ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা – নিটাল

নিটাল

নামঘৰৰ বৰকাঁহত কোব পৰিল,

ওলাই আহ।

গঞা টোপনিত।

সাৰ পোৱা নাই।

কাইলৈ বানপানী আহি

গাওঁ উটুৱাই নিব।

বৰকাঁহৰ মাত

জঁকাবোৰৰ ওপৰত

আলোড়ন হৈ ৰ’ব।

——