বিশিষ্ট অৰ্থনীতিবিদ তথা বিশ্লেষক ড০ পৰাকলা প্ৰভাকৰে আজি শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। অসমৰ অগ্ৰণী বিকল্প সংবাদ মাধ্যম ‘নৰ্থইষ্ট নাও’ৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক বক্তৃতানুষ্ঠানত অংশ ল’বলৈ অহা ড০ প্ৰভাকৰে সংবাদ প্ৰতিষ্ঠানটোৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ সৈতে শিল্পীগৰাকীৰ সমাধিস্থল দৰ্শন কৰে।
উল্লেখ্য যে, যোৱা ১৫ ডিচেম্বৰত ‘নৰ্থইষ্ট নাও’ৰ অষ্টম বৰ্ষপূৰ্তিত ড০ প্ৰভাকৰে ‘আমাৰ গণৰাজ্য সংকটত নেকি?’ শীৰ্ষক বিষয়ত এক সাৰুৱা বক্তৃতা প্ৰদান কৰিছিল। দিছপুৰস্থিত শ্ৰীমন্ত শংকৰ একাডেমীৰ বীণা চৌধুৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটোত প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে।
