ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

অস্তাচলত ৰক্তিম সূৰ্য! দুবছৰত ৫০০ মাওবাদীক নিধন সেনা-আৰক্ষীৰ, ছত্তিশগড়ত পুনৰ তিনিজনক হত্যা

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মাওবাদী মুক্ত ভাৰতৰ সপোন এতিয়া পূৰ হোৱাৰ পথত। ছত্তিশগড় চৰকাৰৰ দাবী অনুসৰি, আৰক্ষীৰ হাতত ইতিমধ্যে ৫০০তকৈও অধিক মাওবাদীৰ মৃত্যু হৈছে। এই তালিকাত এতিয়া যোগ হৈছে আন তিনিজনৰ নাম।

বৃহস্পতিবাৰে ছত্তিশগড়ৰ সুকমা জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত মাওবাদী কেইজনৰ মৃত্যু হয়। নিহত মাওবাদী কেইজনৰ শিৰৰ মূল্য আছিল মুঠ ৭ লাখ টকা।

তেলেংগানা সীমান্তৰ সমীপৰ গোলাপল্লী অঞ্চলৰ হাবিত মাওবাদীৰ উপস্থিতিৰ খবৰ পাইছিল ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ডে। সেই অনুসৰি বৃহস্পতিবাৰে পুৱতি নিশা ডিআৰজি আৰু চিআৰপিএফৰ যৌথ বাহিনীয়ে অভিযান চলায়। গভীৰ অৰণ্যত কিছু সময় ধৰি দুয়োপক্ষৰ মাজত গুলীয়াগুলি চলে। সংঘৰ্ষৰ অন্তত এগৰাকী মহিলাসহ তিনিজন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ দাবী অনুসৰি, নিহতসকল নিষিদ্ধ সংগঠন চিপিআই মাওবাদীৰ সশস্ত্ৰ শাখা পিএলজিএ (পিপল্‌ছ লিবাৰেশ্যন গেৰিলা আৰ্মী)-ৰ সদস্য। নিহত দুই পুৰুষ মাওবাদী নেতা এৰিয়া কমিটিৰ সদস্য আছিল আৰু তেওঁলোকৰ মূৰৰ দাম আছিল ৫ লাখ টকা। আনহাতে, নিহত মহিলাগৰাকী লোকেল কমিটিৰ সদস্য আছিল, যাৰ মূৰৰ দাম আছিল ২ লাখ টকা।

উল্লেখ্য যে, ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ পৰা মাওবাদী সমূলঞ্চে নিৰ্মূল কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। সেই লক্ষ্য আগত ৰাখিয়েই বৰ্তমান তীব্ৰগতিত অভিযান চলি আছে। যোৱা কেইমাহমানত ছত্তিশগড়, মহাৰাষ্ট্ৰকে ধৰি একাধিক ৰাজ্যত শ শ মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে।

শ্বাহে স্পষ্টকৈ জনাই দিছে, “যিসকলে হিংসা ত্যাগ কৰি মূল সুঁতিলৈ উভতি আহিব বিচাৰে, তেওঁলোকক আদৰণি জনোৱা হ’ব। কিন্তু যিসকলে এতিয়াও বন্দুক হাতত লৈ আছে, তেওঁলোকে সুৰক্ষা বাহিনীৰ মুখামুখি হ’বলৈ সাজু থাকিব লাগিব।”