নিৰ্বাচনী বণ্ড অসাংবিধানিক। এই ব্যৱস্থাটো আচলতে কিবা এটাৰ বিনিময়ত কাৰোবাক এটা সুবিধা লাভ কৰাই দিয়া। এই ব্যাখ্যাৰে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড বাতিল কৰিছিল। কিন্তু তাত যে কোনো লাভ নহ’ল সেয়া প্ৰমাণ হৈছে আয়োগক দাখিল কৰা নিৰ্বাচনী ট্ৰাষ্টৰ প্ৰতিবেদনত।
কাৰণ, ‘বণ্ড’ৰ সলনি ‘ট্ৰাষ্ট’ আহিলেও গেৰুৱা শিবিৰৰ তহবিলত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই। বণ্ডৰ দৰে ট্ৰাষ্টৰ ‘চান্দা’তো উজলি উঠিছে মোডী-শ্বাহ দলটোৰ পুঁজি।
প্ৰতিবেদনত কোৱা হৈছে যে নিৰ্বাচনী বণ্ডৰ পৰা সৰ্বাধিক লাভৱান হৈছিল কেন্দ্ৰৰ শাসকীয় বিজেপি দল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সেইটো বন্ধ হোৱাৰ পিছত আহিল নিৰ্বাচনী ট্ৰাষ্ট।
নিৰ্বাচন আয়োগৰ হাতত ১৯টা পঞ্জীয়নভুক্ত নিৰ্বাচনী ট্ৰাষ্টৰ ভিতৰত ১৩টাৰ অনুদানৰ সবিশেষ আছে। ইয়াৰে মুঠ ৯টা ট্ৰাষ্টৰ অনুদানৰ প্ৰতিবেদন পোহৰলৈ আহিছে। বাকী চাৰিটা সংস্থাই (জনহিত, পৰিৱৰ্তন, জয়হিন্দ আৰু জয় ভাৰত) চলিত বিত্তীয় বৰ্ষত কোনো ধন দিয়া নাই।
লাভ কৰা তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত ৯ টা ট্ৰাষ্টৰ পৰা অনুদানৰ পৰিমাণ আছিল ৩,৮১১ কোটি টকা, যিটো ৰাজনৈতিক দললৈ গৈছে। ২০২৩-২৪ চনত এই ধনৰাশি আছিল ১২১৮ কোটি টকা। অৰ্থাৎ এবছৰত অনুদান প্ৰায় ২০০ শতাংশ বৃদ্ধি পালে।
তথ্য অনুসৰি, প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্টে সৰ্বাধিক ধন দিছে। প্ৰায় ২৬৬৮ কোটি ৪৬ লাখ টকা। দ্বিতীয় স্থানত আছে প্ৰগ্ৰেছিভ ইলেক্টৰেল ট্ৰাষ্ট। তেওঁলোকে দিয়া ধনৰ পৰিমাণ ৯,১৪ কোটি ৯৭ লাখ টকা। ইয়াৰ লগতে আছে আৰু সাতটা সংস্থা।
শেহতীয়াকৈ এই ট্ৰাষ্টসমূহে নিৰ্বাচন আয়োগক তেওঁলোকৰ অনুদানৰ প্ৰতিবেদন দাখিল কৰে। আৰু তাতেই চাঞ্চল্যকৰ তথ্য চৰ্চালৈ আহিছে। দেখা যায় যে মুঠ অনুদানৰ অৰ্থাৎ ৩,৮১১ কোটি টকাৰ সিংহভাগেই নৰেন্দ্ৰ মোডীৰ দল বিজেপিৰ পকেটলৈ গৈছে। এই ধনৰাশি প্ৰায় ৩,১১২ কোটি ৫০ লাখ টকা। যিটো মুঠ অনুদানৰ ৮২ শতাংশ! বাকী ৬৯৯ কোটি টকা আন দলবোৰৰ একাউণ্টলৈ যায়।
এই ক্ষেত্ৰত কংগ্ৰেছ দ্বিতীয় স্থানত আছে। তেওঁলোকে লাভ কৰিছে মাত্ৰ ২৯৮ কোটি ৭৭ লাখ টকা। অৰ্থাৎ মুঠ ধনৰ ৮ শতাংশতকৈও কম। তালিকাত তৃতীয় স্থানত আছে তৃণমূল কংগ্ৰেছ। তেওঁলোকে লাভ কৰা ধনৰ পৰিমাণ হৈছে ১০২ কোটি টকা।
পৰিসংখ্যা অনুসৰি প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্টে বিজেপিক সৰ্বাধিক অনুদান আগবঢ়াইছে। এই ধনৰ পৰিমাণ ২১৮০ কোটি ৭১ লাখ টকা। জনা যায় যে জিন্দাল ষ্টীল এণ্ড পাৱাৰ, মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড, ভাৰতী এয়াৰটেল, অৰবিন্দ ফাৰ্মাকে ধৰি কেইবাটাও বৃহৎ কোম্পানীয়ে এই ট্ৰাষ্টক ধন আগবঢ়াইছে।
ইয়াৰ ভিতৰত মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত এটা বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ কাম কৰি আছে। যিটো সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগত ৰায়ে তীৰ্যক মন্তব্য, ‘বিজেপিয়ে পুঁজিপতিসকলক সহায় কৰিছে। তেওঁলোকেও বিনিময়ত দি আছে। দৰাচলতে বিজেপি ৰাইজৰ সমৰ্থনত নহয়, টকাৰ ওপৰত চলে। বিজেপিয়ে দেশৰ সকলো সম্পত্তি পুঁজিপতিৰ হাতত বিক্ৰী কৰি দিছে। এইটো তাৰ প্ৰতিফলন।’
ট্ৰাষ্টৰ এনে পৰিসংখ্যা পোহৰলৈ অহাৰ পিছত পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰশ্ন উত্থাপন হৈছে, তেন্তে পৰিস্থিতি ক’ত সলনি হৈছে? উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতেই বা কি লাভ হ’ল?
