ছত্তীশগড় চৰকাৰে ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰচাৰৰ বাবে প্ৰায় ৬.৯ কোটি টকা ব্যয় কৰাৰ বিপৰীতে ৰাজ্যখনৰ ‘স্বামী আত্মানন্দ স্কুল অৱ এক্সিলেন্স’ সমূহৰ বাবে আবণ্টিত পুঁজি প্ৰায় ৬৪ শতাংশ কৰ্তন কৰা বুলি এটা আৰ.টি.আই. (RTI) উত্তৰত প্ৰকাশ পাইছে। ইয়াৰ ফলত বিদ্যালয়সমূহে বিদ্যুতৰ বিল পৰিশোধসহ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাত গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে।
চলিত বৰ্ষৰ ১ নৱেম্বৰত প্ৰধানমন্ত্ৰী নেন্দ্ৰ মোদীৰ উপস্থিতিত ছত্তীশগড়ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছিল। জনসংযোগ সঞ্চালকালয়ে আৰ.টি.আই.-ৰ উত্তৰত জনাইছে যে এই এদিনীয়া অনুষ্ঠানটোৰ প্ৰচাৰৰ বাবে চৰকাৰে মুঠ ৬,৯০,৮৩,৩৮৫ টকা ব্যয় কৰিছে। ইয়াৰ ভিতৰত ইলেক্ট্ৰনিক মাধ্যমত বিজ্ঞাপনৰ বাবে ১.৩৯ কোটি টকা, সংবাদপত্ৰত ৪.৯৭ কোটি টকা আৰু হৰ্ডিং-বিলবোর্ড আদিত প্ৰায় ৫৩ লাখ টকা ব্যয় কৰা হৈছে।
আনহাতে, ২০২০ চনত আৰম্ভ কৰা স্বামী আত্মানন্দ বিদ্যালয় আঁচনিৰ অধীনত বিদ্যালয়সমূহে পূৰ্বে বছৰি ৫ লাখ টকা পৰ্যন্ত পুঁজি লাভ কৰিছিল। বৰ্তমান এই ধন ১ লাখ ৮৩ হাজাৰ টকালৈ হ্ৰাস কৰা হৈছে। বিদ্যালয় কৰ্তৃপক্ষৰ মতে, এই সীমিত পুঁজিৰে বিদ্যুৎ বিল, পৰীক্ষা পৰিচালনা, ষ্টেচনাৰী, লেবৰ সামগ্ৰী আৰু বাৰ্ষিক অনুষ্ঠান আয়োজন কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।
বৰ্তমান ৰাজ্যখনত ৭৫১ খন স্বামী আত্মানন্দ স্কুলৰ শাসা চলি আছে। বিৰোধী দল কংগ্ৰেছে অভিযোগ কৰিছে যে পুঁজিৰ এই কৰ্তনে চৰকাৰী বিদ্যালয়সমূহক দুৰ্বল কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লাভ সুনিশ্চিত কৰাৰ এক প্ৰচেষ্টা। এই বিষয়টোৱে ৰাজ্যখনৰ শিক্ষা খণ্ডৰ অগ্ৰাধিকাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।
