৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কোনো আন্তৰিকতা নাই। আমি কংগ্ৰেছ দলে অসমৰ অন্যান্য জনজাতিৰ লোকসকলৰ ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা আৰু সা-সুবিধা লাভ কৰাতো বিচাৰো। কিন্তু মন্ত্ৰীগোটৰ প্ৰতিবেদনত বিভাজনৰ ৰাজনীতিহে প্ৰতিফলিত হৈছে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন সন্দৰ্ভত আজি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে।
লোকসভাৰ শীতকালীন অধিৱেশনৰ বাবে দিল্লীত ব্যস্ত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে কয় যে অসমৰ আন আন জনজাতিৰ লোকৰ নেতৃত্বয়ো ৬ জনগোষ্ঠীয়ে জনজাতিৰ সা-সুবিধা লাভ কৰাতো বিচাৰিছে। তেনেস্থলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ জৰিয়তে ৬ জনগোষ্ঠীৰ মাজত বিভাজন অনাৰহে অপচেষ্টা চলাইছে। ”অসমৰ মুখ্যমন্ত্ৰীৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কোনো সদিচ্ছা নাই। তেওঁ কেৱল বিভাজনৰ ৰাজনীতি কৰিব বিচাৰিছে আৰু জনজাতীয় লোকসকলৰ মাটি আদানি-আম্বানিক গতাই দিয়াৰ অভিসন্ধি ৰচিছে।’’– শীতকালীন অধিৱেশনত ভাগ ল’বলৈ যোৱাৰ প্ৰাকক্ষণত আজি এইদৰে কয় লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে।
কংগ্ৰেছৰ যদি প্ৰস্তাৱ আছে সেয়া চৰকাৰক দিলেই হ’ল বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত গগৈয়ে কয়, ”প্ৰথমে লিখিতভাৱে আমাক জনাওক। এখন সৰ্বদলীয় কমিটি গঠন কৰক। পিছে এইখিনিতো তেওঁ নকৰে। তেওঁ নিজকে সকলোতকৈ বুদ্ধিমান বুলি ভাবে। এতিয়া ৰাইজে দেখা পালে যে তেওঁ নিজকে যিমান জ্ঞানী বুলি ভাবে আচলতে সিমান জ্ঞানী নহয়। যদি তেওঁ সকলোৰে ৰায় ল’ব বিচাৰে তেন্তে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰক, বিধানসভাত ইয়াৰ চৰ্চা কৰক। কিন্তু সেয়াতো নকৰিলে। কৌশলেৰে বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনাহে সেয়া দিলে।’’
এজন জনজাতীয় নেতাক অন্যায় কৰিহে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে বুলিও কয় গগৈয়ে। গগৈয়ে আৰু কয় যে কেন্দ্ৰ চৰকাৰে শীতকালীন অধিৱেশনত কি কি বিধেয়ক উত্থাপন কৰিবলৈ ওলাইছে সেই সম্পৰ্কে চমু আভাস লাভ কৰিবলৈ সমৰ্থ হৈছে যদিও সেই তালিকাত অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়ক কোনো বিধেয়কৰ কথাৰ উল্লেখ নাই।
ইফালে, জুবিন গাৰ্গৰ হত্যাকাৰী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সভাপতিজনে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্তক বচাবৰ বাবে এজনেই হত্যাকাৰী বুলি ঘোষণা কৰিছে। এজনেই হত্যাকাৰী বুলি যদি তেওঁ জানে কোন সেয়া প্ৰকাশ কৰক বুলি উল্লেখ কৰি গগৈয়ে কয় যে জুবিন গাৰ্গে প্ৰকৃততে ন্যায় পাবনে নাই সন্দেহ আছে।
