ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

পৰিভ্ৰমী ভোট দাতা : নাগৰিক অধিকাৰ তথা গণতন্ত্ৰৰ ভৱিষ্যত

বিজেপিৰ আমোলত, বিগত ১০|১১ বছৰত, দেশত তিল তিলকৈ গণতন্ত্ৰক হত্যা কৰি অহা হৈছে। এই ধৰণৰ হত্যা কাৰ্য পৰিকল্পিত ভাৱেই কৰা হৈছে আৰু লক্ষ্য হৈছে দেশত ফেছীবাদী শাসন ব্যৱস্থাৰ প্ৰবৰ্তন কৰা। আৰু এই ফেছীবাদ আহিছে দেশৰ ক্ৰোণী কেপিটেলিষ্ট সকলৰ সহায়ক ৰূপে। ফেছীবাদী শাসন প্ৰৱৰ্তন কৰাৰ লক্ষ্য আগত লৈয়েই ক্ৰমাগতভাৱে দেশত গণতান্ত্ৰিক পৰম্পৰাৰ সৈতে সংগতি থকা অনুষ্ঠান প্ৰতিষ্ঠান সমূহ এফালৰ পৰা নিয়ন্ত্ৰণ কৰা আৰু পাৰিলে সম্পূৰ্ণ ৰূপে নিশকতীয়া কৰা। চিবিআই, ইডি, ইনকাম টেক্স, বিচাৰ ব্যৱস্থা, উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় আৰু দেশৰ নিৰ্বাচন আয়োগ আৰু উচ্চ শিক্ষাৰ অনুষ্ঠান বিশ্ববিদ্যালয় বোৰ । এই অনুষ্ঠান প্ৰতিষ্ঠান বোৰ হয়তো নিয়ন্ত্ৰণ নহয়তো নিশকতীয়া কৰাৰ পিছত চৰকাৰে যি ইচ্ছা তাকেই কৰিবলৈ লৈছে। ফলত দেশত গণতন্ত্ৰ নিশকতীয়া হৈ পৰিছে আৰু চৰকাৰৰ দৌৰাত্ম্য বৃদ্ধি পাই আহিছে। এই সকলো বোৰৰ উদ্দেশ্য হৈছে আকৌ দেশত শাসকীয় দলৰ চৰকাৰক স্থায়িত্ব প্ৰদান কৰাটো। কেৱল শাসকীয় দলটোকে সদায়েই ক্ষমতাৰ গৰাকী কৰি ৰাখিবলৈ হলে আৰু কিছুমান আনুসাংগিক কাম কৰাৰ প্ৰয়োজন আহি পৰে, যেনে- সামৰিক বাহিনীৰ লগতে অৰ্ধ-সামৰিক বাহিনীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰু কৰ্তৃত্ব স্থাপন কৰা, ন্যায়ালয়ৰ তথা ন্যায়পালিকাৰ ওপৰত আধিপত্য স্থাপন কৰা। বিগত সময়চোৱাত শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে ন্যায়ালয়ৰ ওপৰত দলীয় আধিপত্য স্থাপনৰ বাবে অহৰহ চেষ্টা কৰি আহিছে যদিও সম্পূৰ্ণ সফল হোৱা নাই তথাপিও আংশিক ভাৱে সফল হৈছে বুলি ধৰিব পাৰি। উদাহৰণ হিচাপে প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী সম্পৰ্কীয় কথাটোকে ধৰিব পাৰি। সাধাৰণ লোকৰ এই ধৰণৰ বিসংগতিৰ বাবে চাকৰিৰ পৰাই বৰ্খাস্ত হোৱাটো নিশ্চিত আছিল। তদুপৰি শাসকীয় দলৰ বাবে অন্ততঃ লোকদৰ্শিত ভাৱে হলেও সংসদ আৰু বিধান সভা সমূহ বৰ্তাই ৰাখিলেও সেইবোৰত নিজৰ নিয়ন্ত্ৰণ আৰু আধিপত্য অক্ষুন্ন ৰখাটো জৰুৰী। সেই কাৰণেই নিৰ্বাচন ব্যৱস্থাটো লোকদৰ্শিত ভাৱে বাহাল ৰাখি সেইবোৰত দলীয় নিয়ন্ত্ৰণ আৰু আধিপত্য অক্ষুন্ন ৰখাৰ স্বাৰ্থতেই নিৰ্বাচন প্ৰক্ৰিয়াটো পোনতে নিজৰ কৰ্তৃত্ব আৰু নিয়ন্ত্ৰণত ৰাখিব লাগিব। আমাৰ দেশৰ প্ৰচলিত নিয়ম মতে যিটো নিৰ্বাচন আয়োগ আছে প্ৰথমতে সেইটোৰ ওপৰত শাসকীয় দলৰ নিয়ন্ত্ৰণ আৰু আধিপত্য স্থাপন কৰিব লাগিব।