বোকাখাতৰ আগশাৰীৰ আবৃত্তি শিক্ষণ কেন্দ্ৰ “প্ৰয়াস কাব্যকানন”ৰ দহ বছৰীয়া পূৰ্তি উপলক্ষে আজি এক বিশেষ সভা আৰু আবৃত্তি অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ্য যে ২০১৫ চনত বোকাখাত আৰু কমাৰগাঁৱত একত্ৰিতভাৱে এই কেন্দ্ৰটো স্থাপন কৰা হৈছিল। আজি বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এই সমাৰোহত কেন্দ্ৰটোৰ প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থী, বিশিষ্ট ব্যক্তি, অভিভাৱক আৰু অগণন গুণগ্ৰাহী উপস্থিত থাকে।
২০১৫ চনত আবৃত্তি ৰত্ন তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ শান্তিছায়া শইকীয়াৰ উপস্থিতিত আৰু আবৃত্তি ৰত্ন ড৹ গায়ত্ৰী বৰা কাকতিৰ নেতৃত্বত “প্ৰয়াস কাব্যকাননে” জন্ম লাভ কৰিছিল। যোৱা ১০ বছৰ ধৰি বোকাখাত জাতীয় বিদ্যালয় আৰু কমাৰগাঁও মহাবিদ্যালয়ত এই কেন্দ্ৰৰ জৰিয়তে নিৰৱচ্ছিন্নভাৱে আবৃত্তিৰ পাঠদান আৰু ব্যৱহাৰিক প্ৰশিক্ষণ চলি আহিছে। কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ গায়ত্ৰী বৰা কাকতিক মুখ্য প্ৰশিক্ষক আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদক কেন্দ্ৰ সমন্বয়ক হিচাপে লৈ এই যাত্ৰা অব্যাহত আছে। কলকাতাৰ সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদৰ অধীনস্থ এই অনুষ্ঠানটোৰ পৰা ইতিমধ্যে ৩০ গৰাকী শিক্ষাৰ্থীয়ে ৭ বছৰীয়া আবৃত্তি পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ‘বিশাৰদ’ ডিগ্ৰী লাভ কৰিছে।

দহ বছৰীয়া পূৰ্তি অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গ, ড৹ ভূপেন হাজৰিকা আৰু আবৃত্তি প্ৰাণ প্ৰয়াত গোলাপ চন্দ্ৰ বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা পুষ্পাৰ্ঘ অৰ্পণ কৰা হয়। বন্তি প্ৰজ্বলন কৰে প্ৰয়াস অধ্যয়ন চক্ৰৰ স্থায়ী সভাপতি নিজৰা বৰঠাকুৰৰ লগতে উপস্থিত ব্যক্তিসকলে। ইয়াৰ পিছতে কেন্দ্ৰটোৰ অন্তৰ্গত কমাৰগাঁও মহাবিদ্যালয়, বোকাখাত জাতীয় বিদ্যালয়, ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়, ৰঙাগড়া আৰু মহুৰামুখ জাতীয় বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক শিক্ষাৰ্থীয়ে কবিতা আবৃত্তি কৰি পৰিৱেশ জীপাল কৰি তোলে।
অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল ড৹ গায়ত্ৰী বৰা কাকতিৰ পৰিচালনাত “বোকাখাতৰ কবি” শীৰ্ষক এখন কাব্য-আলেখ্য। ইয়াত সমীৰ তাঁতী, নিজৰা বৰঠাকুৰ, পুতুল হাজৰিকা, দিলীপ ফুকন, ৰফিকুল হুছেইন, মৃদুল বৰুৱা, চেনীৰাম গগৈ, পুলিন শৰ্মা, অজিত গগৈ, জীৱন নৰহ আৰু বিমান দলেৰ কবিতা পৰিৱেশন কৰা হয়।
এই অনুষ্ঠানতে আবৃত্তি বিষয়ক তিনিখন গুৰুত্বপূৰ্ণ পুথি উন্মোচন কৰা হয়। ড৹ গায়ত্ৰী বৰা কাকতিৰ “পৰিৱেশ্য কলা: আবৃত্তি” উন্মোচন কৰে কমাৰগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ বিজুলি বৰচেতিয়াই। প্ৰয়াত গোলাপ চন্দ্ৰ বৰাৰ “আবৃত্তি শিকোঁ আঁহা” গ্ৰন্থখন উন্মোচন কৰে শান্তিছায়া শইকীয়াই। লগতে দহ বছৰীয়া পূৰ্তি উপলক্ষে প্ৰকাশিত এখন ১২ পৃষ্ঠাৰ ৰঙীন পুস্তিকা উন্মোচন কৰে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে।

বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়াই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি আবৃত্তিৰ প্ৰায়োগিক দিশ আৰু ইয়াক বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত যোৱা দহ বছৰত বিশাৰদ ডিগ্ৰী লাভ কৰা ৩০ গৰাকী শিক্ষাৰ্থীক বিশেষ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত গোলাপ চন্দ্ৰ বৰাৰ পত্নী খগমাই বৰা, “অসম আবৃত্তি মঞ্চ”ৰ প্ৰণৱ বৰপাত্ৰগোঁহাই, ৰাজীৱ বল্লভ গোস্বামী, মানৱজ্যোতি বৰা আৰু চয়নিকা বৰা নন্দীয়ে অংশগ্ৰহণ কৰে। সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে ড৹ গায়ত্ৰী বৰা কাকতিয়ে।
