মহিলাসকলৰ প্ৰতি কৰা অশালীন আৰু অপমানজনক মন্তব্যৰ অভিযোগত তথাকথিত আধ্যাত্মিক গুৰু অনিৰুদ্ধাচাৰ্যৰ বিৰুদ্ধে আদালতে গোচৰ গ্ৰহণ কৰিছে। এই অভিযোগ দাখিল কৰিছিল সৰ্বভাৰতীয় হিন্দু মহাসভাৰ আগ্ৰা জিলাৰ সভাপতি মীৰা ৰাঠোৰে। তেওঁ দাখিল কৰা অভিযোগ পত্ৰখন মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে গ্ৰহণ কৰিছে। অহা ১ জানুৱাৰীত আদালতে মীৰা ৰাঠোৰৰ সাক্ষ্য গ্ৰহণ কৰিব আদালতে।
যোৱা অক্টোবৰ মাহত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত অনিৰুদ্ধাচাৰ্যই কম বয়সীয়া মহিলা আৰু বিবাহক লৈ মন্তব্য কৰিছিল। ভিডিঅ’টোত তেওঁৰ বক্তব্যক নেট নাগৰিকৰ এটা বৃহৎ অংশ আৰু নাৰী সংগঠনসমূহে নাৰীবিদ্বেষী বুলি অভিহিত কৰিছিল, যাৰ ফলত তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছিল।
মীৰা ৰাঠোৰে ৰাজহুৱাকৈ কৈছিল, “এনে ধৰণৰ মন্তব্য কোনো ধৰ্মীয় নেতাৰ মুখত শোভা নাপায়।”
প্ৰথমে মীৰাই বৃন্দাবন থানাত অভিযোগ কৰিছিল। কিন্তু এফআইআৰ ৰুজু নোহোৱাত তেওঁ আদালতৰ কাষ চাপে।
তেওঁৰ অধিবক্তা মনীষ গুপ্তাই জানিবলৈ দিয়া মতে, আৰক্ষীয়ে অভিযোগ লোৱাৰ ক্ষেত্ৰত কোনো পদক্ষেপেই লোৱা নাছিল, সেয়ে বাধ্য হৈ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত আবেদন কৰা হয়।
মীৰা ৰাঠোৰে জনাই যে তেওঁ এই বিষয়টোক কেন্দ্ৰ কৰি এটা ব্যক্তিগত সংকল্প লৈছিল। তেওঁ কয়, “আবেদন কৰাৰ পিছৰে পৰা মই চুলি বন্ধা নাছিলো। মই ঠিক কৰিছিলো, গোচৰ গ্ৰহণ নোহোৱা পৰ্যন্ত বেণী নবান্ধো। এতিয়া আদালতে গোচৰ গ্ৰহণ কৰিছে, হয়তো এইবাৰ বান্ধিম।”
তেওঁ দাবী কৰিছে যে মহিলাৰ প্ৰতি অপমানজনক মন্তব্য কৰাৰ বাবে অনিৰুদ্ধাচাৰ্যক কাৰাগাৰলৈ প্ৰেৰণ কৰা হওক।
ভিডিঅ’টোক লৈ সমালোচনাৰ ধুমুহা উঠাৰ পিছত অনিৰুদ্ধাচাৰ্যই কয় যে তেওঁৰ বক্তব্যক ভুলভাৱে প্ৰচাৰ কৰা হৈছে। তেওঁ দাবী কৰে, “মই নাৰী-পুৰুষ দুয়োকে কৈছিলো। একাধিক পুৰুষৰ সৈতে সম্পৰ্ক থকা কোনো নাৰী ভাল চৰিত্ৰৰ নহয়, আৰু একাধিক নাৰীৰ সৈতে সম্পৰ্ক থকা পুৰুষো ব্যভিচাৰী। বিষয়টো বিকৃত ৰূপত প্ৰকাশ কৰা হৈছে।”
তেওঁৰ বক্তব্য অনুসৰি, ভাইৰেল হোৱা ক্লিপটোৰ পৰা গুৰুত্বপূৰ্ণ অংশ বাদ দিয়া হৈছে, ফলত যি প্ৰচাৰ হৈছে সেয়া তেওঁৰ প্ৰকৃত বক্তব্য নহয়।
