শনিবাৰে মাজনিশা গোৱাত সংঘটিত হয় এক ভয়ানক দুৰ্ঘটনা। উত্তৰ গোৱাৰ অৰপোৰাৰ জনপ্ৰিয় নাইট ক্লাবত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত কমেও ২৩ জন লোকৰ মৃত্যু হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি নিহতসকলৰ ভিতৰত আছে একাংশ বিদেশী পৰ্যটকো। এই ঘটনাত আন কেইবাজনো আহত হয়।
জানিব পৰা মতে, উত্তৰ গোৱাৰ বাগা অঞ্চলৰ বাৰ্চ বাই ৰোমিঅ’ লেনৰ জনপ্ৰিয় নাইট ক্লাবত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো। ছুটিৰ দিন থকাৰ বাবে নাইটক্লাবটোত সাধাৰণতে থকাতকৈ বেছি ভিৰ আছিল। হঠাৎ তাত অগ্নিকাণ্ড সংঘটিত হয়।
প্ৰাথমিক তদন্তত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। জুই লগাৰ লগে লগে নিমিষতে সমগ্ৰ ক্লাবত বিয়পি পৰে। সকলোৱে আতংকিত হৈ দৌৰিবলৈ ধৰে। ঘটনাস্থলীতে ২৩ জন লোকৰ মৃত্যু হয়।
এই খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তো উপস্থিত হয়। তেওঁ কয় যে মৃত লোকসকলৰ অধিকাংশই পাকঘৰৰ কৰ্মচাৰী। তদুপৰি তিনিগৰাকী মহিলাৰ মৃতদেহো চিনাক্ত কৰা হৈছে। মুখ্যমন্ত্রী প্রমোদ সাৱন্তই কয় যে ২৩ জন লোকৰ ভিতৰত তিনিজনৰ অগ্নিদগ্ধ হৈ মৃত্যু হৈছে আৰু বাকীসকলৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হৈছে৷
প্ৰাথমিক তদন্তত দাবী কৰা হৈছে যে ৰাজধানী পানাজীৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত জনপ্ৰিয় পাৰ্টি স্থানটোত অগ্নিনিৰ্বাপক কোনো নিয়ম মানি চলা নাছিল।
গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে, “নিৰাপত্তাৰ নিয়ম-নীতি উলংঘা কৰিও ক্লাবসমূহক কাম কৰিবলৈ দিয়া বিষয়াসকলৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম।” বছৰৰ শেষৰ ফালে গোৱাত পৰ্যটকৰ হুলস্থুল বছৰৰ আন সময়তকৈ বেছি। স্বাভাৱিকতে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
