শেহতীয়াকৈ যুৱক-যুৱতীসকলৰ মাজত মগজুৰ ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দৈনন্দিন জীৱনত কৰা কিছুমান ভুল আৰু অনিয়মীয়া জীৱনশৈলীৰ লগতে কেইটামান শাৰীৰিক সমস্যাই ষ্ট্ৰোকৰ সৃষ্টি কৰিব পাৰে। সেয়ে সময় থাকোঁতে সাৱধান হোৱাটো জৰুৰী।
কেতিয়াবা হঠাৎ কথা পাতি থাকোঁতে জিভাখন আবদ্ধ হৈ পৰা, শৰীৰৰ কোনো এটা অংশ পক্ষাঘাতগ্ৰস্ত হোৱা, বা হাত ওপৰলৈ তুলিব নোৱাৰা অৱস্থাৰ সৃষ্টি হ’ব পাৰে। এই লক্ষণসমূহ কেইমিনিটমানৰ ভিতৰতে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে। এনে সাময়িক লক্ষণসমূহক ‘মিনি-ষ্ট্ৰোক’ বা (Transient Ischemic Attack – TIA) বুলি কোৱা হয়। বহুলোকে ইয়াক সাধাৰণ বুলি ধৰি লৈ চিকিৎসকৰ ওচৰলৈ নোযোৱাৰ ফলত হঠাৎ এদিন ডাঙৰ ষ্ট্ৰোকৰ সন্মুখীন হয় আৰু মৃত্যুৰ আশংকা বৃদ্ধি কৰে। ব্ৰেইন ষ্ট্ৰোক হঠাতে নাহে, কিন্তু ইয়াৰ লক্ষণসমূহ সকলোৰে বাবে একে নহ’বও পাৰে।
বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব ষ্ট্ৰোক সংস্থাৰ মতে, নিম্নলিখিত ৫টা কাৰণে যুৱক-যুৱতীসকলৰ মাজত ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে:
১. অস্বাস্থ্যকৰ আহাৰ আৰু মানসিক চাপ (উচ্চ ৰক্তচাপ)
যুৱক-যুৱতীসকলৰ মাজত ফাষ্ট ফুড, প্ৰচেছড ফুড (যিবোৰত নিমখ বেছি থাকে) আৰু অত্যধিক মানসিক চাপ লোৱাৰ প্ৰৱণতা থাকে। এইসমূহৰ ফলত উচ্চ ৰক্তচাপ (High Blood Pressure) বা হাইপাৰটেনচন হ’ব পাৰে। ৰক্তচাপ বৃদ্ধি হ’লে ৰক্তবাহী নলীৰ মাজেৰে তেজৰ সোঁতত বাধাৰ সৃষ্টি হয়, যাৰ ফলত তেজ জমা হৈ ষ্ট্ৰোকৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়।
২. মেদবহুলতা আৰু কায়িক শ্ৰমৰ অভাৱ
শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আৰু অত্যধিক চেনিযুক্ত খাদ্য বা জাংক ফুড খোৱাটো মেদবহুলতাৰ অন্যতম কাৰণ। মেদবহুলতাৰ ফলত উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল আৰু ডায়েবেটিছ (Diabetes) ৰ দৰে গুৰুতৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি হয়, যিবোৰেই শেষত ষ্ট্ৰোকলৈ টানি নিয়ে।
৩. অত্যধিক মদ্যপানৰ আসক্তি
বহুতে ভাবে যে দৈনিক মদ্যপানে কেৱল চৰ্বিযুক্ত যকৃতৰ ৰোগহে আনে, কিন্তু সেয়া ভুল। মদ্যপানে মগজুৰ ৰক্তবাহী নলীবোৰ ফালি পেলাব পাৰে। ফলত মগজুৰ ভিতৰত হোৱা ৰক্তক্ষৰণ (Hemorrhage)ৰ বাবে ব্ৰেইন ষ্ট্ৰোকৰ সম্ভাৱনা বহু গুণে বৃদ্ধি পায়।
৪. জন্মগত হৃদযন্ত্ৰৰ সমস্যা
যদি জন্মগতভাৱে কাৰোবাৰ হৃদযন্ত্ৰত ফুটা থাকে বা হৃদস্পন্দন অনিয়মিত হয়, তেন্তে ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এনে হৃদযন্ত্ৰৰ সমস্যাই তেজ জমা হোৱাত সহায় কৰে, যি মগজুলৈ গতি কৰিব পাৰে। সেয়েহে, ত্ৰিশ বছৰ বয়সৰ পিছত ইচিজি (ECG) আৰু ইকোকাৰ্ডিঅ’গ্ৰামৰ দৰে হৃদযন্ত্ৰৰ কিছুমান পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।
৫. তেজ জমা হোৱাৰ বিকাৰ (Blood Clotting Disorders)
থ্ৰম্ব’ফিলিয়া হৈছে এনে এক অৱস্থা য‘ত ৰক্তবাহী নলীত তেজ জমা হোৱাৰ প্ৰৱণতা স্বাভাৱিকতকৈ বেছি হয়। যিসকলৰ এই ৰোগ থাকে, তেওঁলোকৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি। লগতে, ‘ছিকেল চেল এনিমিয়া’ (Sickle Cell Anemia) নামৰ বংশগত ৰোগটোৱেও মগজুৰ ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে। এই ৰোগত ৰক্তকণিকাৰ আকৃতি সলনি হৈ অৰ্ধচন্দ্ৰাকাৰ হৈ পৰে, যাৰ ফলত মগজুলৈ অক্সিজেন সঠিকভাৱে পৰিবহণ নহয় আৰু ষ্ট্ৰোক হ’ব পাৰে।
ব্ৰেইন ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰিবলৈ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰোৱা, সঠিক আহাৰ গ্ৰহণ কৰা আৰু সক্ৰিয় জীৱনশৈলী বজাই ৰখা অতি প্ৰয়োজনীয়।
