ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

পৰিৱেশ কৰ্মী বেন পেনিংছৰ বিৰুদ্ধে আইনী যুঁজত পৰাজয় স্বীকাৰ আদানীৰ

পৰিৱেশ কৰ্মী বেন পেনিংছৰ বিৰুদ্ধে আদানী গ্ৰুপে বহু বছৰ ধৰি চলাই অহা গোচৰ প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে। বুধবাৰে কুইন্সলেণ্ডৰ উচ্চতম ন্যায়ালয়ে এই নিষ্পত্তিত অনুমোদন জনোৱাৰ লগে লগে চাৰে পাঁচ বছৰীয়া আইনী যুঁজখন আনুষ্ঠানিকভাৱে সমাপ্ত হয়।

গেলিলী ব্লকেড গোটৰ পেনিংছে ২০২০ চনৰ পৰা আদানীৰ আইনী ব্যৱস্থাৰ সন্মুখীন হৈ আহিছে। কোম্পানীটোৱে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল যে তেওঁ অষ্ট্ৰেলিয়াৰ বৃহৎ কাৰ্মাইকেল কয়লা খনিটোৰ ক্ষতি কৰাৰ চেষ্টা কৰাৰ লগতে যোগানকাৰী আৰু শ্ৰমিকসকলক হাৰাশাস্তি কৰিছিল। এটা সময়ত আদানীয়ে ৬০ কোটি ডলাৰ পৰ্যন্ত ক্ষতিপূৰণ বিচাৰিছিল। কিন্তু এতিয়া, তেওঁলোকে ধনৰ বাবে সকলো দাবী প্ৰত্যাহাৰ কৰিছে।

এই চুক্তিৰ অংশ হিচাপে পেনিংছে প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ আদানীৰ গোপনীয় ব্যৱসায়িক তথ্য নিবিচৰে বা আন কাৰোবাক সেই তথ্য প্ৰদান নকৰে। ইয়াৰ বিপৰীতে, কোম্পানীটোৰ বিৰুদ্ধে তেওঁৰ প্ৰতিবাদৰ ওপৰত জাৰি কৰা পাঁচ বছৰীয়া নিষেধাজ্ঞাও প্ৰত্যাহাৰ কৰা হৈছে।

এই বিবাদ আৰম্ভ হৈছিল যেতিয়া আদানীয়ে কোনো জাননী অবিহনে কোম্পানীৰ গোপনীয়তা চুৰি কৰাৰ প্ৰমাণ বিচাৰি পেনিংছৰ ঘৰত অভিযান চলাবলৈ চেষ্টা কৰিছিল। ইয়াৰ উপৰিও আদানীয়ে পেনিংছৰ পৰিয়ালৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ এজন ব্যক্তিগত তদন্তকাৰীও নিয়োগ কৰিছিল।

পেনিংছে সদায় এই গোচৰটোক “SLAPP” বুলি অভিহিত কৰি আহিছে। তেওঁ ইয়াক সমালোচকৰ মুক্ত কণ্ঠক স্তব্ধ কৰাৰ লক্ষ্যৰে কৰা এক আইনী আক্ৰমণ (Strategic Lawsuit Against Public Participation) বুলি উল্লেখ কৰে। তেওঁ কয় যে এই গোচৰটো অষ্ট্ৰেলিয়াৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া, আটাইতকৈ ডাঙৰ আৰু ব্যয়বহুল গোচৰ আছিল।

সাংবাদিকৰ আগত পেনিংছে কয় যে আদানীয়ে মোক উদাহৰণ হিচাপে লৈ আনক ভয় খুৱাবলৈ চেষ্টা কৰিছে। তেওঁ দৃঢ়তাৰে কয়, “এই কৰ্পৰেট এছএলএপিপি গোচৰসমূহ গণতন্ত্ৰৰ ওপৰত আক্ৰমণ। চৰকাৰে ইয়াক নিষিদ্ধ কৰা উচিত, **যিদৰে** আমেৰিকা আৰু ইউৰোপৰ কিছু অংশত কৰা হৈছে।”

আদানীৰ অষ্ট্ৰেলিয়ান শাখা ব্ৰাভাছ মাইনিং এণ্ড ৰিচ’ৰ্ছৰ পৰিচালক মিক ক্ৰ’ৱে কয় যে গোচৰটো কেতিয়াও নগদ ধনৰ বাবে নাছিল। তেওঁ কয়, “আমি কেৱল বিচাৰিছিলো যে পেনিংছে আমাৰ শ্ৰমিক আৰু যোগানকাৰীক হাৰাশাস্তি কৰা বন্ধ কৰক।”

আদানীয়ে দাবী কৰে যে পেনিংছে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ঠিকাদাৰক ভয় খুৱাই কাম এৰিবলৈ লক্ষ্য কৰিছিল। তেওঁলোকে ড্ৰিলিং জায়ান্ট ডাউনাৰৰ দৰে প্ৰতিষ্ঠানক উদাহৰণ হিচাপে উল্লেখ কৰে।

এতিয়া আইনী বাধাৰ পৰা মুক্ত হৈ পেনিংছে কাৰ্মাইকেল খনিৰ বিৰুদ্ধে প্ৰতিবাদত পোনপটীয়াকৈ জপিয়াই পৰাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ কয়, “প্ৰকৃতিসুৰক্ষাৰ যুঁজ আগলৈ অব্যাহত থাকিব।”