ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

পুনৰ জ্বলিছে বাংলাদেশ, সংবাদ মাধ্যমৰ কাৰ্যালয়ত আক্ৰমণ-অগ্নিসংযোগৰ ঘটনাত উত্তপ্ত ঢাকা

ইনকিলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ ওছমান হাদীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ঢাকা উত্তাল হৈ পৰে। বৃহস্পতিবাৰে নিশা হোৱাৰ লগে লগে ৰাজপথত ক্ষোভৰ সৃষ্টি হয়। প্ৰতিবাদৰ জুইকুৰাই সংবাদ মাধ্যমকো ৰেহাই নিদিলে।

ৰাজধানীৰ কাৰৱান বজাৰৰ দৈনিক ‘প্ৰথম আলো’ আৰু ফাৰ্মগেটৰ ইংৰাজী দৈনিক ‘ডেইলী ষ্টাৰ’- প্ৰতিষ্ঠান দুটাৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ চলে, কৰে লণ্ডভণ্ড, অগ্নিসংযোগৰ দৰে ঘটনাও ঘটে। অগ্নিকাণ্ডৰ ভয়াৱহতাৰ বাবে কাৰ্যালয়ৰ ভিতৰত আৰু ছাদত আবদ্ধ হৈ পৰে সাংবাদিক আৰু কৰ্মচাৰী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰু অতিৰিক্ত আৰক্ষী মোতায়েন কৰিবলগীয়া হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে, নিশা প্ৰায় ১২:৩০ বজাত শ্বাহবাগ দিশৰ পৰা প্ৰথম আলো কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী শোভাযাত্ৰা লৈ ক্ষুব্ধ ৰাইজ উপস্থিত হয়। সেই সময়ত প্ৰথম আলো আৰু ভাৰতৰ বিৰুদ্ধে শ্লোগান উত্থাপন হৈছিল।

এটা সময়ত কাৰ্যালয়ৰ অট্টালিকাত প্ৰৱেশ কৰে একাংশ লোক। আচবাব ভাঙি-ছিঙি, কাগজ-কম্পিউটাৰ তললৈ পেলাই দিয়া হয়। অট্টালিকাটোৰ সন্মুখত জুই লগোৱাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পিছত প্ৰতিবাদকাৰীসকলে ততাতৈয়াকৈ গৈ কিছু দূৰৈত অৱস্থিত ডেইলী ষ্টাৰ ভৱনলৈও উপস্থিত হয়। তাতো লণ্ডভণ্ড চলাই অগ্নিসংযোগ কৰে। অট্টালিকাৰ তলৰ মহলাত জুই লগাই দিয়াৰ ফলত ওপৰৰ মহলালৈ ধোঁৱা বিয়পি পৰে।

ডেইলী ষ্টাৰৰ কাৰ্যালয়ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত পৰিস্থিতি অধিক জটিল হৈ পৰে। জুই আৰু ধোঁৱাৰ তীব্ৰতাৰ বাবে একাংশ কৰ্মচাৰীয়ে ছাদত আশ্ৰয় ল’বলৈ বাধ্য হয়। প্ৰত্যক্ষদৰ্শীয়ে কয় যে সেই সময়ত তললৈ নামি যোৱাৰ পথটো প্ৰায় বন্ধ আছিল। বহু সময় আতংকত আবদ্ধ হৈ থাকিব লগা হৈছিল।

এই খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হয়। অৱশ্যে কাম আৰম্ভ কৰাটো কঠিন হৈ পৰিছিল। অগ্নিনিৰ্বাপক বাহিনীৰ মিডিয়া চেলৰ ভাৰপ্ৰাপ্ত বিষয়া মহম্মদ শ্বাহজাহান ছিকদাৰে কয় যে যদিও তিনিটা অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্ৰৰ পৰা ৮টা ইউনিট প্ৰেৰণ কৰা হৈছিল, তথাপিও ক্ষুব্ধ ৰাইজৰ বাবে বহু ঠাইত আবদ্ধ হৈ পৰিছিল। সেনাৰ সহায়ত প্ৰথম আলোত দুটা ইউনিট আৰু ডেইলী ষ্টাৰত এটা ইউনিটে জুই নিৰ্বাপনৰ কাম আৰম্ভ কৰে।

যোৱা শুকুৰবাৰে জনবহুল এলেকাত গুলীবিদ্ধ হৈছিল ওছমান হাদী। ঢাকা মেডিকেল কলেজ হাস্পতালত প্ৰাৰম্ভিক চিকিৎসাৰ অন্তত তেওঁক ছিংগাপুৰলৈ প্ৰেৰণ কৰা হয়। এসপ্তাহ মৃত্যুৰ সৈতে যুঁজি বৃহস্পতিবাৰে নিশা ৯:৪৫ বজাত তেওঁৰ মৃত্যু হয়। আগন্তুক সাধাৰণ নিৰ্বাচনত ঢাকা-৮ সমষ্টিৰ বাবে হাদী আছিল সম্ভাৱ্য নিৰ্দলীয় প্ৰাৰ্থী। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বৃহস্পতিবাৰে নিশা ছাত্ৰ-ছাত্ৰী আৰু উন্মত্ত জনতা ৰাজপথলৈ ওলাই আহে। ক্ৰমান্বয়ে হিংসাত্মক ৰূপ লয় প্ৰতিবাদে।

ইপিনে, বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে হাদীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। দেশবাসীক দিয়া ভাষণত তেওঁ দেশবাসীক ধৈৰ্য্য আৰু সংযম বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে শনিবাৰে সমগ্ৰ দেশতে শোক দিৱসৰ ঘোষণা কৰে। গোটেই দিনটো ৰাষ্ট্ৰীয় পতাকা অৰ্দ্ধনমিত কৰি ৰখা হ’ব।

কিন্তু মুখ্য উপদেষ্টাগৰাকীৰ এই বক্তব্যৰ পিছতো বাস্তৱত পৰিস্থিতিয়ে বিপৰীত ছবিখনহে দেখুৱালে। ৰাজনৈতিক হত্যাকাণ্ডৰ পাছত ৰাজধানীৰ মাজমজিয়াত সংবাদ মাধ্যমৰ ওপৰত এনে আক্রমণে বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতি আৰু অধিক উদ্বিগ্ন কৰি তুলিছে।