ইতিমধ্যে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ নিযুক্তিৰ ক্ষেত্ৰত যি বিধি ব্যৱস্থা আছিল সেইবোৰ পৰ্যায় ক্ৰমে আঁতৰোৱা হৈছে। মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত তিনিজনীয়া বাছনি সমিতিৰ পৰা ইতিমধ্যে দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰধান ন্যায়াধীশৰ ভূমিকাৰ অৱসান ঘটাই সেই ঠাইত প্ৰধান মন্ত্ৰীৰ মনঃপুত লোক এজনক লোৱাৰ ব্যৱস্থা কৰা হৈছে। পূৰ্বতে প্ৰধানমন্ত্ৰীৰ লগেত দেশৰ সংসদৰ বিৰোধী পক্ষৰ নেতা গৰাকীৰ উপৰিও দেশৰ মুখ্য ন্যায়াধীশ সদস্য আছিল, এতিয়াৰ সংশোধিত নিয়মমতে সেই সমিতিত প্ৰধানমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰী থকাৰ ব্যৱস্থা হোৱাৰ উপৰিও প্ৰধানমন্ত্ৰীৰ মনঃপুত লোক এজন সেই সমিতিৰ সদস্য হব পাৰে। তাৰ মানে শাসকীয় দলে বিচৰা লোক এজনেই মুখ্য নিৰ্বাচন আয়ুক্ত হোৱাটো খাটাং। সাম্প্ৰতিক সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীসহ গোটেই নিৰ্বাচন আয়োগটোৱেই বিজেপি দলৰ এটা শাখাত পৰিণত কৰা হৈছে, সেয়ে অন্য বিৰোধী দলৰ কোনো প্ৰাৰ্থীয়েই নিৰ্বাচন জিকাৰ আশা নাই, কেৱল ইভিএমৰ গ্ৰহণযোগ্যতা প্ৰতিপন্ন কৰিবলৈ অ’ত-ত”ত দুই এটাক জিকাই দিয়াৰ সম্ভৱনা আছে, যিটো বৰ্তমান হৈ আছে। এই ধৰণৰ ব্যৱস্থাত কোনো বিৰোধী দলেই কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ সম্বৱনাই নাই। লগতে ৰাজ্য সমূহৰ ক্ষেত্ৰতো একেই অৱস্থা। ৰাজ্য সমূহতো, দক্ষিণৰ কেইখনমান ৰাজ্য বাদ দি, অইনত বিশেষকৈ উত্তৰ আৰু পূৰ্ৱ ভাৰতত বিৰোধীৰ কোনো ভৱিষ্যতেই নাই। অতি সম্প্ৰতি বিহাৰ বিধান সভাৰ নিৰ্বাচনে সেইটো জলজল-পটপটকৈ দেখুৱাই দিছে।

তদুপৰি ভোট গ্ৰহণ কাৰ্যত ইভিএম থাকিলে কোনো দলেই চৰকাৰ গঠন কৰাৰ জোখাৰে নিৰ্বাচনত জয় লাভ কৰাৰ কোনো সম্বৱনাই নাই। দেশৰ সুজন সকলৰ মাজত এইটো সবিস্তাৰে জ্ঞাত যে ইভিএমৰ নিয়ন্ত্ৰণত বিজেপিৰ চাৰিজন অতি গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী লোক জড়িত আৰু তেওঁলোকৰ নিৰ্দেশ আৰু তত্বাৱধানত ইভিএম পৰিচালনা কৰা হয়, তেনে ক্ষেত্ৰত বিৰোধী দলৰ কোনো প্ৰাৰ্থীয়েই নিৰ্বাচনত জয় লাভ কৰাৰ তিলমানো আশা নাই। বিজেপিৰ আমোলত বিগত কালছোৱাত অনুষ্ঠিত নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ বাহিৰে অন্য প্ৰাৰ্থীয়ে চৰকাৰ গঠন কৰিব পৰাকৈ জয় লাভ কৰা নাই, জয় লাভ কৰাৰ পৰিবেশেই নাই। তাতে আকৌ মোদীৰ কোলাত বহি সাংবাদিকতা কৰা সাংবাদিক সকলে নিৰ্বাচনৰ ভোট দান প্ৰক্ৰিয়া চলি থাকোতেই আৰু ভোট দান প্ৰক্ৰিয়াৰ অন্ত পৰাৰ লগে লগেই তথাকথিত Exit Poll ৰ গইনা লৈ বিজেপি আৰু তেওঁলোকৰ সহযোগী দলৰ প্ৰাৰ্থীয়ে জয় লাভ কৰি চৰকাৰ গঠন কৰিব বুলি ঢাক-ঢোল বজাবলৈ আৰম্ভ কৰি দিয়ে। মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকী শাসকীয় দল বিজেপিৰ মাত্ৰ চাবি দিয়া পুতলাত পৰিণত হৈ পৰিছে।

