সমাজত কুসংস্কাৰ বিয়পোৱা এটা ভণ্ড বেজক গ্ৰেপ্তাৰ কৰিছে গহপুৰ আৰক্ষীয়ে।
অভিযুক্ত ব্যক্তিজনৰ বিৰুদ্ধে কলাযাদুৰে চিকিৎসা কৰা, ধৰ্মান্তৰকৰণৰ চেষ্টা কৰা আদি বহু অভিযোগ উত্থাপন হৈছে।
অভিযুক্ত ব্যক্তিজনক লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ থানাৰ অন্তৰ্গত দেজু সমবায় কন্দৰাপথাৰৰ বাসিন্দা নুৰুদ্দিন খান পাল বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, নুৰুদ্দিনে পূৰ্বে কামৰ সন্ধানত অৰুণাচল প্ৰদেশলৈ গৈছিল। তাতে তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে আৰু ধৰ্মীয় শিক্ষা লাভ কৰে। ইয়াৰ পিছতে তেওঁ বিভিন্ন দুৰ্গম গাঁওসমূহলৈ গৈ নিজকে এজন অলৌকিক শক্তি থকা বেজ হিচাপে পৰিচয় দিয়ে আৰু চিকিৎসাৰ নামত ধন সংগ্ৰহ কৰে।
আৰক্ষীৰ মতে, নুৰুদ্দিনে বিশেষকৈ নিশাৰ ভাগত লোকসকলৰ ঘৰলৈ গৈছিল। তেওঁ একাংশ ৰোগীক কিছুমান ৰাসায়নিক দ্ৰব্য দিছিল যিয়ে বিষ নিৰাময়ক হিচাপে কাম কৰিছিল। উদাহৰণস্বৰূপে, কিডনীৰ পাথৰত বিষত ভোগা লোকক তেনে ঔষধ দি সাময়িক উপশম দিছিল। এই সাময়িক সকাহ পোৱাৰ পিছতে সৰলমনা লোকসকলে তেওঁক ডাঙৰ ৰোগ নিৰাময় কৰিব পৰা অলৌকিক ব্যক্তি বুলি বিশ্বাস কৰি লৈছিল।
কেৱল চিকিৎসাতেই ক্ষান্ত নাথাকি নুৰুদ্দিনে ডিমাপুৰ আৰু ছত্তীশগড়ৰ দৰে অঞ্চলতো ধৰ্মান্তৰকৰণৰ কাম চলাই আছিল বুলি অভিযোগ উঠিছে। তেওঁ এগৰাকী মিচিং সম্প্ৰদায়ৰ মহিলাক বিয়া কৰাইছিল আৰু তেওঁকো ধৰ্মান্তৰিত কৰিছিল। প্ৰাৰ্থনাৰ জৰিয়তে যীচু খ্ৰীষ্টৰ নামত তেওঁ ‘মেজিক হিলিং’ কৰাৰ দাবী কৰিছিল আৰু কৈছিল যে কেৱল বিশ্বাসৰ জৰিয়তেহে ৰোগী সুস্থ হ’ব পাৰিব।
উল্লেখ্য যে অসম চৰকাৰে অলপতে বলৱৎ কৰা ‘অসম হিলিং (অশুভ প্ৰথা প্ৰতিৰোধ) আইন, ২০২৪’ (Assam Healing (Prevention of Evil Practices) Act, 2024) আৰু ১৯৫৪ চনৰ ‘ড্ৰাগছ এণ্ড মেজিক ৰেমেডীছ এক্ট’ৰ অধীনত নুৰুদ্দিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
