শুকুৰবাৰে পুৱা মহাৰাষ্ট্ৰৰ লাটুৰত কংগ্ৰেছৰ বৰ্ষীয়ান নেতা শিৱৰাজ পাটিলৰ দেহাৱসান ঘটে। তেওঁৰ বয়স আছিল ৯০ বছৰ। কিছুদিনৰ পৰা তেওঁ বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল। তেওঁৰ মৃত্যুৱে ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে।
পাটিল এজন অত্যন্ত সফল ৰাজনীতিবিদ আছিল। সত্তৰৰ দশকত কংগ্ৰেছ বিধায়ক হিচাপে ৰাজনৈতিক কৰ্মজীৱন আৰম্ভ কৰিছিল। পিছলৈ তেওঁ লাটুৰ লোকসভা সমষ্টিৰ সাংসদ হয়। মুঠতে তেওঁ ৭ বাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল।
গৃহ মন্ত্ৰালয়ৰ বাহিৰেও তেওঁ আন কেইবাটাও মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছিল। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ তেওঁ লোকসভাৰ অধ্যক্ষও আছিল।
আজীৱন কংগ্ৰেছী শিৱৰাজ মৃদুভাষী আৰু ৰাজনৈতিক আচাৰ-ব্যৱহাৰৰ বাবে পৰিচিত আছিল। তেওঁ কেতিয়াও কাকো ব্যক্তিগতভাৱে আক্ৰমণ কৰা শুনা নগৈছিল। নীতি-আদৰ্শৰ ভিত্তিত ৰাজনীতি কৰাৰ বাবে তেওঁ পৰিচিত আছিল।
অৱশ্যে তেওঁৰ ৰাজনৈতিক জীৱনত কম বিতৰ্ক হোৱা নাছিল। তেওঁ গৃহমন্ত্ৰী হৈ থকাৰ সময়ত মুম্বাইত সংঘটিত হৈছিল ২৬/১১ৰ ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণ। ইয়াৰ পিছত তেতিয়াৰ ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কোনো পদক্ষেপ ল’ব পৰা নাছিল। যদিও শিৱৰাজে দায়বদ্ধতা প্ৰদৰ্শন কৰে। মুম্বাই আক্ৰমণৰ দায়িত্ব লৈ তেওঁ পদত্যাগ কৰে।
পিছলৈ কংগ্ৰেছ চৰকাৰৰ দিনত শিৱৰাজ পাটিলক ৰাজনৈতিকভাৱে ‘পুনৰ সংস্থাপন’ কৰা হৈছিল। তেওঁক পঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডীগড়ৰ প্ৰশাসক নিযুক্তি দিয়া হয়। ২০১৫ চনলৈকে তেওঁ সেই পদত আছিল। তাৰ পিছত ৰাজনৈতিক বা প্ৰশাসনিকভাৱে তেওঁ আৰু সক্ৰিয় নাছিল।
শিৱৰাজে নিজে আজীৱন কংগ্ৰেছত কৰিছিল যদিও তেওঁৰ পৰিয়ালৰ লোকে শেষত অভিযোগ কৰিছিল যে তেওঁক প্ৰাপ্য সন্মান দিয়া হোৱা নাই। আনকি তেওঁৰ বোৱাৰীয়ে বিজেপিত যোগদান কৰিছিল। কিন্তু সামগ্ৰিকভাৱে দল মত নিৰ্বিশেষে তেওঁৰ গ্ৰহণযোগ্যতা আছিল। তেওঁৰ মৃত্যুত ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে।
