ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ইউৰোভিজন ২০২৬ বৰ্জন কৰিব চাৰিখন দেশে: অষ্ট্ৰিয়াত উত্তেজনা

অষ্ট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত হ’বলগীয়া ইউৰোভিজন সংগীত প্ৰতিযোগিতা ২০২৬-ৰ পূৰ্বে এক ডাঙৰ বিতৰ্কৰ সূত্ৰপাত হৈছে। প্ৰতিযোগিতাত ইজৰাইলক অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়াৰ ফলত চাৰিখন দেশে এই প্ৰতিযোগিতা বৰ্জন কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। এই দেশকেইখন হৈছে আয়াৰলেণ্ড, স্পেইন, নেদাৰলেণ্ড আৰু স্লোভেনিয়া।

গাজা যুদ্ধ আৰু ভোটদানৰ অভিযোগ এই দেশসমূহে গাজাত চলি থকা যুদ্ধ আৰু ইজৰাইলৰ অংশগ্ৰহণৰ ক্ষেত্ৰত অন্যায় ভোটদানৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে ইজৰাইলক প্ৰতিযোগিতাৰ পৰা বাদ দিয়া হওক। আয়াৰলেণ্ডৰ সম্প্ৰচাৰক কোম্পানীয়ে গাজাত হোৱা “ভয়ংকৰ জীৱন ক্ষতি” আৰু মানৱীয় সংকটৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰাৰ কথা স্পষ্ট কৰিছে।

ইয়াৰ বিপৰীতে, ইজৰাইলে এই অভিযোগসমূহ অস্বীকাৰ কৰি ইয়াক এক ” বিশ্বজোৰা অপবাদ অভিযান বুলি অভিহিত কৰিছে।

ইউৰোভিজনৰ আয়োজকসকলে স্পেইনৰ সম্প্ৰচাৰকৰ নেতৃত্বত ইজৰাইলৰ অংশগ্ৰহণৰ ওপৰত গোপন ভোটদানৰ আহ্বান নাকচ কৰে, যাৰ ফলত বৰ্জন কৰা দেশসমূহৰ মাজত অনাস্থা আৰু অধিক বৃদ্ধি পায়।

ইউৰোপীয়ান ব্ৰডকাষ্টিং ইউনিয়ন (EBU), যিয়ে ইউৰোভিছন পৰিচালনা কৰে, তেওঁলোকে প্ৰায় ৫০টা সম্প্ৰচাৰক গোষ্ঠীৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত ভোটৰ ওপৰত চৰকাৰ বা বাহিৰা গোটৰ প্ৰভাৱ ৰোধ কৰিবলৈ নতুন নিয়মৰ ওপৰত সন্মতি প্ৰকাশ কৰা হয়। ইজৰাইলক এই নিয়ম মানি চলিবলৈ সন্মতি দিয়াৰ পিছতহে অংশগ্ৰহণৰ অনুমতি দিয়া হয়।

EBU-এ নিশ্চিত কৰিছে যে বেছিভাগ সদস্যই ইজৰাইলৰ অংশগ্ৰহণৰ ওপৰত পৃথক ভোটদান নকৰাকৈয়ে পূৰ্বৰ পৰিকল্পনা অনুসৰি প্ৰতিযোগিতা আগবঢ়াই নিয়াৰ সপক্ষে মত দিয়ে।

ইজৰাইলৰ ৰাষ্ট্ৰপতিয়ে EBU-ৰ এই সিদ্ধান্তক প্ৰশংসা কৰি ইয়াক সংস্কৃতি আৰু সংগীতৰ জৰিয়তে সংহতি আৰু বন্ধুত্বৰ চিন হিচাপে অভিহিত কৰিছে।

বৰ্জন কৰা চাৰিখন দেশৰ সম্প্ৰচাৰকসকলে স্পষ্ট কৰি দিছে যে তেওঁলোকে ইউৰোভিছন ২০২৬ সম্প্ৰচাৰ নকৰে বা অংশগ্ৰহণ নকৰে। আনহাতে, জাৰ্মানী, ব্ৰিটেইন, আৰু নৰ্ডিক ৰাষ্ট্ৰৰ(ডেনমাৰ্ক (Denmark), ফিনলেণ্ড (Finland), আইচলেণ্ড (Iceland), নৰৱে (Norway), ছুইডেন (Sweden)) দৰে দেশসমূহে ইজৰাইলক অন্তৰ্ভুক্ত কৰি ৰখাৰ সিদ্ধান্তক সমৰ্থন জনাই ইউৰোভিছনক নিৰপেক্ষ কৰি ৰখাত গুৰুত্ব দিছে। বেলজিয়াম আৰু আইচলেণ্ডৰ দৰে কেইখনমান দেশে এতিয়াও নিজৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই।

উল্লেখ্য যে ৰাজনৈতিক কাৰণত এই দৰে ইউৰোভিজন বৰ্জন কৰাটো নতুন কথা নহয়। ২০২২ চনত ইউক্ৰেইনত যুদ্ধৰ বাবে ৰাছিয়াক নিষিদ্ধ কৰা হৈছিল আৰু ইয়াৰ পূৰ্বেও বিভিন্ন বিবাদক লৈ কিছুমান দেশে অংশগ্ৰহণৰ পৰা আঁতৰি আহিছিল। পুনৰ ৰাজনৈতিক বিতৰ্কৰ মাজত সোমাই পৰিছে এই প্ৰতিযোগিতা।