ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

‘মছজিদত লাউডস্পীকাৰৰ প্ৰয়োজন নাই’, বম্বে উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা নাই বুলি স্পষ্টকৈ উল্লেখ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। আদালতে কয় যে লাউডস্পীকাৰক কোনো কাৰণতে মৌলিক ধৰ্মীয় অধিকাৰ বুলি গণ্য কৰিব নোৱাৰি। এই যুক্তিৰ ওপৰত ভিত্তি কৰি আদালতে আবেদনকাৰীৰ আবেদন নাকচ কৰে।

মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ মছজিদ গৌছিয়াত নামাজৰ বাবে লাউডস্পীকাৰ ব্যৱহাৰৰ অনুমতি বিচাৰি বম্বে উচ্চ ন্যায়ালয়ত এখন গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ মন্তব্যৰ উদ্ধৃতি দি কয় যে কোনো ধৰ্মই আনৰ শান্তি বিঘ্নিত কৰি নামাজৰ অনুমতি নিদিয়ে। আদালতে প্ৰশ্ন কৰে যে শাস্ত্ৰত কত লিখা আছে যে লাউডস্পীকাৰৰ জৰিয়তে প্ৰাৰ্থনা কৰিব লাগে।

আদালতে লগতে উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কৈছে যে যিকোনো নাগৰিকৰ শান্তিপূৰ্ণ পৰিৱেশত জীয়াই থকাৰ অধিকাৰ আছে। বিশেষকৈ সৰু লৰা-ছোৱালী, বৃদ্ধ, ৰোগী আৰু মানসিক চাপত ভুগি থকা লোকসকলৰ বাবে শব্দ প্ৰদূষণ এক গুৰুত্বপূৰ্ণ বিষয়।

গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অনিল পানছাৰে আৰু ৰাজ ৱাকোদৰ বিচাৰপীঠে কয়, “ধৰ্মীয় চৰ্চাৰ বাবে লাউডস্পীকাৰ যে অপৰিহাৰ্য সেই কথা প্ৰমাণ কৰিব পৰা নাই আবেদনকাৰীয়ে। সেয়েহে আবেদনকাৰীয়ে লাউডস্পীকাৰ লগোৱাৰ অধিকাৰ দাবী কৰিব নোৱাৰে। আবেদন খাৰিজ কৰা হৈছে।

একে সময়তে আদালতে লাউডস্পীকাৰৰ জৰিয়তে এনে ধৰ্মীয় অনুষ্ঠানক শব্দ প্ৰদূষণ বুলি অভিহিত কৰে। ইয়াৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যাসমূহৰ বিষয়েও আদালত সবিস্তাৰে উল্লেখ কৰে। কোৱা হৈছে যে ই অহৰহ যুদ্ধ বা উৰণ পৰিস্থিতিৰ সৃষ্টি কৰে, শৰীৰত কৰ্টিছল আৰু অন্যান্য ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াৰ ফলত হাৰ্ট এটেক, খিংখিঙীয়া হোৱা, ভাগৰুৱা, মূৰৰ বিষ আৰু ৰক্তচাপৰ সমস্যা হব পাৰে।

আদালতে মহাৰাষ্ট্ৰ চৰকাৰক এই বিষয়টোৰ প্ৰতি সংবেদনশীল হৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।