ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথম শুনানি : আদালত কি কি হ’ল?

প্ৰয়াত কন্ঠশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি আজি অনুষ্ঠিত হয়। কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়। আদালতৰ নিৰ্দেশ মৰ্মে অভিযুক্তসকলক ইতিমধ্যে অভিযোগনামাৰ প্রতিলিপি প্ৰদান কৰা হৈছে।

জিলা আইনী সেৱা কৰ্তৃপক্ষৰ পৰা অভিযুক্তৰ পক্ষত নিযুক্তি দিয়া অধিবক্তা ধ্ৰুৱজ্যোতি দাসে শুনানিৰ অন্তত সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে।

অধিবক্তাগৰাকীৰ মতে, কাৰাগাৰত অভিযুক্তসকল চৰম মানসিক হতাশা আৰু অনুতাপত ভুগিছে। ইয়াৰ ভিতৰত সন্দীপন নামৰ অভিযুক্তজন শাৰীৰিক আৰু মানসিকভাৱে অধিক ক্লান্ত হোৱা পৰিলক্ষিত হৈছে।

গোচৰটোৰ একমাত্ৰ মহিলা অভিযুক্ত অমৃতপ্ৰভাই কাৰাগাৰত হোৰাহোৰে কান্দি থকা বুলি অধিবক্তাই জানিবলৈ দিয়ে। আনহাতে সিদ্ধাৰ্থ আৰু শ্যামকানুও বৰ্তমান যথেষ্ট হতাশ হৈ পৰিছে।

মানসিক অৱস্থা শোচনীয় হ’লেও অভিযুক্তসকলৰ শাৰীৰিক স্বাস্থ্যত কোনো বিশেষ পৰিৱৰ্তন ঘটা নাই। তেওঁলোকৰ স্বাস্থ্য পূৰ্বৰ দৰেই সুস্থিৰ হৈ আছে।

শুনানিৰ অন্তত অধিবক্তা ধ্ৰুৱজ্যোতি দাসে এক বিশেষ মন্তব্য কৰি কয়, “ৰাইজে ‘Justice for Zubeen Garg’ৰ অৰ্থটো ভুলকৈ বুজি থকা যেন লাগে। ন্যায় মানেই যে কেৱল কাৰোবাক শাস্তি দিয়া, সেইটো নহয়। এই বিষয়ত ৰাইজে মোক ভুল বুজিব পাৰে, কিন্তু আইনী প্ৰক্ৰিয়া তাৰ নিজা গতিৰে চলিব।”

আদালতে অভিযুক্তসকলক অভিযোগনামা অধ্যয়নৰ সময় দিছে। পৰৱৰ্তী শুনানিত এই সন্দৰ্ভত অধিক তথ্য আৰু সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে।