গোৱাৰ ‘বাৰ্চ বাই ৰোমিঅ’ লেন নাইটক্লাব’ত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ২৫ জন লোকৰ মৃত্যু হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে এক বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। নাইটক্লাবটোৰ মালিক গৌৰৱ আৰু সৌৰভ লুথৰাই হেনো দেশ এৰি পলাই গৈছে।
তদন্ত আৰম্ভ হোৱাৰ আগতেই তেওঁলোকে দিল্লীৰ পৰা ইণ্ডিগ’ৰ 6E 1073 বিমানত উঠি পোনে পোনে থাইলেণ্ডৰ ফুকেটলৈ উৰি যায়, এই তথ্য ইমিগ্ৰেছনৰ সূত্ৰৰ পৰা পোৱা গৈছে।
শনিবাৰে মাজ নিশা ক্লাবটোত জুই লাগিছিল। কেইঘণ্টামানৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও মালিকপক্ষ তেতিয়ালৈকে দেশত নাছিল। দুই ভাতৃয়ে পুৱা ৫:৩০ বজাত বিমানত উঠে। ইয়াৰ পিছতে গোৱা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। কিন্তু তেতিয়ালৈকে তেওঁলোক পলাই গৈছিল।
আচৰিত কথা যে, পলায়নৰ পিছতো সৌৰভ লুথৰা ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ আছিল। তেওঁ ইনষ্টাগ্ৰামত ‘শোক’ প্ৰকাশ কৰি এটা পোষ্ট কৰিছিল। আৰক্ষীয়ে অনুমান কৰিছে যে ক্ষতিৰ দায় এৰাবলৈ হয়তো তেওঁলোকে তৎক্ষণাত দেশ ত্যাগ কৰিছে।
ইফালে, আৰক্ষীৰ এটা দলে দিল্লীৰ ঘৰত তালাচী চলায়। তেওঁলোকক বিচাৰি নাপাই আইনী জাননী ওলোমাই দিয়া হয়। গোৱা আৰক্ষীয়ে ৭ ডিচেম্বৰত লুকআউট চাৰ্কুলাৰ জাৰি কৰিছিল। ইয়াৰ পিছত চিবিআইৰ ইণ্টাৰপ’ল কোষৰ সহায় বিচৰা হৈছে।
আনহাতে, নতুন তথ্য পোহৰলৈ আহিছে। জানিব পৰা গৈছে যে লুথৰা ভাতৃদ্বয়ৰ ভগাটৰ বীচ্চত আন এটা ক্লাব আছিল, যিটো হেনো চৰকাৰী মাটিত অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল। তাত নাছিল অগ্নি নিৰাপত্তা ব্যৱস্থা, নাছিল আন কোনো অনুমতি। অভিযোগ অনুসৰি— স্থানীয় প্ৰশাসন, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, টাউন এণ্ড কান্ট্ৰি প্লেনিংকে ধৰি কেইবাটাও বিভাগত অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা লোৱা হোৱা নাছিল।
স্থানীয় সমাজকৰ্মী ৰবি হৰমলকাৰে জনোৱা মতে, অভিযোগ দিয়াৰ বাবে তেওঁ নিজেও ভাবুকি পাইছিল। তেওঁ দাবী কৰিছে যে লুথৰা ভাতৃদ্বয়ৰ গোৱাৰ প্ৰভাৱশালী মহলৰ সৈতে সম্পৰ্ক আছিল।
গোৱাৰ ভয়ংকৰ অগ্নিকাণ্ডৰ তদন্ত এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হৈছে। আৰু ইতিমধ্যে দুয়োজন অভিযুক্ত ক্লাবৰ মালিক ঘটনাস্থলীৰ পৰা হাজাৰ হাজাৰ মাইল দূৰত নিশ্চিন্তে আছে।
