এইবাৰ বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে সৰৱ হৈছে শিল্পী অনুষ্কা শংকৰ। এয়াৰ ইণ্ডিয়াই নিজৰ চেতাৰ ভঙাৰ অভিযোগ উত্থাপন কৰিছে তেওঁ। ছ’চিয়েল মিডিয়াত নিজৰ প্ৰিয় চেতাৰ ভাঙি যোৱাৰ ধৰণক লৈ ক্ষোভ প্ৰকাশ কৰিছে অনুষ্কাই। চেতাৰখন কেনেকৈ ভাঙিল তাৰ সঠিক উত্তৰ দিব নোৱাৰিলে এয়াৰ ইণ্ডিয়াই। অৱশ্যে বিষয়টোৰ তদন্ত চলি থকা বুলি জানিবলৈ দিয়ে।
অনুষ্কাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি ভঙা চেতাৰৰ অৱস্থা সকলোৰে দৃষ্টিগোচৰ কৰে। প্ৰথমতে তেওঁ কথাটো লক্ষ্য কৰা নাছিল। বজাবলৈ অসুবিধা হোৱাত তেওঁ ওলোটাকৈ চাই দেখিলে যে খোলাটো ফাটি গৈছে। অনুষ্কাই কয় যে যোৱা ১৫-১৭ বছৰত এইবাৰ প্ৰথমবাৰৰ বাবে এনে ঘটনাৰ সাক্ষী হৈছে। গোটেই ঘটনাটোত তেওঁ স্তম্ভিত হৈ পৰিছে।
ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ’টোত অনুষ্কাই কোৱা শুনা গৈছে, “প্ৰথমে মই চেতাৰৰ আনটো অংশ চাই আছিলো। ই ভালদৰে সুৰত নাছিল। বজাবলৈ তুলি লওঁতে মই বুজিলোঁ যে কি হৈছে। বহুদিনৰ মূৰত এয়াৰ ইণ্ডিয়াৰ বিমানত উঠিছিলোঁ। মই এই দেশৰে সংগীতৰ অনুশীলন কৰো। যোৱা ১৫-১৭ বছৰত এইটো প্ৰথমবাৰৰ বাবে এনেকুৱা কিবা এটা হৈছে। আপুনি এইটো কেনেকৈ কৰিব পাৰিলে? মোৰ সুকীয়া কেছ আছে। আপোনালোকে হেণ্ডলিং ফী লয়। তাৰপিছতো এইটো কৰিলে।”
অনুষ্কাৰ অভিযোগৰ পিছত এয়াৰ ইণ্ডিয়াই এক বিবৃতি জাৰি কৰি কয় যে, “এগৰাকী গুৰুত্বপূৰ্ণ অতিথিৰ বাদ্যযন্ত্ৰৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ পাই আমি চিন্তিত হৈছো। ইয়াৰ সাংস্কৃতিক আৰু ব্যক্তিগত মূল্যবোধৰ বিষয়ে আমি সচেতন। এই ঘটনাৰ বাবে আমি অত্যন্ত দুখিত। এইটো কেনেকৈ হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অতিথিগৰাকীৰ সৈতেও আলোচনা চলি আছে। আমি তদন্ত কৰি আছো যে ক্ষতি কেনেকৈ হ’ল। এনেবোৰ সামগ্ৰী চম্ভালিবলৈ বহু লোক জড়িত থাকে।”
অৱশ্যে সমগ্ৰ ঘটনাটোত অনুষ্কাৰ কাষত থিয় দিছে নেটিজেনসকলে। একাংশ লোকৰ মতে চেতাৰ ভাঙি যোৱাৰ ধৰণটো অনাকাংক্ষিত হ’ব নোৱাৰে। এয়াৰ ইণ্ডিয়াৰ সেৱাক লৈও বহুতে প্ৰশ্ন উত্থাপন কৰে। অনুষ্কা এগৰাকী আন্তঃৰাষ্ট্ৰীয় শিল্পী। বহুতে আশংকা প্ৰকাশ কৰিছে যে যদি তেওঁৰ লগত এনেকুৱা এটা ঘটনা ঘটে তেন্তে সাধাৰণ মানুহৰ লাগেজৰ কি হ’ব?
