আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল বকতাৰ এনিস্মিতা। সমগ্ৰ দেশৰ লগতে শিৱসাগৰৰ বকতা ১নং কোঁৱৰ গাঁৱলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ কঢ়িয়াই আনিলে এনিস্মিতা কোঁৱৰে৷ নাজিৰাৰ শিমলুগুৰিৰ লগতে বকতা ১নং কোঁৱৰ গাঁৱত উষ্ম আদৰণি৷
ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইউথ এছিয়ান পেৰা গেমছত স্বৰ্ণ পদক অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে শিৱসাগৰ জিলাৰ বকতা ১নং কোঁৱৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে এনিস্মিতা কোঁৱৰে৷
আজি স্বগৃহলৈ অহা লগেই লগেই এনিস্মিতা কোঁৱৰক শিমলুগুৰিত আৰু বকতা ১নং কোঁৱৰ গাঁৱত উষ্ম আদৰণি জনাই স্থানীয় ৰাইজে৷ এনিস্মিতাই বিশ্বৰ ৪৫খনকৈ দেশৰ প্ৰতিযোগিৰ ভিতৰত ভাৰতৰ হৈ লং জাম্পত সোণৰ ১০০মিটাৰ দৌৰত চিলভাৰ আৰু ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
বিশেষ তাৎপৰ্যপূৰ্ণ বিষয় যে বিশেষভাবে সক্ষম হৈও এনেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এছিয়ান গেমছত পদক অৰ্জন কৰি সমগ্ৰ অসমৰ লগতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াকে লৈ সমগ্ৰ বকতাবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।
