ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

সংসদত পথ-কুকুৰৰ পৰা ই-চিগাৰেটলৈ! ১০ গৰাকী বিৰোধী সাংসদৰ বিৰুদ্ধে বিজেপিৰ বিশেষাধিকাৰ ভংগৰ জাননী

সংসদৰ মজিয়ালৈ কোনোবাই যদি পথ-কুকুৰ লৈ আহিছে, আন কোনোবাই আকৌ সংসদ চৌহদতে ই-চিগাৰেট সেৱন কৰিছে। এনে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা ১০ গৰাকী বিৰোধী সাংসদৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী জাৰি কৰিলে বিজেপিয়ে।

বিজেপি সাংসদ নিশিকান্ত ডুবেই তৃণমূল কংগ্ৰেছ, কংগ্ৰেছ আৰু ডিএমকে-ৰ এই ১০ জন সাংসদৰ বিৰুদ্ধে এই জাননী দাখিল কৰিছে।

লোকসভা সচিবালয়ৰ এক সূত্ৰৰ মতে, অধ্যক্ষই ইতিমধ্যে অভিযোগসমূহ পৰীক্ষা কৰি চাইছে। বিষয়টো বিশেষাধিকাৰ ৰক্ষা কমিটীলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোকেই এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

শুকুৰবাৰে বিৰোধী সাংসদসকলৰ বিৰুদ্ধে এই জাননী দাখিল কৰাৰ পিছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিষয়টো চালি-জাৰি চোৱাৰ আশ্বাস দিয়ে। নিশিকান্ত ডুবেই যি ১০ জন সাংসদৰ বিৰুদ্ধে অভিযোগ আনিছে, তেওঁলোকৰ মাজত আছে ৰেণুকা চৌধুৰী আৰু কীৰ্তি আজাদ। এই তালিকাত আছে সাংসদ হিবি ইডেন, ডিন কুৰিয়াকোচ, জ্যোতিমণিৰ দৰে কংগ্ৰেছ আৰু ডিএমকে-ৰ সাংসদসকল। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ যে কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে ‘জি ৰাম জি’ বিলৰ উত্তৰ দি থকাৰ সময়ত তেওঁলোকে বেঞ্চৰ ওপৰত থিয় হৈ কাগজ ফালি বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছিল।

সংসদ চৌহদত সাংবাদিকৰ সৈতে কথা পাতি নিশিকান্ত ডুবেই কয় যে তেওঁ অধ্যক্ষৰ ওচৰত এই সাংসদসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁৰ মতে এনে এক দৃষ্টান্তমূলক পদক্ষেপ ল’ব লাগে যাতে ভৱিষ্যতে কোনেও এনে কাৰ্য কৰিবলৈ সাহস নকৰে। বাজেট অধিৱেশনৰ আৰম্ভণিতেই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে। শীতকালীন আৰু বাজেট অধিৱেশনৰ মাজৰ সময়ছোৱাত তেওঁলোকক কোনো সংসদীয় কাম-কাজত অংশ ল’বলৈ দিব নালাগে।