ভাৰতে ঔদ্যোগীকৰণৰ প্ৰয়োজনীয় পদক্ষেপৰ মাজেৰে নোযোৱাকৈয়ে দ্ৰুত পুঁজিবাদী বিকাশৰ আৰ্হি অনুসৰণ কৰি আছে—এইদৰে দেশখনে “স্পীড ৰানিং কেপিটেলিজম”ৰ বিপদৰ সন্মুখীন হৈছে।
ফ্ৰন্টলাইনৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দক্ষিণ কোৰিয়াৰ অৰ্থনীতিবিদ হা-জুন চাঙে ভাৰতৰ বৰ্তমানৰ অৰ্থনৈতিক গতিবিধিক “গভীৰভাৱে ত্ৰুটিপূৰ্ণ আৰু বিপদজনক” বুলি অভিহিত কৰিছে।
তেওঁৰ মতে, ঔদ্যোগিক অৰ্থনীতি গঢ়ি নোলোৱাকৈ পোনপটীয়াকৈ সেৱা খণ্ডত জপিয়াই পৰাটো কেৱল এটা বিপথে পৰিচালিত ধাৰণা নহয়—ই দীৰ্ঘকালীনভাৱে ভাৰতৰ বাবে বিপদজনক।
চাঙে স্পষ্টকৈ কৈছে, “ভাৰত প্ৰকৃত অৰ্থত ঔদ্যোগীকৰণৰ পৰ্যায়ত উপনীত হোৱা নাই।”
ঐতিহাসিকভাৱে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ত উৎপাদন খণ্ডৰ অৱদান অতি সীমিত—যোৱা কেইটামান দশকত ই ১২-১৩ শতাংশত সীমাবদ্ধ হৈ আছে। তথাপিও জাপান, দক্ষিণ কোৰিয়া, চীন, ভিয়েটনাম আনকি আফ্ৰিকাৰ কিছুমান দেশেও ঔদ্যোগিক খণ্ডক নিজৰ মূল ভেটি কৰি মধ্যম আয়ৰ বেহুৰ পৰা ওলাই আহিছে।
চাঙে বুজাব খুজিছে যে ঔদ্যোগীকৰণ কেৱল উৎপাদন বৃদ্ধি কৰাই নহয়—ই শ্ৰমিকসকলক কৃষিৰ পৰা উচ্চ উৎপাদনশীল খণ্ডলৈও স্থানান্তৰিত কৰে। ইয়াৰ ফলত অধিক মজুৰি, প্ৰযুক্তিগত উন্নতি, উৎপাদনশীল নিয়োগ আৰু সামগ্ৰিক অৰ্থনৈতিক স্থিতি সৃষ্টি হয়।
য’ত ভাৰতীয় অৰ্থনীতি আই টি, কল চেণ্টাৰ, আউটচ’ৰ্চড ক’ডিং বা কম খৰচী সেৱাৰ ওপৰত নিৰ্ভৰশীল, তেনেক্ষেত্ৰত চাঙে সকীয়াই দিয়ে যে এই খণ্ডসমূহ কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ দ্বাৰা আটাইতকৈ দ্ৰুতগতিত দখল কৰা হ’ব। তেওঁৰ ভাষাত “ভাৰতে গৌৰৱ কৰা সেৱা খণ্ডই হ’ব এআইৰ আটাইতকৈ ডাঙৰ চিকাৰ।” আনহাতে, শক্তিশালী ঔদ্যোগিক ভিত্তি থকা দেশসমূহে উৎপাদনশীলতা বৃদ্ধিৰ বাবে এআইক শক্তি হিচাপে ব্যৱহাৰ কৰিব পাৰে যদিও ঔদ্যোগীকৰণ নথকা দেশসমূহে বৃহৎ পৰিমাণৰ চাকৰি হেৰুৱাৰ সন্মুখীন হ’ব লাগিব।
হা-জুন চাঙে ৰাষ্ট্ৰৰ উদাসীনতাৰ লগতে ভাৰতৰ উদ্যোগ বিৰোধী অৰ্থনৈতিক চৰিত্ৰৰ মূল কাৰণ হিচাপে কৰ্পৰেট আৰু বিত্তীয় অভিজাত শ্ৰেণীৰ আচৰণক সমালোচনা কৰে। তেওঁ কয় যে ভাৰতীয় উদ্যোগপতিৰ এক বৃহৎ অংশ হ্ৰস্বম্যাদী লাভৰ প্ৰতি প্ৰৱল। দীৰ্ঘম্যাদী ঔদ্যোগিক বিনিয়োগ, গৱেষণা, উদ্ভাৱন আৰু শ্ৰমিকৰ দক্ষতা বৃদ্ধিক গুৰুত্ব দিয়া নহয়। এনে প্ৰৱণতাই ভাৰতক উৎপাদনমুখী অৰ্থনীতি নহয়, বিত্তীয় জল্পনা-কল্পনাৰ দ্বাৰা পৰিচালিত “শ্বেয়াৰহোল্ডাৰ পুঁজিবাদ”ৰ দিশত ঠেলি দিছে।
এই পৰিস্থিতিত চাঙে উন্নয়নমূলক ৰাষ্ট্ৰৰ আৰ্হিৰ পৰামৰ্শ দিয়ে—য’ত চৰকাৰে দীৰ্ঘম্যাদী পৰিকল্পনা, ৰাজসাহায্য, সুৰক্ষা নীতি আৰু সক্ৰিয় উদ্যোগৰ ওপৰত গুৰুত্ব দিব। প্ৰয়োজন হ’লে কিছু সময়ৰ বাবে বিত্তীয় নিয়ন্ত্ৰণ বা বিত্তীয় দমনৰ জৰিয়তেও ঔদ্যোগিক বিনিয়োগক অগ্ৰাধিকাৰ দিব লাগিব।
তেওঁৰ মতে: “ঔদ্যোগিক নীতি অবিহনে কোনো দেশেই বহনক্ষম অৰ্থনৈতিক শক্তি হ’ব নোৱাৰে। যদি ভাৰতে গতিপথ সলনি নকৰে, তেন্তে ভৱিষ্যতৰ প্ৰযুক্তি-চালিত বিশ্বত ভাৰতে অন্যতম বৃহৎ ক্ষতিগ্ৰস্ত দেশ হিচাপে পৰিগণিত হ’ব।”
হা-জুন চাঙৰ সৈতে হোৱা এই সাক্ষাৎকাৰটো কেৱল অৰ্থনীতিবিদসকলৰ মাজত আলোচনাৰ বিষয় নহয়, ভাৰতৰ উন্নয়নৰ ভৱিষ্যতৰ বিষয়েও এক গভীৰ সতৰ্কবাণী। প্ৰযুক্তি, পুঁজিবাদ আৰু বিশ্বায়নৰ দ্ৰুত গতিৰ দৌৰত অংশগ্ৰহণ কৰাৰ পূৰ্বে ভাৰতৰ বাবে এতিয়া মূল প্ৰশ্নটো হ’ল – ই উদ্যোগভিত্তিক গাঁথনি নিৰ্মাণ কৰি অৰ্থনৈতিক স্থিতিশীলতা নিশ্চিত কৰিবনে, নে সেৱাৰ ভিত্তিত অস্থিৰ উন্নয়নৰ পথত বিপদৰ পথ গ্ৰহণ কৰিব?
নিশ্চিতভাৱে ভাৰতৰ ভৱিষ্যতৰ অৰ্থনৈতিক নীতি আৰু ৰাজনৈতিক সিদ্ধান্তই এই প্ৰশ্নৰ উত্তৰ নিৰ্ধাৰণ কৰিব।
