ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

সাপ হৈ খুঁটি বেজ হৈ জৰা নীতি! ইউক্ৰেইনক যুদ্ধৰ বাবে ১০৫ বিলিয়ন ডলাৰ ঋণ দিব ইউৰোপীয় ইউনিয়নে

ইউৰোপীয় ইউনিয়নৰ নেতাসকলে ইউক্ৰেইনৰ সামৰিক আৰু অৰ্থনৈতিক প্ৰয়োজনীয়তা পূৰণৰ বাবে অহা দুবছৰত ১০৫ বিলিয়ন ডলাৰৰ সুতমুক্ত ঋণ প্ৰদান কৰিবলৈ সন্মত হৈছে। ইউৰোপীয় কাউন্সিলৰ সভাপতি এণ্টনিঅ’ কোষ্টাই সংবাদ মাধ্যমৰ আগত এই তথ্য নিশ্চিত কৰে।

কূটনীতিবিদসকলৰ উদ্ধৃতিৰে জানিব পৰা মতে শুকুৰবাৰে (১৯ ডিচেম্বৰ) পুৱাই ইউৰোপীয় ইউনিয়নৰ নেতাসকলে ৰাছিয়াৰ জব্দ কৰা সম্পত্তি ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ইউক্ৰেইনৰ প্ৰতিৰক্ষা খৰচ বহন কৰিবলৈ মূলধনী বজাৰৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত লয়।

ছ’চিয়েল মিডিয়াত এটা পোষ্টত কোষ্টাই কয় যে, “আমাৰ চুক্তি আছে। ২০২৬-২৭ বৰ্ষৰ বাবে ইউক্ৰেইনক ৯০ বিলিয়ন ইউৰো (১০৫.৫ বিলিয়ন ডলাৰ) সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত অনুমোদিত হৈছে। আমি প্ৰতিশ্ৰুতি দিছিলো আৰু এতিয়া আমি বাস্তৱায়িত কৰিছো।”

অৱশ্যে কোষ্টাই এই ধনৰ উৎসৰ বিষয়ে উল্লেখ কৰা নাই। বৃহস্পতিবাৰে (১৮ ডিচেম্বৰ) মাজ নিশালৈকে আলোচনা অব্যাহত থকাৰ পিছতে ইউৰোপীয় ইউনিয়নৰ নেতাসকলে এই চুক্তিত উপনীত হয়।

ইউৰোপীয় ইউনিয়নৰ খচৰা নথিৰ উদ্ধৃতি দি ৰয়টাৰে জনায় যে ইউক্ৰেইনক মূলধনী বজাৰৰ পৰা ঋণৰ জৰিয়তে বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব। ইউৰোপীয় ইউনিয়নৰ বাজেটৰ বিপৰীতে ইয়াক সুৰক্ষিত কৰা হ’ব৷

ইয়াৰ ফলত ইউৰোপীয় ইউনিয়নে ইউক্ৰেইনৰ যুদ্ধ প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ জব্দ কৰা ৰাছিয়াৰ সম্পত্তি ব্যৱহাৰ কৰাৰ বিতৰ্কিত পৰিকল্পনাৰ পৰা সাময়িকভাৱে আঁতৰি আহিছে।

একে সময়তে ইউৰোপীয় ইউনিয়নৰ চৰকাৰসমূহ আৰু ইউৰোপীয় সংসদে ৰাছিয়াৰ কেন্দ্ৰীয় বেংকৰ সম্পত্তি ব্যৱহাৰ কৰি ইউক্ৰেইনৰ বাবে ঋণৰ গাঁথনি গঢ়ি তোলাৰ আলোচনা অব্যাহত ৰাখিব।

নথিখনত ​​উল্লেখ কৰা অনুসৰি ইউক্ৰেইনে মস্কোৰ পৰা যুদ্ধৰ ক্ষতিপূৰণ লাভ কৰিলেহে এই যৌথভাৱে লোৱা ঋণ পৰিশোধ কৰিব। তেতিয়ালৈকে ৰাছিয়াৰ সম্পত্তি জব্দ অৱস্থাতে থাকিব।

একে সময়তে ইউৰোপীয় ইউনিয়নে ঋণ পৰিশোধৰ বাবে প্ৰয়োজন হ’লে সেই সম্পত্তিসমূহ ব্যৱহাৰ কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিব।