এটা সময় আছিল যেতিয়া পোহৰত থিয় হোৱাৰ অৰ্থই আছিল প্ৰশ্নৰ সন্মুখীন হোৱা। সেই সময়ত সাহসৰ অৰ্থ আছিল চকুত চকু ৰাখি নিজৰ পৰিচয় ঘোষণা কৰা। সেই যুগৰ কুঁৱলী ফালিয়েই উন্মেষ ঘটিছিল মেহেৰ কেষ্টেলিনোৰ।
৮১ বছৰ বয়সত তেওঁ বিদায় ল’লে— নীৰৱে, প্ৰায় শব্দহীনভাৱে। কিন্তু তেওঁ এৰি থৈ গ’ল এক পোহৰ যিটো নুমাই নাযায়। ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতা আৰু ফেশ্বন জগতখন আজি শোকত ভাগি পৰিছে, কাৰণ দেশৰ প্ৰথমগৰাকী ফেমিনা মিছ ইণ্ডিয়া, এগৰাকী অগ্ৰণী, এগৰাকী স্বপ্নদ্ৰষ্টা নাৰীয়ে বিদায় মাগিছে।
১৯৬৪ চনত ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰাটো কেৱল প্ৰতিযোগিতাৰ ফল নাছিল। সমাজৰ আগত চকুত চকু থৈ থিয় হোৱাৰ এক ঐতিহাসিক মুহূৰ্ত আছিল। মুম্বাইত জন্মগ্ৰহণ কৰা মেহেৰে সেই সময়ত ৰেম্পত ভৰি দিছিল যেতিয়া ফেশ্বনক সন্দেহৰ দৃষ্টিৰে চোৱা হৈছিল, আৰু মহিলাৰ অভিব্যক্তিক আৱৰি থকা এখন অদৃশ্য কিন্তু কঠিন দেৱাল আছিল। তেওঁ প্ৰথমে সেই দেৱালখনত খুন্দা মাৰিছিল— নীৰৱে, দৃঢ়ভাৱে, আত্মসন্মানৰে।
তেওঁৰ জয়ে এখন অদৃশ্য দুৱাৰ মুকলি কৰি দিলে। সেই দুৱাৰেদি পৰৱৰ্তী প্ৰজন্মই মূৰ ওপৰলৈ তুলি, বুকুভৰা সপোন লৈ খোজ কাঢ়িছিল। মেহেৰে মিছ ইউনিভাৰ্ছ আৰু মিছ ইউনাইটেড নেচনৰ মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। বিশ্বৰ বিভিন্ন প্ৰান্তত দুহেজাৰৰো অধিক শ্ব’ত অংশগ্ৰহণ কৰি ভাৰতীয় মহিলাসকলৰ আত্মবিশ্বাসৰ প্ৰতিচ্ছবি হৈ পৰিছিল— যিয়ে শব্দৰ বাহিৰলৈ গৈও কথা ক’ব জানে।
ৰেম্প তেওঁৰ প্ৰথম ভাষা আছিল যদিও মেহেৰ ইয়াতেই থমকি নৰ’ল। নিউজ ৰুমৰ অলিগলিৰে ফেশ্বনৰ চকু কপালত তুলিব পৰা পোহৰৰ কাষেৰে তেওঁ খোজ কাঢ়ি গ’ল। ১৯৭৩ চনত ইভ’ছ উইকলিত প্ৰকাশ পাইছিল তেওঁৰ প্ৰথমটো লেখা। ক্ৰমান্বয়ে প্ৰথম শ্ৰেণীৰ ফেশ্বন সাংবাদিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। শৈলী, সংস্কৃতি আৰু সময়ৰ ৰুচিক স্পৰ্শ কৰা তেওঁৰ প্ৰবন্ধবোৰ—আজিও আলোচনাৰ কেন্দ্ৰবিন্দু। তেওঁ কলমটোৰে যিমান শক্তিশালী আছিল, ৰেম্পতো সিমানেই শক্তিশালী আছিল।
ফেমিনা মিছ ইণ্ডিয়া সংস্থাই ছ’চিয়েল মিডিয়াত আৱেগিক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ মৃত্যুৰ বিষয়ে অৱগত কৰে। তাত তেওঁক এগৰাকী বাটকটীয়া বুলি কোৱা হৈছে—যিগৰাকীয়ে দুৱাৰ মুকলি কৰিছিল, মানদণ্ড স্থাপন কৰিছিল আৰু প্ৰজন্মক সপোন দেখাৰ সাহস দিছিল। তেওঁলোকৰ ভাষাত ক’বলৈ গ’লে মেহেৰ কেষ্টেলিনোৰ উত্তৰাধিকাৰ তেওঁ সম্ভৱ কৰি তোলা যাত্ৰাসমূহৰ মাজেৰে আৰু তেওঁ গঢ়ি তোলা সপোনসমূহৰ মাজেৰে জীয়াই থাকিব।
মেহেৰৰ ৰেপিড ৱাকৰ এটা ভিডিঅ’ ফেমিনা মিছ ইণ্ডিয়াৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰা হৈছে। তাত নাই কোনো উচ্চস্বৰৰ ঘোষণা, নাই নাটকীয়তা। মাথোঁ এক স্থিৰ খোজ— যেন প্ৰতিটো খোজতে আত্মসন্মানৰ কবিতা এটা লিখা হৈছে। সেই খোজটোৱে আজিও আমাৰ লগত কথা পাতে কেনেকৈ নীৰৱে ইতিহাস ৰচনা কৰিব পাৰি।
মেহেৰ কেষ্টেলিনো নাই, কিন্তু তেওঁ এৰি যোৱা পথটো ৰৈ গৈছে। ভাৰতীয় নাৰীৰ সপোনত, তেওঁলোকৰ আত্মবিশ্বাসী খোজত, পোহৰত থিয় হৈ নিজকে চিনি পোৱাৰ সাহসত তেওঁ জীয়াই থাকিব। ৰেম্পৰ লাইট নুমাই গ’লেও তেওঁৰ উত্তৰাধিকাৰে চিৰদিনৰ বাবে পোহৰাই ৰাখিব বহু প্ৰজন্মৰ হৃদয়।