পূৰ্বতে দেশৰ বিশ্ববিদ্যালয় সমূহ বহু পৰিমাণেই মুক্ত চিন্তাৰ কেন্দ্ৰ আছিল। এতিয়া সেইবোৰৰ অস্তিত্ব কেৱল নাগপুৰৰ ওচৰত বন্ধকত থোৱা লগুৱাৰ দৰে হৈছেগৈ।নাগপুৰৰ অনুগত আৰু বিশ্বস্ত তথাকথিত বিদ্বান কিছুমানক উপাচাৰ্যৰ পদবীত নিযুক্তি দি বিশ্ববিদ্যালয় সমূহৰ পৰা মুক্ত চিন্তাৰ পৰিবেশটো সম্পূৰ্ণ ৰূপে ধ্বংস কৰি পেলাইছে। সেইবোৰত কৰ্মৰত বহু বাঘা বাঘা অধ্যাপকেও নেজ পেলাই নিৰৱে থকাৰ ব্যৱস্থা কৰিছে! বিপদ শৈক্ষিক ক্ষেত্ৰলৈও সম্প্ৰসাৰিত হৈ পৰিছে। মত প্ৰকাশৰ অধিকাৰৰ অন্ত পৰিছে, পৰিবেশ ধ্বংস কৰি আনিছে।

ইভিএম থকাৰ পিছতো বৰ্তমান অন্য প্ৰকাৰেও ভোটা দাতা সকলক নিয়ন্ত্ৰণ কৰাৰ কটকটীয়া ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে। সেইটো হৈছে ভোটাৰ তালিকাত ঠিকনা বিহীন লোকৰ নাম অন্তৰ্ভুক্ত কৰি ভোট লাভ কৰিবলৈ কৰা চেষ্টা বা অভিসন্ধি। ইতিমধ্যেই কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত এই ধৰণৰ ভোটৰ জৰিয়তে বিজেপিয়ে নিৰ্বাচনত জয় লাভ কৰিছে বুলি বিস্তৃত তথ্য প্ৰমাণ বিভিন্ন ঠাইত আৰু মঞ্চত দাখিল কৰা হৈছে, কিন্ত্ত কোনো কাম হোৱা নাই। অসমত আগন্তক বিধান সভাৰ নিৰ্বাচনত যাতে দেখ দেখকৈ ঠিকনাবিহীন অৰ্থাত বহিঃৰাজ্যৰ লোকে ভোটাৰ তালিকাত নাম ভৰ্তিৰ জৰিয়তে ভোট দান কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। অসমত বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনৰ বাবে দলটো আৰু মুখ্য মন্ত্ৰীজন জনসাধাৰণৰ ৰোষত পৰিছে আৰু নিৰ্বাচনত যে পৰাজয়বৰণ কৰিব সেইটো নিশ্চিত হৈ পৰিছে।গতিকেই পৰিত্ৰাণৰ উপায় হিচাপে বহিঃৰাজ্যৰ লোকক বিজেপিক ভোট দিয়াবলৈ প্ৰক্ৰিয়া এটা চালু কৰিবলৈ লোৱা হৈছে। সেই মৰ্মে নিৰ্বাচনৰ তথা ভোট প্ৰদানৰ দুদিন আগত হলেও বহিঃৰাজ্যৰ লোকক অসমৰ ভোটাৰ তালিকাত নাম ভৰ্তি কৰি বিজেপিক জিকাবলৈ আঁচনি কৰা হৈছে। পূৰ্বে উল্লেখ কৰি অহা ৰাজ্য সমূহৰ দৰে ইয়াতো ঠিকনাবিহীন লোকক ভোট দিয়াবলৈ পাক্কা আঁচনি কৰা হৈছে,ৰাজ্য খনৰ মুখ্য নিৰ্বাচনী বিষয়াই ইতিমধ্যে এই দিশত জাননী জাৰি কৰিছে।

