ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

এইবাৰ দীপৰ বিলৰ শতিকা পুৰণি গছৰ ওপৰত চৰকাৰৰ শেন চকু : ৰে’লৱে দলং নিৰ্মাণৰ বাবে কটা হ’ব এশৰো অধিক গছ

গুৱাহাটীৰ দাঁতিকাষৰীয়া মনোমোহা জলাহভূমি দীপৰ বিলৰ বহু শতিকা পুৰণি গছবোৰ এতিয়া নোহোৱা হোৱাৰ পথত।

জানিব পৰা মতে, প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ওখ ৰে’লৱে দলং নিৰ্মাণৰ বাবে বিলৰ কাষত থকা এশৰো অধিক গছ চিহ্নিত কৰা হৈছে।

প্ৰতিদিনে বিভিন্ন লোকে দীপৰ বিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহে। এই গছবোৰেই তেওঁলোক আকৰ্ষণ কৰে।  এই গছবোৰ দীপৰ বিলৰ পৰিৱেশ তন্ত্ৰৰ এক অপৰিহাৰ্য অংশ হৈ আহিছে। স্থানীয় বন্যপ্ৰাণীৰ বাবেও এই গছবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে, এতিয়া এই গছবোৰ কাটিবলৈ লোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিৱেশপ্ৰেমী আৰু স্থানীয় ৰাইজ।

চৰকাৰে জনোৱা অনুসৰি, দীপৰ বিলৰ কাষেৰে পাৰ হৈ যোৱা ৰে’লপথটো বন্যহস্তীৰ বাবে বিপদজনক হৈ পৰিছে। শেহতীয়া কেইটামান বছৰত ৰে’লৰ খুন্দাত অঞ্চলটোত ১৫ টাকৈ বন্য হস্তীৰ মৃত্যু হৈছে। সেয়েহে, বন্যহস্তীৰ সুৰক্ষাৰ বাবে ৰে’লৱে বিভাগে বৰ্তমানৰ ৰে’ল লাইনটো বন্ধ কৰি তাৰ ঠাইত ২১ ফুট ওখ এখন দলং নিৰ্মাণৰ সিদ্ধান্ত লৈছে।

আনহাতে, স্থানীয় লোক আৰু পৰিৱেশপ্ৰেমী সকলে ৰে’লৱে কৰ্তৃপক্ষক গছ নাকাটি বিকল্প পদ্ধতি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। এই আহ্বানৰ প্ৰতি ৰে’লৱে বিভাগে কেনেধৰণৰ সঁহাৰি দিয়ে সেয়া হ’ব লক্ষনীয়।