ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

৯৩৫ কোটিৰ পৰা ৫০০০ কোটিলৈ ব্যয় বৃদ্ধি : ৰাইজৰ ধনেৰে নিৰ্মিত বিমান বন্দৰৰ টাৰ্মিনেল আধাতে গতাই দিয়া হৈছিল আদানিক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলটোক লৈ এতিয়া বহুত ভয়ংকৰ সত্য পোহৰলৈ আহিছে। তথ্য অনুসৰি, এই বিশাল আন্তঃগাঠনিটো সম্পূৰ্ণৰূপে আদানি গ্ৰুপে নিৰ্মাণ কৰা নাই, বৰঞ্চ ৰাইজৰ কৰৰ ধনেৰে চৰকাৰী সংস্থা এয়াৰপৰ্ট অথৰীটি অৱ ইণ্ডিয়া(AAI)ইহে ইয়াৰ আধাৰশিলা স্থাপন কৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।

২০১৭ চনত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই কেন্দ্ৰীয় চৰকাৰলৈ লিখা পত্ৰৰ উত্তৰত তদানীন্তন বিভাগীয় মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ জনাইছিল যে এয়াৰপৰ্ট অথৰীটি অৱ ইণ্ডিয়াই ২০১৬-১৭ চনত  য়ে প্ৰায় ১,২৩২ কোটি টকা ব্যয়ৰে এই প্ৰকল্পটো আৰম্ভ কৰিছিল।


কিন্তু যেতিয়া টাৰ্মিনেলটোৰ প্ৰায় ৪০% ৰ পৰা ৫০% কাম সম্পূৰ্ণ হৈছিল, ঠিক সেই সময়তে কোনো ধৰণৰ স্বচ্ছ নীতি-নিয়ম অবিহনেই বিমানবন্দৰটো ৫০ বছৰৰ বাবে আদানি গ্ৰুপক গতাই দিয়া হৈছিল।

চৰকাৰে ৰাইজৰ টকাৰে বিমানবন্দৰৰ টাৰ্মিনেলৰ মূল ভেটিটো নিৰ্মাণ কৰি দিয়াৰ পিছত আদানি গ্ৰুপে কেৱল বাহ্যিক ‘প্ৰলেপ’ ঘঁহি এতিয়া সমগ্ৰ মুনাফা লুটাত ব্যস্ত হৈ পৰিছে। ইয়াৰ ফলত টাৰ্মিনেলটোৰ পৰা চৰকাৰৰ হাতলৈ আহিবলগা ১০০ শতাংশ ধনৰ সিংহভাগ এতিয়া আদানিৰ জেপলৈহে যাব। চৰকাৰে পাব কেৱল নামমাত্ৰ ৰাজহ।

ইফালে মুনাফা দুগুণ কৰাৰ লক্ষ্যৰে অতি সোনকালে বিমানৰ টিকটৰ দাম আৰু অন্যান্য মাচুল বৃদ্ধি পোৱাৰো আছে পূৰ্ণ সম্ভাৱনা। এতিয়া এনেকৈয়ে ৰাইজৰ টকাৰ দ্বাৰা মোদীৰ বন্ধু আদানিক ধনী কৰাৰ লক্ষ্য লৈছে চৰকাৰে। ৰাইজৰ পইচাৰে গঢ়া সম্পদ ব্যক্তিগত কোম্পানীক গটাই দিয়াটোৱে এতিয়া চৰকাৰৰ জনবিৰোধী নীতিক উদঙাই দিছে।