ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ভুৱা IAS পৰিচয়েৰে প্ৰৱঞ্চনা; ৪ গৰাকীৰ ভিতৰত ৩ গৰাকী প্ৰেমিকাই গৰ্ভৱতী, সাংঘাতিক নেটৱৰ্ক!

উত্তৰ প্ৰদেশৰ গোৰখপুৰত ধৰা পৰা ভুৱা আই এ এছ বিষয়াৰ কীৰ্তিয়ে চিনেমাৰ কাহিনীকো চেৰ পেলাব। এম এছ চি উত্তীৰ্ণ গৌৰৱ কুমাৰ সিং ওৰফে ললিত কিশোৰে কোচিং শিক্ষক হিচাপে আৰম্ভ কৰিছিল যদিও অতি সোনকালেই লালসা আৰু ক্ষমতাৰ মায়াজালত জড়িত হৈ পৰে। ইয়াৰ পিছত তেওঁ জালিয়াতিৰ ভয়াবহ জাল সৃষ্টি কৰিলে, আই এ এছ বিষয়া বুলি পৰিচয় দি লাখ লাখ টকা আত্মসাৎ কৰাৰ চক্ৰান্ত ৰচিলে।

যদিও তেওঁ দিনত টিউচন পঢ়াইছিল, ৰাতিটোৰ ভিতৰতে তেওঁ এখন ভুৱা ‘আই এ এছ লাইফষ্টাইল’ৰ বগা ইনোভা গাড়ী যোগাৰ কৰিছিল, য’ত ৰঙা আৰু নীলা লাইট লগোৱা আছিল। লগতে কেইজনমান অনুগামী, গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল। এই বাহাদুৰিৰে চাৰিজনী প্ৰেমিকা গোটাই পেলালে। ইয়াৰে তিনিগৰাকীয়েই হেনো গৰ্ভৱতী।

এবাৰ বিহাৰৰ ভাগলপুৰত এজন প্ৰকৃত এছডিএমৰ প্ৰশ্নত গৌৰৱে খঙত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। খঙত তেওঁ অফিচাৰজনক দুটাকৈ চৰ মাৰে। আশ্চৰ্যজনক কথাটো হ’ল যে এছডিএম-এ ওলোটাই অভিযোগো দাখিল কৰা নাছিল।

বিহাৰৰ নিৰ্বাচনৰ সময়ত সংঘটিত হোৱা ৯৯ লাখ টকাৰ কেলেংকাৰিৰ তদন্তত জড়িত আছিল এই ভুৱা আই এ এছ বিষয়াগৰাকী। অধিক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে যেতিয়া গোৰখপুৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। গৌৰৱে আগতে চাৰিখন ৰাজ্যত এটা জালিয়াতিৰ নেটৱৰ্ক চলাইছিল। চৰকাৰী নিবিদা পোৱাৰ নামত এআইৰ সহায়ত ভুৱা নথি তৈয়াৰ কৰি কোটি কোটি টকা আত্মসাৎ কৰিছে।

৪৫০ কোটি টকাৰ নিবিদা আদায়কৰি দিয়াৰ নামত তেওঁ এজন ব্যৱসায়ীৰ পৰা ৫ কোটি টকা আৰু দুখন ইনোভা গাড়ী আদায় কৰিছিল। তেওঁৰ ভায়েক অভিষেকে তেওঁক ভুৱা আই এ এছ আই ডি, নামফলক আৰু চফটৱেৰ ভিত্তিক নথি-পত্ৰ প্ৰস্তুত কৰাত সহায় কৰিছিল।

২০১৯ চনত গণিতত এম এছ চি সম্পূৰ্ণ কৰাৰ পিছত তেওঁ অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলায়। পিছত সীতামৰ্হীত ‘আদিত্য ছুপাৰ ৫০’ নামেৰে কোচিং চেন্টাৰ আৰম্ভ কৰে। তাত এজন ছাত্ৰক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি ২ লাখ টকা লৈছিল। প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰি তেওঁৰ বিৰুদ্ধে প্ৰথম এফআইআৰ দাখিল কৰা হয়। জামিনত মুকলি হোৱাৰ পিছত আত্মগোপন কৰে।

আত্মগোপন কৰি থকা অৱস্থাত এগৰাকী যুৱতীক বিয়া কৰাইছিল। তেতিয়াৰ পৰাই আৰম্ভ হয় প্ৰতাৰণাৰ আচল খেল, ভুৱা IAS পৰিচয়ৰে ফেচবুকত মহিলাৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰে। আৰক্ষীয়ে তেওঁৰ মোবাইল পৰীক্ষা কৰি বিভিন্ন ব্যক্তিগত চ্যাট উদ্ধাৰ কৰে, য’ত চাৰিগৰাকী প্ৰেমিকাৰ তথ্য পোৱা যায়। ইয়াৰে তিনিগৰাকী গৰ্ভৱতী আছিল। তেওঁৰ বিবাহ বা প্ৰকৃত পৰিচয়ৰ কথা কাকো কোৱা নাছিল।

গোৰখপুৰ চহৰৰ আৰক্ষী অধীক্ষক অভিনৱ ত্যাগীয়ে দাবী কৰিছে যে এই নেটৱৰ্ক আৰু ডাঙৰ হ’ব পাৰে। বিহাৰ, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশ আৰক্ষীৰ সৈতেও যোগাযোগ অব্যাহত ৰখা হৈছে, কিয়নো এই জালিয়াতিৰ সৈতে আৰু বহু চক্ৰ জড়িত হ’ব পাৰে।