অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ লগতে আন ছয়জনৰ বিৰুদ্ধে গুৱাহাটীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত (কেছ নম্বৰ ৬৮/২০২৫) মানহানিৰ অভিযোগ দাখিল কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ ৰ প্ৰস্তাৱিত বিকল্প পথৰ সমালোচনা আৰু ইয়াৰ বিৰোধিতা কৰাৰ বাবেই এই মানহানিৰ গোচৰ তৰা হৈছে।
এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাজৰিকাই কয় যে এই গোচৰটো হৈছে ‘সমালোচকক নীৰৱ কৰি জনসাধাৰণৰ মাজত ভয় জগাই তোলাৰ প্ৰয়াস‘। তেওঁ দাবী কৰে যে এই কৌশল পূৰ্বেও একাধিকবাৰ ব্যৱহাৰ কৰা হৈছে।
অভিযোগ অনুসৰি, ঘাইপথটোৰ প্ৰস্তাৱিত পুনৰ সংহতিৰ কাম শ্ৰীমতী শৰ্মাৰ মালিকানাধীন ১০৬ বিঘা মাটিৰ মাজেৰে পাৰ হ’ব। এই ডাইভাৰচনে হাটবৰ, কুৱৰীতোল, আৰু জখলাবন্ধাৰ ৫০ হাজাৰৰো অধিক বাসিন্দাক প্ৰভাৱিত কৰিব, যিসকল ঘাইপথৰ যাতায়তৰ ওপৰত নিৰ্ভৰশীল।
উপমন্যু হাজৰিকাই অভিযোগৰ মূল দিশসমূহক প্ৰত্যাহ্বান জনাই উল্লেখ কৰে যে মানহানিৰ দাবীত মিছাকৈ কোৱা হৈছে যে ডাইভাৰচন প্লেনত শ্ৰীমতী শৰ্মা বা ৰাজ্য চৰকাৰৰ কোনো ভূমিকা নাছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত পি আই এলত দাখিল কৰা নথিৰ উদ্ধৃতি দি কয় যে মুখ্যমন্ত্ৰী শৰ্মাৰ তত্বাৱধানত ৰাজ্য চৰকাৰ আৰু পি ডব্লিউ ডি বিভাগে ১০৬ বিঘা ভূমিৰ মাজেৰে ঘাইপথটো একাকাৰ কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল।
তেওঁ নিজৰ পক্ষত এনে অভিযোগৰ কেইবাটাও উদাহৰণ দাখিল কৰি কয় যে মুখ্যমন্ত্ৰী শৰ্মাক দেশৰ অন্যতম দুৰ্নীতিগ্ৰস্ত নেতা বুলি অভিহিত কৰা প্ৰতিবেদন আছে। তেওঁ স্পষ্টকৈ কয়, “যেতিয়া কোনো ব্যক্তিৰ সুনাম ইতিমধ্যে দুৰ্বল হয়, তেতিয়া ইয়াক আৰু তললৈ নমাই আনিব নোৱাৰি।”
তেওঁ এইটোও আঙুলিয়াই দিয়ে যে তেওঁ যিবোৰ বক্তব্য দিছে, সেইসমূহ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত পিআইএলত চলি থকা কাৰ্য্যবিধিৰ অংশ। সেয়েহে, ন্যায়িক কাৰ্য্যবিধিৰ বক্তব্য পুনৰাবৃত্তি কৰিলে মানহানি হ’ব নোৱাৰে বুলি তেওঁ জোৰ দিয়ে।
