰ জনজাতীয় লোকসকলক অধিকাৰ স্বীকৃতি দিয়াৰ প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই। অথচ প্ৰশাসনে এই অধিকাৰ নিষ্পত্তিৰ কাম সম্পন্ন হোৱা বুলি দাবী কৰিছে। প্ৰশাসনৰ এই ভুৱা দাবীৰ বিষয়টো জুলাই মাহত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামলৈ প্ৰেৰণ কৰা পত্ৰতো উল্লেখ কৰা হৈছিল।
উল্লেখ্য যে ৮৪,১০০ কোটি টকাৰ ব্যয়সাপেক্ষ এই গ্ৰেট নিকোবৰ প্ৰকল্পত এটা ট্ৰান্সশ্বিপমেণ্ট বন্দৰ, সংহত টাউনশ্বিপ, অসামৰিক আৰু সামৰিক ব্যৱহাৰোপযোগী বিমানবন্দৰ আৰু গেছ তথা সৌৰ শক্তিভিত্তিক বিদ্যুৎ কেন্দ্ৰ অন্তৰ্ভুক্ত আছে। এই প্ৰকল্পটোৰ বাবে প্ৰায় ১৩০ বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
জনজাতি পৰিষদে স্পষ্ট কৰি দিছে যে কোনো জনজাতীয় সংৰক্ষিত এলেকা বা শ্বোম্পেন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা অঞ্চলত এই প্ৰকল্প নিৰ্মাণ কৰাটো তেওঁলোকে কেতিয়াও সমৰ্থন নকৰে। পৰিষদৰ মতে, গুৰুত্বপূৰ্ণ তথ্য লুকুৱাই ৰাখি এই প্ৰকল্পটো আগবঢ়াই নিয়া হৈছে। ইয়াৰ ফলত ২০০৪ চনৰ চুনামীৰ পিছত স্থানচ্যুত হোৱা নিকোবাৰী জনগোষ্ঠীৰ লোকসকলৰ নিজৰ পূৰ্বপুৰুষৰ গাঁৱলৈ উভতি যোৱাৰ অধিকাৰো বিপন্ন হৈ পৰিছে।