অন্য ৰাজ্যত গোপনে কৰা আঁচনি সুচাৰুৰূপে কাৰ্য্যকৰীকৰণ কৰাৰ পিছত এইবাৰ অসমত সেইটো মুকলিভাৱেই কৰিবলৈ লোৱা হৈছে। স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত পূৰ্বৰে পৰা পৃথক পৃথক ভৌগোলিক এলেকাত ঐতিহাসিক ভাৱে বৰ্তি থকা জনগোষ্ঠী সমূহৰ ভাষিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক ঐতিহ্য আৰু বৈশিষ্ট্য পৰম্পৰাসমূহৰ সংৰক্ষণৰ স্বাৰ্থ আৰু প্ৰয়োজনতেই পৃথক ভাষিক ৰাজ্য বা প্ৰদেশৰ সৃষ্টি এক ঐক্যবদ্ধ দেশৰ সৃষ্টি কৰা হৈছিল। কিন্তু এতিয়া সৃষ্টি কৰা ঠিকনাবিহীন তথা পৰিভ্ৰমী ভোটাৰে (MOBILE VOTER)সেই পৰিকাঠামোৰ অন্ত পেলাব বুলি নিশ্চিত ভাৱেই ক’ব পাৰি। এইটোৱে আমাৰ দেশৰ সংঘীয় ৰাষ্ট্ৰৰ স্বাভাৱিকতাৰ ওপৰতো কুঠাৰঘাত কৰিব।হয়তো এই কাৰ্যৰ জৰিয়তে বিজেপি চৰকাৰে এক জাতি এক নিৰ্বাচন, আৰু পিছত  এক নেতাৰ, ধাৰণাক সাকাৰ ৰূপ দিবলৈ বিচাৰিছে। সেইটো বাস্তৱত পৰিণত হলে অসম সম্পূৰ্ণ ৰূপে নিশেষ হব। আগন্তক নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদানৰ দুদিন আগতেও যদি অন্য ৰাজ্যৰ লোকে আহি ভোটাৰ তালিকাত নাম ভৰ্তিৰ বাবে আবেদন কৰে তেনেহলে সেই ব্যক্তি অসমত ভোটাধিকাৰ দিয়া হব। অসমত আগন্তক নিৰ্বাচনত বিজেপিৰ জিকাৰ সম্ভৱনা একেবাৰেই নোহোৱা হৈ পৰিছে, প্ৰথমতে বিজেপিৰ অপশাসনৰ বাবে আৰু দ্বিতীয়তে জুবিন গাৰ্গৰ আকস্মিক আৰু সন্দেহজনক মৃত্যু তথা হত্যাৰ বাব। গতিকেই চৰকাৰে অন্য ৰাজ্যৰ বিশেষকৈ বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, দিল্লী,গুজৰাট, মধ্য প্ৰদেশৰ লোকক অসমত ভোটাধিকাৰ প্ৰদান কৰি সেইবোৰৰ জৰিয়তেই নিৰ্বাচন জিকাৰ কৌশল প্ৰয়োগ কৰিবলৈ লৈছে।চৰকাৰৰ এই কাৰ্য যি কোনো মূল্যৰ বিনিময়ত বাতিল কৰিবলৈ যত্ন কৰিব লাগিব, নহলে অসম সম্পূৰ্ণৰূপে নিশেষ হৈ যাব। অসমত সংশোধিত নাগৰিকত্ব আইন বলবৎ কৰিবলৈ লোৱাৰ লগে লগেই মেঘালয় আদি চুবুৰীয়া ৰাজ্যই নিজ নিজ ৰাজ্যত Inner Line Permit ব্যৱস্থাৰ প্ৰবৰ্তনৰ দাবী তুলিছিল আৰু হয়তো তেওঁলোকে নিজৰ ৰাজ্যত অইন ৰাজ্যৰ লোকক প্ৰবেশ আৰু বাসস্থানৰ সুবিধা দিয়াৰ বিপৰীতে ব্যৱস্থা গ্ৰহণ কৰিছে,তেনেক্ষেত্ৰত আমাৰ ৰাজ্য খন অন্য ৰাজ্যৰ লোকৰ বাবে ভোটাধিকাৰৰ বাবে মুকলি কৰি দিলে সৰ্বনাশ হৈ পৰিব। গতিকেই অসমৰ মানুহে অন্য সকলো কাম কাজ বাদ দি কেৱল এই নতুন ব্যৱস্থাটো সম্পূৰ্ণ ৰূপে বাতিল কৰিবলৈ একান্ত মনে মনোনিৱেশ কৰিব লাগে,সেইটো নকৰিলে পিছত আৰু হা-হুমুনিয়াহ কাঢ়িলে কোনো কামত নাহিব। গতিকে এই ব্যৱস্থাক এতিয়াই প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিব লাগিব। মোৰ ধাৰণা যে বিজেপি দলটোৱে দেশৰ ভিতৰতে বিজেপিৰ ৪|৫ লাখমান লোকক ভেৰোণীয়া ভোটাৰ হিচাপে মকৰল কৰি থৈছে আৰু য’তেই প্ৰয়োজন হয় তাতেই  তেওঁলোকক লৈ গৈ ভোট দিয়াই নিৰ্বাচন জিকাৰ ফন্দি পাতিছে।