মেঘালয়ত সংঘটিত হোৱা চাঞ্চল্য্যকৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ সাত মাহৰ পাছত অৱশেষত মেঘালয় আৰক্ষীয়ে আদালতত ৭০০ পৃষ্ঠাৰ এক বৃহৎ অভিযোগনামা দাখিল কৰিছে। সমগ্ৰ দেশ কঁপাই যোৱা এই ‘হানিমুন হত্যাকাণ্ড’ৰ ৰহস্য ফাদিল কৰি আৰক্ষীয়ে জনোৱা মতে, ৰাজাৰ পত্নী সোণম ৰঘুবংশী আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই মিলি এই হত্যাকাণ্ডৰ পৰিকল্পনা তৈয়াৰ কৰিছিল। অভিযোগনামাত উল্লেখ কৰা অনুসৰি, স্বামীক হানিমুনৰ চলেৰে মেঘালয়লৈ মাতি নি পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। এই সমগ্ৰ ঘটনাৰ তদন্তত এটা ক’লা ৰঙৰ ট্ৰলী বেগে আৰক্ষীক সম্ভেদ দিয়াত বিশেষ ভূমিকা পালন কৰিছিল।
যোৱা ২৩ মে’ত মেঘালয় ভ্ৰমণলৈ অহাৰ পিছতে ৰাজা আৰু সোণম নিৰুদ্দিষ্ট হৈছিল। ইয়াৰ দহ দিনৰ পিছত অৰ্থাৎ ২ জুনত চেৰাপুঞ্জীৰ এটা জলপ্ৰপাতৰ কাষৰ পৰা ৰাজাৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ কৰা হয়। ঘটনাৰ তদন্ত চলি থকাৰ মাজতে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা সোণমক গ্ৰেপ্তাৰ কৰা হয়, যদিও মেঘালয় আৰক্ষীয়ে দাবী কৰিছিল যে তেওঁ আত্মসমৰ্পণ কৰিছে। স্বামীৰ হত্যাৰ মূল অভিযুক্ত হিচাপে সোণমৰ লগতে তেওঁৰ প্ৰেমিক ৰাজ আৰু আন কেইবাজনো সহযোগীক আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ত কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, প্ৰেমিকৰ সৈতে মিলি নতুন জীৱন আৰম্ভ কৰাৰ বাবেই সোণমে এই চৰম পথ বাছি লৈছিল।
অভিযোগনামাত উল্লেখ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্যটো হ’ল সেই ক’লা ৰঙৰ ট্ৰলী বেগটো। হানিমুনলৈ যোৱাৰ পূৰ্বেই সোণমে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ এটা বেগত ভৰাই প্ৰেমিক ৰাজক দি থৈছিল, যাৰ পৰা স্পষ্ট হয় যে তেওঁ স্বামীক হত্যা কৰি আৰু ঘূৰি যোৱাৰ পৰিকল্পনা কৰা নাছিল। ৰাজাক হত্যা কৰিবলৈ তেওঁলোকে আগতীয়াকৈ ৰোহিত চৌহান, আনন্দ কুৰ্মী আৰু আকাশ সিং ৰাজপুত নামৰ তিনিজন বন্ধুক মেঘালয়লৈ পঠিয়াই দিছিল। আৰক্ষীৰ দাবী অনুসৰি, সোণমেই হত্যাকাৰীসকলক স্বামীক শেষ কৰি দিবলৈ নিৰ্দেশ দিছিল আৰু কৈছিল যে তেনে সুযোগ তেওঁলোকে পুনৰ নাপাব।
প্ৰথম অৱস্থাত আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ সোণমে বিভিন্ন কাহিনী ৰচনা কৰিছিল যদিও জেৰাৰ মুখত তেওঁ সকলো সত্য স্বীকাৰ কৰিবলৈ বাধ্য হয়। বৰ্তমান সোণম, তেওঁৰ প্ৰেমিক ৰাজ আৰু আন সহযোগীসকল শ্বিলঙৰ কাৰাগাৰত বন্দী হৈ আছে। শেহতীয়াকৈ শ্বিলং আদালতে তেওঁলোকৰ জামিন আবেদনো নাকচ কৰিছে। ৭০০ পৃষ্ঠাৰ এই চাৰ্জশ্বীটে এতিয়া এই ঘৃণনীয় হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াক অধিক ক্ষিপ্ৰ কৰি তুলিব বুলি আশা কৰা হৈছে।
